ঢকুৱাখনা জলসম্পদ উপ-সংমণ্ডলৰ নতুন এছ ডি অ'ৰ কাৰ্যভাৰ গ্ৰহণ

ঢকুৱাখনা জলসম্পদ উপ-সংমণ্ডলৰ নতুন এছ ডি অ'ৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা জলসম্পদ উপ সংমণ্ডল-১ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগুক ৰাজ্য চৰকাৰে লখিমপুৰ জিলা জলসম্পদ সংমণ্ডললৈ বদলি কৰিছে। লখিমপুৰ জিলা জলসম্পদ সংমণ্ডলৰ মান নিৰূপণ ( কোৱালিটি কন্ট্ৰল) শাখাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাবে নিযুক্তি দিছে পেগুক।

যোৱা ২০১৭ চনৰ ৫ জানুৱাৰীত সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাবে যোগদান কৰা পেগুৰ স্থলাভিসিক্ত কৰা হৈছে লক্ষী নাথ ফুকনক । সেই অনুসৰি শুক্ৰবাৰে বিয়লি নৱনিযুক্ত সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনক বিভাগীয় দায়িত্বভাৰ অৰ্পণ কৰে পেগুৱে।

এই সন্দৰ্ভত উপ সংমণ্ডলটোৰ কাৰ্য্যালয় কক্ষত অনুষ্ঠিত কৰা হয় দায়িত্বভাৰ অৰ্পণ গ্ৰহণ সম্পৰ্কীয় এখন সভা। জলসম্পদ সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো,সহকাৰী অভিযন্তা ৰাজীৱ বৰগোঁহাই,ৰুণাল্ট চেতিয়া পাত্ৰ,কনিষ্ঠ চিত্ৰৰঞ্জন পেগু,অৰিন্দম সন্দিকৈ,প্ৰকাশ শইকীয়াকে প্ৰমুখ্য কৰি সংমণ্ডল আৰু উপ সংমণ্ডলটোৰ সমূহ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

সভাত বদলি হোৱা সহকাৰী কাৰ্যবাহী অভিযন্তা পেগুক বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ তৰফৰ পৰা গামোচা,গ্ৰন্থ সম্ভাৰ আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয় । উপ সংমণ্ডলটোত যোগদান কৰি বিগত প্ৰায় ৭ বছৰীয়া কাৰ্যকালত সহকৰ্মী সকলৰ অকুণ্ঠ সহযোগিতাৰে উপ সংমণ্ডলতোৰ চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰ শলাগ লয় বিদায়ী এছ ডি অ' পেগুৱে। সভাত নৱনিযুক্ত এছ ডি অ ফুকনক গামোচা পিন্ধাই আদৰণি জনোৱা হয়।

ঢকুৱাখনা জলসম্পদ উপ-সংমণ্ডলৰ নতুন এছ ডি অ'ৰ কাৰ্যভাৰ গ্ৰহণ
এইডছ ! দেশৰ ভিতৰতে শীৰ্ষত উত্তৰ-পূব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in