/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fa1817ae-1acd-4ef3-8260-b20949fe73ae/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত সংঘটিত হৈছে ছাত্ৰৰ সলিল সমাধিৰ ঘটনা। সমনীয়াৰ সতে গৌৰাং নৈত গা-ধুৱলৈ গৈ সলিল সমাধি ঘটিল ছাত্ৰ সানশ্ৰাং নাৰ্জাৰীৰ। সানশ্ৰাং নাৰ্জাৰী বালাগাঁৱৰ চেইণ্ট এনচ্ কলেজৰ ( St. Anns College) উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল।
ছাত্ৰগৰাকীৰ ঘৰ চিৰাং জিলাৰ কয়লাময়লাৰ হাতিমাৰাত। চেইণ্ট এনচ্ কলেজৰ হোষ্টেলত থাকি অধ্যায়ন কৰিছিল ছাত্ৰগৰাকীয়ে। পৰিয়ালৰ অভিযোগ ৭ জন সমনীয়াই হত্যা কৰিছে সানশ্ৰাং নাৰ্জাৰীক। উল্লেখ্য শনিবাৰৰ বিয়লিৰে পৰা সন্ধানহীন আছিল ছাত্ৰগৰাকী। আৰু দেওবাৰৰ পুৱাৰ ভাগত গৌৰাং নদীৰ পৰা উদ্ধাৰ কৰা হয় সানশ্ৰাঙৰ মৃতদেহ।
ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকক বহু পলমকৈ জনোৱাৰ অভিযোগ। পৰিয়ালৰলোকে অৱগত কৰা অনুসৰি নিশা ১১ মান বজাতহে কৰ্তৃপক্ষই অৱগত কৰিছিল পৰিয়ালক। যাৰ বাবে ফাদাৰ-চিষ্টাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ। ইয়াৰ পাছতেই ক্ষুব্ধ ৰাইজে চেইণ্ট এনচ্ কলেজৰ হোষ্টেলৰ আচবাব ক্ষতিসাধন কৰে।
দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী পৰিয়ালৰ। সম্প্ৰতি উত্তপ্ত হৈ পৰিছে চেইণ্ট এনচ্ কলেজৰ হোষ্টেল চৌহদ। আনহাতে আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
Also Read: মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ পুত্তলিকা দাহেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