ঘটনাস্থলীত উপস্থিত ফৰেনচিক বিশেষজ্ঞঃ জলাশয় সিঁচিও নাপালে সুনীল গগৈৰ ছিন্ন মুণ্ড

ঘটনাস্থলীত উপস্থিত ফৰেনচিক বিশেষজ্ঞঃ জলাশয় সিঁচিও নাপালে সুনীল গগৈৰ  ছিন্ন মুণ্ড

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অতি পাশৱিক অমানৱীয় আৰু হিংস্ৰতাৰ সীমা চেৰাই যোৱা ঢকুৱাখনাৰ সুনীল গগৈ হত্যাকাণ্ডৰ মঙলবাৰে তৃতীয় দিন। ৰাজ্যৰ আৰক্ষী বিভাগৰ প্ৰতি কঠোৰ প্ৰত্যাহ্বান হিচাবে থিয় দিয়া এই জঘন্য অপৰাধৰ তদন্তত গতি দিবলৈ মঙলবাৰে ঘটনাস্থলীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ ফৰেনচিক উপদেষ্টা, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ,ভাৰতীয় আৰক্ষী সেৱাৰ দক্ষ বিষয়া কেশৱ কুমাৰ।

অসম আৰক্ষীৰ উত্তৰ অসম মণ্ডলৰ ডি আই জি বিজয় কুলি গাম, লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) এম বৰ্মনৰ সহযোগিতাত মঙলবাৰে পুৱা ঢকুৱাখনা সাপতিয়া চেতিয়া গাঁৱৰ হত্যাকাণ্ডস্থলীত উপস্থিত হৈ বিশেষজ্ঞগৰাকীয়ে ঘটনাস্থলীৰ পৰা কিছু নমুনা সংগ্ৰহ কৰে।

ইপিনে মঙলবাৰে পুৱাৰ পৰা হত্যাকাণ্ডস্থলীৰ প্ৰায় সমীপতে অৱস্থিত এটা জলাশয়ৰ পানী সিঁচি ছিন্ন মুণ্ড উদ্ধাৰৰ সন্ধান চলাই আৰক্ষীয়ে। চাৰিটাকৈ পানী সিঁচা পাম্প স্থাপন কৰি পানী সিঁচিও কোনো বিতৰ্কিত সামগ্ৰী অথবা গগৈৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী। মৃতদেহৰ অৱশিষ্ট অংশৰ মৰণোত্তৰ পৰীক্ষা আৰু ফিৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণৰ পাছত ভস্মীভূত অংশৰ সামাজিক পৰম্পৰাৰে অন্তিম সৎকাৰ কৰা হয় ।

এক শোকাকুল পৰিবেশে বিৰাজ কৰি থকা মৃতকৰ বাসগৃহলৈ আগমন ঘটা প্ৰতিগৰাকী ব্যক্তিয়ে হত্যাকাৰীক চূড়ান্ত শাস্তি দাবী জনাইছে । উল্লেখ্য যে তদন্তকাৰী আৰক্ষীয়ে এই ঘটনাৰ সতে জড়িত বুলি সন্দেহ কৰা ৮ গৰাকী জলজীৱন মিছনৰ ঠিলাদাৰক তলব কৰি সোধা পোচা চলাই গৈছে। আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ ভয়ত ত্ৰস্তমান হৈছে একাংশ ঠিকাদাৰ আৰু বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰী।

ঘটনাস্থলীত উপস্থিত ফৰেনচিক বিশেষজ্ঞঃ জলাশয় সিঁচিও নাপালে সুনীল গগৈৰ  ছিন্ন মুণ্ড
NEETত উজ্বলিল ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in