বন্ধুক হত্যা কৰাৰ অভিযোগঃ ঘিলামৰা থানাত অব্যাহত জেৰা

বন্ধুক হত্যা কৰাৰ অভিযোগঃ ঘিলামৰা থানাত অব্যাহত জেৰা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এক বৰ্বৰ হত্যাকাণ্ডই জোকাৰিছে ঢকুৱাখনা। মেৰুদণ্ড খণ্ড বিখণ্ডকৈ চুৰমাৰ কৰি, সৰ্ব শৰীৰত অমানুষিক নিৰ্যাতন চলাই গুহ্যদ্বাৰ ক্ষতবিক্ষত কৰা এক সুপৰিকল্পিত পাশৱিক হত্যাকাণ্ড। একান্ত বিশ্বাসী বন্ধুৰ দ্বাৰাই এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠা নাৰকীয় হত্যাকাণ্ডই জোকাৰিছে ঢকুৱাখনাক।

ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৱালদৈ বাটমাৰী গাঁৱৰ যুৱক অতুল শইকীয়া (লুলু)য়ে নিষ্ঠুৰ ঘাতকৰ হাতত প্ৰাণ এৰাৰ পাছত উত্তাল পৰিৱেশৰ সূচনা হৈছে গৃহভূমিত। ঘিলামৰা আৰক্ষীৰ তদন্তকাৰী বিষয়া উপ-পৰিদৰ্শক নাচিৰ খান, সহকাৰী উপ-পৰিদৰ্শক জানমণি দাসৰ নেতৃত্বত এই নিষ্ঠুৰ হত্যাকাণ্ডক পথ দুৰ্ঘটনা সজোৱাৰ এক গোপন চক্ৰান্ত পোহৰলৈ অহা বুলি গাঁওবাসী ৰাইজে মুকলি ভাবেই অভিযোগ অনাৰ পাছত ক্ষোভ-প্ৰতিবাদৰ জোৱাৰ উঠিছে ঘিলামৰাত।

ঘিলামৰা আৰক্ষীৰ এনে কাণ্ডজ্ঞানহীন স্থিতিৰ বাবে ন্যায়কামী ৰাইজৰ অসম আৰক্ষীৰ প্ৰতিয়ে আস্থা বিশ্বাস ভাঙি পৰাৰো অভিযোগ উঠিছে। এটা অভিযুক্তকাৰী বৰসোলা গাঁৱৰ  দিগন্ত কোঁচৰ পিতৃ আৰক্ষী হোৱাৰ বাবেই আৰক্ষীগৰাকীৰ কু-মন্ত্ৰণা অনুসৰি  সমগ্ৰ ঘটনা পথ দুৰ্ঘটনা সজাব বিচাৰি ঘিলামৰা আৰক্ষীৰ অৰ্থলোভী বিষয়া খান আৰু দাসে অন্য এক জঘণ্য অপৰাধ কৰাৰ বাবে চলোৱা চক্ৰান্তক ৰাইজে সহজভাৱে লোৱা নাই । শনিবাৰে এই সন্দৰ্ভত মৃতকৰ আত্মীয়ই জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রই গোচৰ ল'বলৈকো ইচ্ছা নকৰা, পথ দুর্ঘটনা বুলি কৈ আহত অতুল সুস্থ হ'লে সাক্ষ্য গ্ৰহণৰ পাছত গোচৰ লোৱাৰ কথা কোৱা আদি সকলো সন্দেহজনক কথা ব্যক্ত কৰিছে।

ঘিলামৰা আৰক্ষী বিষয়াৰ অভিযুক্তকাৰীৰ সৈতে মিতিৰালি প্ৰত্যক্ষ কৰি ৰাইজে ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা গাঁওবাসীৰ। সেয়ে এনেবোৰ অৰ্থলোভী আৰক্ষীক বদলি কৰি দক্ষ আৰক্ষী বিষয়া নিযুক্তিৰ জৰিয়তে আৰক্ষী অধীক্ষকৰ পৰিচালনাত গোচৰৰ তদন্ত কৰাৰ দাবী দেওবাৰে উত্থাপন কৰে। দেওবাৰে মৃতকৰ তিলনীৰ দিনা গাঁওবাসী অতুলৰ ঘৰত সমবেত হৈ এই বৰ্বৰ হত্যাকাণ্ডত জড়িত তিনি অভিযুক্তকাৰী ক্ৰমে- মাছখোৱা বিলতিয়া গাঁৱৰ হোমেন শইকীয়া, যোৰকতা গাঁৱৰ নিপু সন্দিকৈ আৰু বৰসোলা গাঁৱৰ দিগন্ত কোঁচক মৃত্যুদণ্ড বিহা, অসম আৰক্ষীৰ নিৰপেক্ষতাক জলাঞ্জলি দিয়া দুই অদক্ষ বিষয়া খান আৰু দাসক ঘিলামৰাৰ পৰা বদলি কৰা আদি ঐক্যবদ্ধ সিদ্ধান্ত গ্ৰহণ কৰি আৰক্ষী অধীক্ষকৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

ইপিনে ঘিলামৰা থানাত আত্মসমৰ্পণ কৰা তিনি অভিযুক্তকাৰীক নিৰন্তৰ জেৰা কৰিও ঘটনাৰ সম্ভেদ উলিয়াব পৰা নাই আৰক্ষীয়ে। জনা মতে প্ৰতিবাৰে অসংযত ভাবে ভাষ্য পৃথক আৰু সলনি কৰাৰ লগতে বাস্তৱ ঘটনাৰ তথ্য লুকুৱাবলৈ তিনিও চতুৰ অভিযুক্তই অহৰহ চেষ্টা কৰিছে। সঘনাই  ভাষ্যৰ সলনি কৰাৰ উপৰিও অন্যান্য সংগীসকলৰ সন্দৰ্ভত সঠিক তথ্য প্ৰকাশ নকৰাৰ বাবে আৰক্ষীয়ে প্ৰকৃত অপৰাধী চিনাক্ত কৰাত সমস্যাৰ সৃষ্টি হৈছে। অৱশ্যে তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে নিজৰ জিম্মাতলৈ ঘিলামৰা থানাত জেৰা অব্যাহত ৰখিছে।

বন্ধুক হত্যা কৰাৰ অভিযোগঃ ঘিলামৰা থানাত অব্যাহত জেৰা
দলীয় কৰ্মীলৈ ৰঞ্জিত দত্তৰ আহ্বান 'দলৰ প্ৰতি থকা আক্ষেপ দলৰ মাজতে সমাধান কৰক'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in