প্ৰসংগ সুনীল গগৈ কাণ্ডঃ মৃত্যুৰ এসপ্তাহৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ আৰক্ষী...

প্ৰসংগ সুনীল গগৈ কাণ্ডঃ মৃত্যুৰ এসপ্তাহৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ আৰক্ষী...

ডিজিটেল সংবাদ ,ঢকুৱাখনাঃ মানৱতা আৰু নৃশংসতাৰ চৰম সীমা অতিক্ৰম কৰা এক পৈশাচিক হত্যাকাণ্ড সংঘটিত হৈছিল ঢকুৱাখনাত। বন্য জন্তুৰ পাশৱিকতাকো চেৰাই ঢকুৱাখনাত সংঘটিত নৰহত্যাকাণ্ডই খুঁটি লৰাই দিছে অসম আৰক্ষীৰ।

ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ সুনীল গগৈৰ এই পাশৱিক হত্যাকাণ্ডই আজি ৭টা দিন অতিক্ৰম কৰিলে। সাপতিয়া চেতিয়া গাঁৱৰ নিজা ঘৰৰ পৰা প্ৰায় ৩০০ নিলগত বৰ্বৰতাৰে হত্যা কৰা এই ঘটনাৰ অভিযুক্তৰ সন্ধান উলিওৱাত এসপ্তাহে সফল হ'ব পৰা নাই স্মাৰ্ট আৰক্ষী ।

উল্লেখ্য যে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত মুঠ ২১ গৰাকী ব্যক্তিলৈ জাননী প্ৰেৰণ কৰি আৰক্ষীয়ে সোধা পোচা কৰাৰ লগতে ম'বাইল জব্দ কৰি তদন্ত চলাই আছে । অসম আৰক্ষীক নাকত ধৰি চাকত ঘূৰোৱা অভিযুক্তৰ এনে বৰ্বৰ কাণ্ডৰ সন্দৰ্ভত অন্য এক তথ্য পোহৰলৈ আহিছে।

পোহৰলৈ অহা তথ্য অনুসৰি মৃতকৰ সৈতে ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত এজন কাপোৰ ব্যৱসায়ী আৰু গোগামুখৰ এজন হাৰ্ডৱেৰ ব্যৱসায়ীৰ সৈতে বৃহৎ পৰিমাণৰ আৰ্থিক লেনদেন হৈছিল। হত্যাকাণ্ডৰ পূৰ্বে সুনীল গগৈৰ পৰা গোগামুখৰ ধনৱন্ত ব্যৱসায়ীজনে প্ৰায় ৪০ লক্ষাধিক টকা লৈ ঘূৰাই দিয়া নাছিল। ইয়াৰোপৰি চেকযোগে সুনীল গগৈৰ পৰা উক্ত টকা লৈছিল ব্যৱসায়ীজনে।

আনহাতে ঢকুৱাখনা থানাৰ অন্তৰ্গত বস্ত্ৰ ব্যৱসায়ীজনৰ সৈতে জলজীৱন মিছনৰ ঠিকা যুটীয়া অংশীদাৰভাৱে কৰাৰ পৰৱৰ্তী সময়ত বিলৰ ভাগ বতৰা নকৰাত দুই ব্যৱসায়ীৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি কামৰ আৱন্টনপ্ৰাপ্ত জলজীৱন মিছনৰ হাৰ্হি সাপতিয়া আঁচনিখন সম্পূৰ্ণ কৰিছিল গগৈয়ে।

প্ৰায় ১ কোটি ২৭ লাখ ব্যয় সাপেক্ষ এই আঁচনিখন সম্পূৰ্ণ কৰি বিভাগৰ পৰা গগৈয়ে সমস্ত পুঁজি পাইছিল আৰু বিভাগৰ পৰা এছ ডি পুঁজি ১০ % পাবলৈ বাকী আছে বুলি জানিব পৰা গৈছে।

