ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাব্ৰতী,শৰণাচাৰ্য ক্ষীৰোদ বৰাৰ বিয়োগ

প্ৰগতিশীল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জ্যেষ্ঠ শৰণাচাৰ্য হিচাপে আমৃত্যু সেৱা আগবঢ়াই যোৱা বৰাই অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আমৃত্যু জড়িত আছিল
ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাব্ৰতী,শৰণাচাৰ্য ক্ষীৰোদ বৰাৰ বিয়োগ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ সমাজহিতৈষী,প্ৰবীণ শিক্ষাব্ৰতী ,ধৰ্মপ্ৰাণ জ্যেষ্ঠ নাগৰিক ক্ষীৰোদ বৰাৰ দেহাৱসান ঘটে।শনিবাৰে নিশা প্ৰায় ৮-০০ বজাত ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰি গাঁৱৰ নিবাসত প্ৰায় ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিনয়ী ব্যক্তিজনে।

বাৰ্ধক্যজনিত কাৰণ আৰু কিছু ৰোগত আক্ৰান্ত হোৱা বৰাৰ আকস্মিক দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত লখিমপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত নিজা বাসগৃহলৈ অনা হৈছিল । ঘৰলৈ অনাৰ পাছতে বৰাৰ অকস্মাৎ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটি শেষ নিশ্বাস ত্যাগ কৰে ।

পশ্চিম মাছখোৱা অঞ্চলৰ এগৰাকী প্ৰাতঃ স্মৰণীয় শিক্ষাবিদ হিচাপে পৰিচিত বৰাই হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱনৰ পাতনি মেলি ২০০৪ চনত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাবে অৱসৰ গ্ৰহণ কৰিছিল । অধ্যাত্মিকতাত বিশ্বাসী বৰাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদর্শ আৰু মাৰ্গ দৰ্শনৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত এক অতুলনীয় আৰু অগ্ৰণী ভূমিকা গ্ৰহণ কৰি গৈছে ।

প্ৰগতিশীল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জ্যেষ্ঠ শৰণাচাৰ্য হিচাপে আমৃত্যু সেৱা আগবঢ়াই যোৱা বৰাই অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আমৃত্যু জড়িত আছিল। তাৰোপৰি কৰ্মচাৰী পৰিষদৰো এগৰাকী সদা সক্ৰিয় কাণ্ডাৰী হিচাবে সেৱা আগবঢ়াই যোৱা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী অতি বিনয়ী জ্যেষ্ঠ নাগৰিকৰ বিয়োগৰ খবৰে শোকৰ বন্যা বোৱাইছে ঢকুৱাখনাত।

বৰাৰ বিয়োগৰ খবৰ পাই গুণমুগ্ধ ৰাইজ ,ইষ্ট কুটুম্ব ,বিভিন্ন সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়া,হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়াল মৃতকৰ ঘৰত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলিৰে চিৰ বিদায় জনায়। বৰাৰ বিয়োগত হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল আৱাল খান, জ্যেষ্ঠ শিক্ষক অতুল চুতীয়া ,বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়া প্ৰমুখ্যে বিদ্যালয় পৰিয়ালে শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনা কৰে।

লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত বৰাই পত্নী পদ্মা বৰা ,দুই পুত্ৰ আৰু এগৰাকী কন্যাসহ অজস্ৰ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ।

ঢকুৱাখনাৰ প্ৰবীণ শিক্ষাব্ৰতী,শৰণাচাৰ্য ক্ষীৰোদ বৰাৰ বিয়োগ
আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in