ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ ৰাজ্য চৰকাৰৰ...

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ ৰাজ্য চৰকাৰৰ

author-image
Asomiya Pratidin
New Update
APDCL লৈ ১৫০ কোটি, স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ২,৫২৯.১৭ কোটিত অনুমোদন..

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ ৰাজ্য চৰকাৰৰ। এক সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

সিদ্ধান্ত মৰ্মে জলসম্পদ বিভাগে ৭২ কিঃমিঃ মথাউৰি নিৰ্মাণৰ বাবে ২০৯৭ কোটি টকা ঋণ ল’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এছিয়ান ডেভলেপমেণ্ট বেংকৰ পৰা ল’ব এই ঋণ। আন এক সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ অৱসৰপ্রাপ্ত কিছু বিষয়াক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিভাগীয় অনুসন্ধান কৰাৰ বাবে অৱসৰপ্ৰাপ্তসকলক তদন্ত বিষয়া হিচাবে নিযুক্তি দিয়া হ’ব।

উল্লেখ্য প্রতিটো গোচৰৰ তদন্তৰ বাবদ বিষয়াসকলক ১ লাখ টকা পাৰিশ্ৰমিক দিব ৰাজ্য চৰকাৰে। ইপিনে বিজুলী ব’ৰ্ডক ২৬৫ কোটি ৰাজ সাহায্য দিয়াৰো সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। গুৱাহাটীৰ পানী যোগান সম্পূৰ্ণ কৰিবৰ বাবে L&Tক দায়িত্ব দিয়াৰ কথাও সংবাদ মাধ্যমত অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তদুপৰি জি এম ডি এৰ পৰিৱৰ্তে এই আঁচনি দিয়া হ’ব জল বোৰ্ডক। সমান্তৰালভাবে অসমত ২ অক্টোবৰৰ পৰা ১ লিটাৰৰ তলত পানীৰ বটল বিক্রী কৰাৰ নিষিদ্ধও প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকত।

Also Read: মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ ও ৰাজ্য চৰকাৰ ভংগৰ আহ্বান...

GOVT OF ASSAM cm himanta biswa sarma