ইফালে আনখন গন্ধিয়া অয়েঙিয়া আঁচনিখনৰ কামৰ বিপৰীতে প্ৰায় ৮৯ লাখ টকা দ্বিতীয় পেমেণ্ট লাভ কৰি প্ৰায় ৪০লাখ টকা গোগামুখৰ ব্যৱসায়ীজনলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে গুৱাহাটীলৈ গৈ মৃত্যুৰ ৩ দিন পূৰ্বে নিজা ঘৰলৈ উভতি আহিছিল সুনীল গগৈ।

এইখন আঁচনিৰ পৰা অদ্যপি ১০% এছ ডি পুঁজি সহ প্ৰায় ২৩ লাখ টকা পাবলৈ বাকী আছে । আঁচনিখনৰ ৰং পেইণ্টৰ কামহে বাকী ৰোৱা আঁচনিখনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি এক সূত্ৰত প্ৰকাশ। যাক লৈ কমিছনৰ মুকলি দৰ দাম চলিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ত। যত অতিষ্ঠ হৈ এন্টিকৰাপচন বিভাগৰ আশ্ৰয় লৈছিল গগৈয়ে ।

পৰিণতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৰ্থলোভী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী আৰক্ষীৰ জালত পৰিছিল। তেতিয়াৰে পৰা সুনীল গগৈ গুৱাহাটীত থাকি আৰক্ষীক সহযোগিতা কৰি আহিছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে গুৱাহাটীৰ জে'ল হাজোতত দিন কটোৱা ঘোচখোৰ অভিযন্তা গোস্বামীৰ এচাম অতি ঘনিষ্ঠ ঠিকাদাৰ নামি পৰিছিল গোপনে ঠিকাদাৰৰ পৰা অৰ্থ সংগ্ৰহত। সংমণ্ডলটোৰ অন্তৰ্গত একাংশ ধনৱন্ত ঠিকাদাৰৰ পৰা এনেদৰে প্ৰায় ৫০ লক্ষাধিক টকা সংগ্ৰহ কৰি জনৈক গগৈ , চিন্তে আৰু বৰুৱা উপাধিৰ কেইজনমান জলজীৱনৰ ঠিকাদাৰে গুৱাহাটীলৈ গৈ এই বৃহৎ পুঁজি কিয় আৰু কাক আদায় দিছিল সেয়া অদ্যপি তদন্তৰ আওতালৈ অহা নাই ।

য'ত বিভাগটোৰ একাংশ মুষ্টিমেয় কৰ্মচাৰী আৰু বিতৰ্কিত অভিযন্তাগৰাকীৰ সোঁহাতস্বৰূপ এজন কৰ্মচাৰী ঠিকাদাৰো জড়িত থকা বুলি মুকলি অভিযোগ উত্থাপিত হৈছে। ঢকুৱাখনা-ঘিলামৰাবাসীৰ মুখে মুখে প্ৰচলিত এই স্পৰ্শকাতৰ বিষয়টো তদন্তৰ মাজলৈ অহাটো ন্যায়কামী ৰাইজৰ কাম্য!

যিহেতু এই বৰ্বৰ হত্যাকাণ্ড পেছাদাৰী ঘাটকৰ জৰিয়তে সংঘটিত কৰা বুলি আৰক্ষী ,ৰাইজ তথা আত্মীয় পতিয়ন গৈছে। সেয়ে এটা ঠিকাদাৰী চক্ৰই হঠাৎ তৎপৰ হৈ পুঁজি সংগ্ৰহ কৰা আৰু গুৱাহাটীলৈ নি আদায় দিয়া এনে ঘটনাক্ৰমে সমগ্ৰ বিষয়টো জটিল আৰু জলজীৱন মিছন জড়িত থকা বিষয়টোৰ ওপৰত সন্দেহ অধিক গাঢ় কৰি তোলা বুলি মৃতকৰ ঘৰত ব্যাপক চৰ্চা চলিছে।

