দলীয় কৰ্মীলৈ ৰঞ্জিত দত্তৰ আহ্বান 'দলৰ প্ৰতি থকা আক্ষেপ দলৰ মাজতে সমাধান কৰক'

বিহালী সমষ্টি অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰাত নিৰ্বাচন আয়োগক ধন্যবাদ। এই ক্ষেত্ৰত মোৰ মনত কোনো আক্ষেপ নাই...
দলীয় কৰ্মীলৈ ৰঞ্জিত দত্তৰ আহ্বান 'দলৰ প্ৰতি থকা আক্ষেপ দলৰ মাজতে সমাধান কৰক'

ডিজিটেল সংবাদ, বিহালীঃ বিহালী সমষ্টিৰ বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা, ভাৰতীয় জনতা পাৰ্টীৰ একালৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তৰ সংবাদমেল। সংবাদমেল যোগে বিধায়কগৰাকীয়ে সমষ্টি পুন নিৰ্ধাৰণত বিহালী সমষ্টি অনুসূচীত জাতীৰ বাবে সংৰক্ষণ কৰাৰ বাবে নিৰ্বাচনী আয়োগক ধন্যবাদ জ্ঞাপন। সংবাদমেলত তেওঁ কয় যে- ২০০১ চনৰ পৰা বিজেপি দলৰ হৈ বিহালী সমষ্টিৰ পৰা নিৰ্বাচন খেলি জয় হৈ আহিছো । বিজেপিৰ উত্তৰ অসমৰ প্ৰথম বিধায়ক আছিলো মই।

লগতে কয় যে- ২০০৯ চনত বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে থকাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিত যোগদান কৰোৱাইছিলো । কিন্তু বৰ্তমান কিছু কথাৰ কাৰণে দলৰ ক্ষতি হোৱা দেখা পাইছো। বিজেপি দলৰ কাৰ্যকৰ্তাসকলে মনত ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প লৈ দল কৰে। প্ৰথম ৰাষ্ট্ৰ, দ্বিতীয় দল আৰু তৃতীয়তহে ব্যক্তি।কিন্তু এতিয়া বিভিন্ন বাতৰিত নতুন আৰু পুৰণি বুলি এক কথাক লৈ বিতৰ্ক দেখা গৈছে।ভাৰতীয় জনতা পাৰ্টীত নতুন বা পুৰণি কোনো কথা নাই। এই শব্দটো কংগ্ৰেছ দলৰ পৰা অহা শব্দ।

কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টীৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ এনে কথা আনিছে।কংগ্ৰেছেহে এতিয়া বিজেপি দলৰ চিন্তা কৰিছে। নতুন পুৰণিৰ কথাটো বহলাই আছে কংগ্ৰেছে। ভাৰতীয় জনতা পাৰ্টীত নতুন পুৰণি বুলি কোনো নাই। এটা ৰাজনৈতিক দলত নতুন মানুহ আহিবই। নতুন মানুহক কাম কৰিবলৈ সুবিধা প্ৰদান কৰিলেহে দল আগবাঢ়িব। বিহালী সমষ্টি অনুসূচীত জাতীৰ বাবে সংৰক্ষণ কৰাৰ বাবে মোৰ মনত কোনো আক্ষেপ নাই। দলে মোক বহুত দিলে, ময়ো আৰু আশাও নকৰো।

লগতে গোহাঁইয়ে নতুনক আমি সুবিধা দিবই লাগিবই বুলি কৈ ৰাজেন গোহাঁইয়ে কিয় এনে মন্তব্য কৰিলে মই নাজানো, এইটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত মতামত বুলি সংবাদমেলত মত প্ৰকাশ কৰে। ভাৰতীয় জনতা পাৰ্টী এজন লোকৰ ওপৰত নিৰ্ভৰ কৰি চলা দল নহয়। তদুপৰি তেওঁ এখন ঘৰত ভাই-ককাইৰ মাজত কাজিয়া লাগেই কিন্তু সেইটো ঘৰৰ ভিতৰতে মিলাই ল'ব লাগে বুলি মন্তব্য কৰি ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাক সংবাদমেল যোগে আহ্বান যে- কাৰোবাৰ মনত যদি দলৰ প্ৰতি কিবা আক্ষেপ আছে সেইটো দলৰ মাজত আলোচনা কৰি সমাধান কৰক।

দলীয় কৰ্মীলৈ ৰঞ্জিত দত্তৰ আহ্বান 'দলৰ প্ৰতি থকা আক্ষেপ দলৰ মাজতে সমাধান কৰক'
বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰয়ৰ দেহাৱসান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in