গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভে গৌৰৱান্বিত কৰিছে দেশবাসীক: ভাৰতেন্দু পাণ্ডে

গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভে গৌৰৱান্বিত কৰিছে দেশবাসীক: ভাৰতেন্দু পাণ্ডে

ডিজিটেল ডেস্কঃ ৰঙালীৰ বতৰতে হেমকোষৰ ব্ৰেইল সংস্কৰণে গীনজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰাই ৰাজ্যত আনন্দৰ জোৱাৰ তুলিছে।এই খবৰৰ পাছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

এই সন্দৰ্ভত দিল্লী বিশ্ব বিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰতেন্দু পাণ্ডে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে, আজি মই অসমৰ পুন্য ভূমিক হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিছো। অসম সূৰ্য উদয় হোৱা ঠাই। ইয়াৰ অৰ্থ হ'ল পোহৰ দিয়া। সূৰ্য বা আন যি কোনো পোহৰ হ'ল ভৌতিক। কিন্তু শব্দৰ প্ৰকাশ বা পোহৰ কেতিয়াও নষ্ট নহয়। অসম কেৱল সূৰ্য উদয়ৰ ঠাইয়েই নহয়, ই শব্দৰ পোহৰো দিয়ে।

যি নেত্ৰহীন সমাজ আছে, যিয়ে বিদ্যাৰ পৰা বঞ্চিত আছিল তেওঁলোকক সেই পোহৰ দিয়াৰ প্ৰয়াস অসমৰ পৰাই হৈছে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ ব্ৰেইল হেমকোষ অভিধানে গিনিজ বুকত স্থান লাভ কৰিলে। এয়া গৌৰৱৰ কথা।

হেমকোষৰ ব্ৰেইল সংস্কৰণে গিনিজ ৰেকৰ্ডত স্থান লাভ কৰাত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা দেৱক অভিনন্দন জ্ঞাপন কৰে দিল্লী বিশ্ববিদ্যায়লৰ অধ্যাপক ভাৰ্টেন্দু পাণ্ডে। তেওঁ কয় যে গিনীজ ৱৰ্লড ৰেকৰ্ডৰ এই স্বীকৃতিয়ে হেমকোষৰ এই ব্ৰেইল সংস্কৰণক এক নতুন মাত্ৰা প্ৰদান কৰিব।

এইয়া অসমৰ জনসাধাৰণ, দৃষ্টিহীন সমাজ আৰু সমগ্ৰ দেশৰ বাবেই এক গৌৰৱৰ মুহুৰ্ত। ব্ৰেইলৰ এই ব্যয়বহুল প্ৰকাশনক কেৱল নিজৰ প্ৰচেষ্টাৰে দৃষ্টিহীন সমাজক অসমীয়া ভাষাত উপলব্ধ কৰোৱাটো জয়ন্ত বৰুৱা দেৱৰ এক আন্তৰিক প্ৰয়াস ৷এই মহান ব্ৰেইল সংস্কৰণ উন্মোচনৰ সময়ত মই নিজে উপস্থিত আছিলো , মই নিজেও আজি গৌৰৱ অনুভৱ কৰিছো ৷

গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভে গৌৰৱান্বিত কৰিছে দেশবাসীক: ভাৰতেন্দু পাণ্ডে
কামৰূপ মহানগৰত 'বিশ্ব মেলেৰিয়া' দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in