আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে

'কা' আন্দোলনৰ সময়চোৱাত উদাত্ত প্ৰতিবাদী কণ্ঠ হৈ গৰজি উঠিছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে। কা আন্দোলনৰ অন্যতম প্ৰতিবাদী কণ্ঠস্বৰূপ নেতাগৰাকীয়েও এতিয়া যোগ দিব ৰাষ্ট্ৰীয় দল বিজেপিত

author-image
Asomiya Pratidin
New Update
আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে

ডিজিটেল ডেস্ক : আজি ৰাজ্যিক বিজেপিৰ বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হ'ব। এই যোগদান সমাৰোহত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্ন মন্ত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তৰ লগতে ভালেকেইগৰাকীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিত যোগদান কৰিব।

Advertisment

উল্লেখ্য যে 'কা' আন্দোলনৰ সময়চোৱাত উদাত্ত প্ৰতিবাদী কণ্ঠ হৈ গৰজি উঠিছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে। কা আন্দোলনৰ অন্যতম প্ৰতিবাদী কণ্ঠস্বৰূপ নেতাগৰাকীয়েও এতিয়া যোগ দিব ৰাষ্ট্ৰীয় দল বিজেপিত।

ইতিমধ্যে নেতাগৰাকীয়ে যোগদান কৰাটো নিশ্চিত হৈছে। অপেক্ষা মাথোঁ আনুষ্ঠানিকতাৰহে। দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিতব্য যোগদান সমাৰোহত শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতত দীপাংক নাথসহ ভালেকেইগৰাকী নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব।

'কা' আন্দোলন সন্দৰ্ভত আছুৰ প্ৰাক্তন সভাপতি নাথে কয় যে, দলে যি দায়িত্ব অৰ্পণ কৰিব সেই দায়িত্ব তেওঁ পালন কৰি যাব। আওপকীয়াকৈ 'কা'ৰ সমৰ্থনত নেতাগৰাকী। পূৰ্বৰ স্থিতিত যেন লৰ-চৰ দীপাংক নাথ। একাংশৰ বুকুত আঘাত হানি বিজেপিমুখী হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে।

ইফালে শনিবাৰে কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিছে। গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদকে ধৰি সকলো দায়িত্ব ত্যাগ কৰি পদত্যাগ পত্ৰ জমা দিছে। জানিব পৰামতে ইয়াৰ পিচতে দেওবাৰে নেত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।

Also Read: চাপৰৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা

bjp bhupen bora bhabesh kalita assam bjp ALL ASSAM STUDENT UNION BISMITA GOGOI DIPANKA NATH