বহিঃৰাজ্যত ঢকুৱাখনাৰ যুৱকৰ মৃত্যু

বহিঃৰাজ্যত ঢকুৱাখনাৰ যুৱকৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত ঢকুৱাখনাৰ যুৱকৰ মৃত্যু

ডিজিটেল সংবাদ,ঢকুৱাখনা : কৰ্ম সংস্থাপনৰ পম খেদি বহিঃৰাজ্যলৈ ঢাপলি মেলা কৰ্মক্ষম সুঠাম অসমীয়া যুৱক পুনৰ আক্ৰমণৰ বলিহৈ মৃত্যু হোৱাৰ খবৰ আহিছে। এইবাৰ ঢকুৱাখনা মহকুমাৰ এগৰাকী কৰ্মঠ যুৱক কেৰেলা লৈ কৰ্ম সংস্থাপন বিচাৰি ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে অবৰ্ণনীয় অত্যাচাৰৰ বলি  হৈ নিৰ্মম মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে।

Advertisment

ঘটনাৰ বিবৰণী অনুসৰি ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া গাঁৱৰ পুলিচ চুকৰ মজিন শইকীয়া (মথং )নামৰ প্ৰায় ৩৫ বছৰীয়া যুৱকজন যোৱা ২৪ ফেব্ৰুৱাৰীত স্বগৃহৰ পৰা ওলাই গৈছিল কেৰেলালৈ বুলি। মনত পুহি ৰখা অযুত সপোন বাস্তৱায়িত কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ঘৰৰ সৈতে সংযোগবিহীন হৈ আছিল।

ঘৰৰ একমাত্ৰ কৰ্মক্ষম যুৱকজনৰ এনে যোগাযোগবিহীন  অৱস্থাৰ মাজেৰে দুৰ্ভগীয়া পৰিয়ালটোৱে বিনিদ্ৰ ৰজনী কটোৱাৰ সময়তে এক অজ্ঞাত সূত্ৰৰ পৰা আহিছে এক মৰ্মান্তিক খবৰ। অন্ধপ্ৰদেশ ৰাজ্যৰ অংগোল নামৰ স্থানৰ পৰা এজন অজ্ঞাত ব্যক্তিয়ে নিজকে হায়দৰাবাদ আৰক্ষী বুলি চিনাকি দি যুৱকজনৰ ঘৰলৈ ফোন কৰে।

ফোনযোগে অৱগত কৰে যে, যুৱকজনক যাত্ৰা পথত অজ্ঞাত লোকে সৰ্বস্ব লুটি ট্ৰেইনৰ পৰা গতিয়াই বাহিৰলৈ পেলাই দিয়ে ।  পৰৱৰ্তী সময়ত অতি মুমূৰ্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলিও জানিবলৈ দিয়ে অজ্ঞাত ব্যক্তিজনে ।

এই সন্দৰ্ভত পৰিয়ালক অৱগত কৰাৰ পৰৱৰ্তী সময়ত এই বিশেষ ব্যক্তিজন সংযোগবিহীন হয় । উৎসুক উদগ্ৰীৱ পৰিয়ালে বাৰম্বাৰ এই বিশেষ ব্যক্তিজনৰ সৈতে ফোনযোগে সংযোগ কৰাৰ চেষ্টা কৰিও বিফল হয় । দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো ফোন বিশেষ ব্যক্তিগৰাকীয়ে গ্ৰহণ নকৰা আৰু গুৰুতৰভাৱে আহত ব্যক্তিজনৰ অৱস্থিতি পৰিয়ালটোক ব্যক্ত নকৰাত পৰিয়ালটো চিন্তিত হয়।

এনে সময়তে বুধবাৰে বিয়লি পূৰ্বৰ ব্যক্তিগৰাকীয়ে পুনৰ ঘৰলৈ ফোন কৰি যুৱকজনৰ মৃত্যুৰ বাতৰি দিয়ে । ঘৰৰ একমাত্ৰ উপাৰ্জন সক্ষম যুৱকজনৰ এনে মৰ্মান্তিক বিয়োগৰ খবৰ পাই দৰিদ্ৰ পৰিয়ালটোত কান্দোনৰ  ৰোল উঠে।।

ইতিমধ্যে দুৰ্ভগীয়া যুৱকজনৰ আত্মীয় অন্ধ্ৰপ্ৰদেশ লৈ বুলি যাত্ৰা কৰিছে। দুৰ্ভগীয়া পৰিয়ালটোৱে যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ সহায় কামনা কৰিছে ।

Also Read: লখিমপুৰ আৰক্ষীত ব্যাপক সাল-সলনি

Assam police dhakuakhana