ঘটনা সন্দৰ্ভত যেতিয়াই তদন্তকাৰী আৰক্ষীয়ে একাংশ জলজীৱন ঠিকাদাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এইসকল বিশেষ ঠিকাদাৰৰ নিদ্ৰা ভংগ হৈছে । বহু কেইজন ঠিকাদাৰ ত্ৰস্তমান হৈ ঘৰৰ পৰা বাহিৰত আশ্ৰয় লোৱা আৰু পূৰ্বৰ দৰে বিভাগটোত দপদপনি নোহোৱা হোৱা পৰিলক্ষিত হৈছে।

তদন্তকাৰী আৰক্ষীয়ে এই গুৰুত্বপূৰ্ণ বিষয়বোৰ স্পৰ্শ কৰি যোৱাটো ন্যায়কামী ৰাইজে কামনা কৰা বুলি জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে মৃত্যুৰ পূৰ্বে সুনীল গগৈয়ে দুখন জীৱন বীমা পলিচী একালৰ সতীৰ্থ তথা বীমা এজেন্ট জে. হাজৰিকাৰ ওচৰত খুলিছিল।

এন্টিকৰাপচন বিভাগৰ গোচৰৰ পাছত গুৱাহাটীৰ পৰা ঘৰলৈ প্ৰথমবাৰ উভতি আহিয়ে সুনীল গগৈয়ে ধেমাজি জীৱন বীমা কাৰ্য্যালয়লৈ গৈছিল। আৰু তাত কিস্তিৰ ধন জমা দি দুয়োখন পলিচী সক্ৰিয় কৰিছিল ।

হয়তো জীৱনৰ প্ৰতি অহা ভাবুকিৰ বাবেই এই তৎপৰতা গ্ৰহণ কৰিছিল গগৈয়ে! কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এখন পলিচী কাৰিকৰী কাৰণত সক্ৰিয় হোৱা নাছিল। ইয়াৰ পাছতেই এই বৰ্বৰ আৰু দানৱীয় হত্যাকাণ্ড সংঘটিত হৈছিল।

এই সমস্ত দিশবোৰো নিখুঁত আৰু সূক্ষ্মভাৱে নিৰীক্ষণ কৰাটো অসম আৰক্ষীৰ বাবে জৰুৰী বুলি বিবেচিত হৈছে। কিয়নো কোনোধৰণৰ ব্যক্তিগত শত্রুতা নথকা সুনীল গগৈৰ এই নাৰকীয় হত্যাকাণ্ডৰ মূল আৰু প্ৰধান কাৰক হিচাপে গগৈৰ দুৰ্নীতি বিৰোধী সবল স্থিতি আৰু ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত লুণ্ঠনৰাজৰ নিকৃষ্ট বজাৰখন উদঙাই দিয়াটো ৰাইজৰ দৃষ্টিত পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছে।

প্ৰণিধানযোগ্য যে অহা ১০জুনত প্ৰয়াত গগৈৰ বাসভৱনত আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হ'ব। দুৰ্ভগীয়া পৰিয়ালটোৰ হৈ পত্নী পুষ্প গগৈয়ে উক্ত দিনা শোকাহত পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈ মৃতকৰ আত্মাৰ শান্তি কামনাৰে আয়োজিত শ্ৰাদ্ধত উপস্থিত থাকিবলৈ সকলোলৈকে অনুৰোধ জনাইছে।

ঘটনাৰ ৭ দিনৰ পাছতো উক্ত কাণ্ডৰে জড়িত অভিযুক্তক চিনাক্ত কৰিব নোৱাৰা আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সমগ্ৰ অঞ্চলত চেঁপা উত্তেজনাই বিৰাজ কৰিছে। অঞ্চলটোত আৰক্ষীৰ নিয়মিত তহল ব্যৱস্থা অব্যাহত আছে যদিও মৃতকৰ ঘৰৰ চৌহদ আৰু হত্যাকাণ্ডৰ স্থানৰ পৰা নিয়োজিত আৰক্ষী বাহিনী স্থানান্তৰ কৰা হৈছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

প্ৰসংগ সুনীল গগৈ কাণ্ডঃ মৃত্যুৰ এসপ্তাহৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ আৰক্ষী...
আৰক্ষী হোৱাৰ সপোন পুহি ৰখা ছাত্ৰীৰ ৰহস্যজনক মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in