/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c3d2d83a-1b58-4a35-85a9-47c41bfb70e3/Jalahampod.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অৱশেষত গোর্খালি বান্ধৰ স্থায়ী সুৰক্ষাত নামিল ঢকুৱাখনা জলসম্পদ বিভাগ। লাইপুলিয়া নদীৰ বিধ্বংসী গৰাখহনীয়াই পশ্চিম মাছখোৱা অঞ্চলৰ বৃহত্তৰ কঠালগুৰি গোর্খালি গাঁৱত বিগত কেইবা দশক ধৰি নদীপৰীয়াৰ ঘৰ, বাৰী, খেতি-পথাৰ, মন্দিৰ আদি নিশ্চিহ্ন কৰি আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8a4e24ce-0aed-4974-8a96-99ddac0cd9ac/efb449c3_d214_444e_ba5f_039a835f5334.jpg)
গাঁওখনৰ ৯০ টা চহা পৰিয়ালক সৰ্বশ্ৰান্ত কৰি অহা এই লাইপুলিয়া নদীখনৰ ধাৰাবাহিক তাণ্ডৱ সন্দৰ্ভত যোৱা ১৬ জুলাইত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত এক বাতৰি প্ৰকাশ হৈছিল। এই বাতৰিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাবে লখিমপুৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত জলসম্পদ বিভাগে ক্ষীপ্ৰ গতিত প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰিছে। ঢকুৱাখনা জলসম্পদ উপ সংমণ্ডলৰ অধীনত খহনীয়াগ্ৰস্ত এলেকাত আৰম্ভ কৰিছে পকী পৰ্কিউপাইন সংস্থাপনৰ কাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1f91cba5-6c48-4589-bb36-be761ae66bbe/a5f5bb99_345a_45ae_8380_bedbbb26e75c.jpg)
যোৱা ২৭ জুলাইৰ পৰা মথাউৰীটোৰ স্পর্শকাতৰ অংশসমূহত এই পৰ্কিউপাইন পেলাই খহনীয়া ৰোধৰ প্ৰয়াস চলোৱা হৈছে। লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱনে যোৱা ২৪ জুলাইত এই স্পৰ্শকাতৰ অংশত উপস্থিত হৈ নদীখনৰ ভয়াৱহ আগ্ৰাসন প্ৰত্যক্ষ কৰি তাৎক্ষনিক ভাবে "চেক্সন-৫০"ৰ অধীনত খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক। ইয়াৰ পাছতেই ঢকুৱাখনা জলসম্পদ বিভাগে অস্থায়ী প্ৰতিৰোধ কাম আৰম্ভ কৰিছে তীব্ৰ গতিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ab3fbb7d-68a5-4c4e-b4ff-02c447940ff0/26ff3dbc_f510_4680_ae66_bcb116b2cc41.jpg)
ইতিমধ্যে প্ৰায় ৩ হাজাৰ পৰ্কিউপাইন মজুত ৰাখি কাম চলাই যোৱা বুলি জানিবলৈ দিলে বিভাগীয় শাখা বিষয়াই। যোৱা দুটা দশক ধৰি এই লাইপুলিয়া নদীখনে প্ৰতি বছৰে চলাই অহা তাণ্ডৱৰ বিপৰীতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰিও অঞ্চলবাসীক সুৰক্ষিত কৰিব নোৱাৰিলে। বাঁহৰ স্পাৰ, শৈল স্পাৰ আধৰুৱাকৈ আৰু অবিজ্ঞান সন্মত ভাবে নিৰ্মাণ কৰি চৰকাৰী পুঁজি অপচয় আৰু শৰাধ কৰাৰ পাছত কৰ্মক্ষেত্ৰৰ ভিতৰত নপৰা স্বত্তেও উপায়ুক্তৰ নিৰ্দেশত প্ৰথম বাৰৰ বাবে এই আঁচনি ৰূপায়ন কৰিছে জলসম্পদ বিভাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3f17fe20-1fd0-4a41-b3ae-2bb1ec90151e/6da9981b_1bf2_498f_b63a_296f1fa758cb.jpg)
ভুক্তভোগী গঞাৰ দাবী একালৰ গ্ৰামোন্নয়ন বিভাগৰ খীৰতি গাই স্বৰূপ এই গোর্খালি বান্ধতো জলসম্পদ বিভাগে সঠিক ভাবে পৰ্কিউপাইন সংস্থাপন কৰি বৃহত্তৰ অঞ্চলটোৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰক। ৮০২ নং নেমুটেঙানি এল পি স্কুললৈকো বিপর্যয় নমাই অনা নদীখনৰ গতি সলনি কৰি খহনীয়া স্থায়ী ভাবে ৰোধিবলৈ এক পৰিকল্পিত কৰ্ম আঁচনি উপায়ুক্তই গ্ৰহণ কৰক।
Also Read: মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযানঃ ৩ পাচলিত বিষাক্ত দ্ৰব্য