ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ

পৰ্যাপ্ত চিকিৎসক-চিকিৎসাকৰ্মী বিহীনভাৱে চলি আছে চিকিৎসালয়খন
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাবাসীৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ খৰ্ব কৰি অহা ৰজাঘৰীয়াৰ পৰিকল্পিত চক্ৰান্তত শ্মশান যাত্ৰা ঘটিছে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ। পৰ্যাপ্ত চিকিৎসক-চিকিৎসাকৰ্মী বিহীনভাৱে চলি আছে চিকিৎসালয়খন।

একাংশ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এনেদৰে চিকিৎসালয়খন পৰিচালিত কৰি ৰুগ্ন দৰিদ্ৰ নাগৰিকক জীয়া যন্ত্ৰণা ভোগোৱাত নামি পৰা লখিমপুৰ জিলা প্ৰশাসন , জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু ঢকুৱাখনাৰ বিধায়কৰ বেপৰোৱা ভূমিকাৰ বাবে এক অৰাজক ব্যৱস্থাই গা কৰি উঠিছে। চিকিৎসকৰ অভাৱত জৰ্জৰিত মহকুমা অসামৰিক চিকিৎসালয়খনত কৰ্মৰত অধীক্ষক ডাঃ প্ৰদীপ মিলিক জিলা আয়ুক্ত শোণিত সত্বাৱনে যোৱা জুন মাহত এক নিৰ্দেশযোগে নাওবৈচালৈ বদলি কৰে ।

কিন্তু ঢকুৱাখনাত খালী হোৱা পদৰ বিপৰীতে এজনো চিকিৎসা বিষয়া জিলাখনৰ পৰা স্থলাভিষিক্ত নকৰিলে আয়ুক্তগৰাকীয়ে । ফলত ঢকুৱাখনা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়)ডাঃ অতুল খাউণ্ডে অতিৰিক্ত ভাবে ডাঃ মিলিৰ অবৰ্তমানত দায়িত্ব ভাৰ গ্ৰহণ কৰিব লগীয়া হয়।

দুটাকৈ গুৰুত্বপূৰ্ণ পদবী পৰিচালিত কৰিবলৈ গৈ প্ৰায়ে উজুটি খোৱা ডাঃ খাউণ্ডৰ অদক্ষ পৰিচালনাৰ বাবে চিকিৎসালয়খনৰ ৰোগাক্ৰান্তই নৰক যন্ত্ৰণা ভুগিব লগীয়া হৈ অহাৰ অভিযোগ প্ৰায়ে উত্থাপিত হৈ আহিছে । অতি তাৎপৰ্যপূৰ্ণ বিষয় হ'ল- কাগজে নথি-পত্ৰই এইখন মহকুমা অসামৰিক চিকিৎসালয় হিচাপে পৰিচিত যদিও পূৰ্বৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ সুবিধাৰে এতিয়াও বৰ্তি আছে।

মাত্ৰ ৩০খন বিচনা বিশিষ্ট চিকিৎসালয়খনকে মহকুমা অসামৰিক চিকিৎসালয়ৰ ঢাক- ঢোল বজাই আহিছে স্বাস্থ্য বিভাগে । মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰ্যায়ৰ কোনো সা-সুবিধা নথকা এইখন চিকিৎসালয়ৰ মুৰব্বী ডাঃ খাউণ্ডৰ অদক্ষ পৰিচালনাৰ বাবে ৰোগীয়ে নাপাই এটা বে'ড পেন , বিদ্যুৎ সেৱা বিচ্ছিন্ন হলে বৈদ্যুতিক সেৱা ,পুষ্টিকৰ খাদ্য আদি নূন্যতম জৰুৰী সেৱা ।

উল্লেখ্য যে, চিকিৎসালয়খনৰ কৰ্তব্যৰত চিকিৎসকৰ নৈশ জিৰণীৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা এটা জিৰণি গৃহ নিৰ্মাণ কৰি দিছিল। কিন্তু মহকুমা চিকিৎসালয়খনৰ এই গৰাকী ভাৰপ্ৰাপ্ত বিষয়া তথা মুৰব্বী ডাঃ খাউণ্ডে চিকিৎসালয়খনৰ অস্থায়ী "ব্লাড ষ্ট্ৰ'ৰেজ চেণ্টাৰ"টো উচ্ছেদ কৰি তাত চিকিৎসকৰ শোৱনী কোঠা আৰু জৰুৰী চিকিৎসা কোঠা গঢ়ি তুলিলে।

ফলত অতি মূল্যবান, স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিবেচিত চেণ্টাৰটোৰ মূল্যৱান যন্ত্ৰপাতি চুইপাৰ ৰুমত উচিষ্ট হৈ পৰি ৰৈছে । ৰোগীৰ বাবে অতি প্ৰয়োজনীয় তেজতকৈ চিকিৎসকৰ সুবিধা আৰু নিদ্ৰাক অধিক গুৰুত্ব দি বিষয়াজনে গ্ৰহণ কৰা এনে বেপৰোৱা দৃষ্টিভংগীয়ে নামত হে বৰ্তি থকা চিকিৎসালয়খনক অধিক অধঃপতনে নিয়াৰ পথ অধিক প্ৰশস্ত কৰিছে ।

অন্যহাতে চিকিৎসালয়খনত এম টি পি কৰাৰ নামত একাংশ অভিভাৱকৰ পৰা ৫০০ টকাৰ পৰা ১০০০ টকা পৰ্যন্ত দাবী কৰাৰ অভিযোগ ভুক্তভোগীৰ। উল্লেখ্য যে চিকিৎসালয়খনত নিযুক্ত বিশেষজ্ঞ চিকিৎসকসকলক যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন গগৈ আৰু আয়ুক্ত সত্বৱানৰ নিৰ্দেশ অনুসৰি নিযুক্তি "ডেপুটেশ্যন"ত অন্য স্থানলৈ নিয়াৰ বাবে অচল টকালৈ পতিত হৈছে চিকিৎসালয়খন।

সম্প্ৰতি বিভিন্ন ৰোগত আক্রান্ত ৰোগী সকলে বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা লাভ নকৰি ধনে জনে হেৰুৱাব লগা পৰিস্থিতি উদ্ভৱ হৈ আহিছে । ঢকুৱাখনাবাসী ৰোগীক পনবন্দী কৰি ৰজাঘৰীয়াই গ্ৰহণ কৰা এনে দায়িত্বহীন ভূমিকাৰ বিৰুদ্ধে ৰাইজৰ পক্ষত থিয় হৈ এষাৰ মাত মতাৰ সাহস নাই ঢকুৱাখনাৰ তথাকথিত একাংশ দল আৰু সংগঠনৰ ।

ন্যস্ত স্বাৰ্থ সিদ্ধিত ব্যাঘাত জন্মাৰ বাবেই এনেবোৰ দল-সংগঠন,ছাত্ৰ সংগঠনে ভিজা মেকুৰীৰ ভাও ধৰি থকাৰ বাবেই ৰাজহুৱা স্বাৰ্থ জড়িত এনে জলন্ত সমস্যাবোৰে মহকুমাতো সৰ্বত্ৰে চানি ধৰিছে বুলি একাংশই আক্ষেপ প্ৰকাশ কৰে ।

ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ
চতিয়াত স্বাস্থ্য বিভাগৰ প্ৰচেষ্টাত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in