/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/03819007-7f43-4677-b4b3-391c87a38920/Dhakua.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সাম্প্ৰতিক সময়ৰ অবক্ষয়ী সমাজ আৰু বিপথগামী যুৱ শক্তিক শৃঙ্খলিত আধ্যত্মিক মাৰ্গ দৰ্শনেৰে দীক্ষিত কৰাৰ প্ৰয়োজনীতা আহি পৰিছে। এনে জটিল সন্ধিক্ষণত জগত গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে এই পশ্চাদগামী সমাজখনক উত্তৰণমুখী আৰু শৃংখলিত কৰাৰ নিৰন্তৰ প্ৰয়াস চলাই গৈছে এগৰাকী বৈষ্ণৱে । নাম তেওঁৰ লাচিত খনিকৰ। ঘৰ ঢকুৱাখনা মহকুমাৰ কৰঙা গাঁৱত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/23a1b496-ac4b-45cf-b34b-cf4595c03a12/e7a894e9_b963_4db3_b5b0_37fb1f48ff00.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ একনিষ্ঠ সেৱক তথা গুৰুবাদ্য খোলৰ এগৰাকী সুনিপুন প্ৰশিক্ষক খনিকৰৰ জৰিয়তে ৰাজ্যজুৰি অব্যাহত আছে গুৰুবাদ্য বাদন কৰ্মশালা। বিশ্বনাথ জিলাত যোৱা ২ জুলাই পৰা ৯ জুলাইলৈ অনুষ্ঠিত কেন্দ্ৰীয় কৰ্মশালা, ৯ জুলাই পৰা ৯ আগষ্টলৈ এমহীয়া কাৰ্যসূচীৰে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত কৰ্মশালা, ঢকুৱাখনা জিলা নামঘৰত যোৱা ১৪ জুলাইৰ পৰা ২১ জুলাইলৈ অনুষ্ঠিত কৰ্মশালা, অহা ২৩ জুলাই পৰা ২৬ জুলাইলৈ ডিব্ৰুগড় জিলাত অনুষ্ঠিতব্য গুৰুবাদ্য বাদনৰ কেন্দ্ৰীয় কৰ্মশালাৰ প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ মাজত মহাপুৰুষ গুৰুজনাৰ গুণানুকীৰ্তন, শ্ৰৱণ আৰু বাদ্য বাদনৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদানত ব্ৰতী হৈ আহিছে যুৱকজন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c5f431d3-e361-427c-8e80-3ee8ecb78599/77f8a976_9e47_4240_b75b_fcdd1013c3d2.jpg)
সম্প্ৰতি বাসুদেৱ আশ্ৰম ঘিলামৰাৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এমহীয়া গুৰুবাদ্য বাদন কৰ্মশালাত ব্যস্ত এইগৰাকী একনিষ্ঠ বৈষ্ণৱ সেৱক খনিকৰ। ঢকুৱাখনা মহকুমাৰ ঘিলামৰা অঞ্চলৰ ২২গৰাকী শিশু কিশোৰক বাসুদেৱ আশ্ৰম প্ৰাংগণত এমহীয়া কাৰ্যসূচীৰে গুৰুবাদ্য খোল আৰু তালৰ গাণিকাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে খনিকৰজনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a8739f26-63c4-45ff-aa7c-a31cd487c38f/aff48c42_ae3b_42fc_941a_bf30f801939f.jpg)
গায়ন-বায়নৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ লগতে স্বৰলিপিৰ শিকন প্ৰদান কৰি নৱ প্ৰজন্মক আধ্যাত্মিকতাৰ মাৰ্গ দৰ্শন দি আহিছে তেওঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এনে অপূৰ্ব সৃষ্টিৰাজিৰ শ্ৰৱণ আৰু বাদনৰ শিকনেৰে এখন পৰিশীলিত আৰু সু-শৃঙ্খলিত সমাজ গঢ়াত যুৱ প্ৰজন্ম বহুলাংশে সক্ষম হ'ব বুলি আশাবাদী গুৰুজনাৰ একান্ত সেৱকগৰাকী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ খোল বাদ্যৰ মুখ্য প্ৰশিক্ষক হিচাবে সেৱা আগবঢ়াই অহা খনিকৰ বাপজনাৰ এনে মহৎ প্ৰয়াস বাস্তৱিকতে শলাগনীয় আৰু অনুকৰণীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/fef4595b-2d3d-443f-a3e1-c90d14a1de7c/cbf2d873_d1a9_4250_997f_9e7ee8a6de4b.jpg)
Also Read: ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ ৰাজ্য চৰকাৰৰ...