পহিলা ব'হাগৰ দিনাই সোনাৰী চাপৰিত অঘটন...

বিহুৰ দিনাই সোনাৰী চাপৰিত অঘটন; চেলাজান ঘাটত এজন নিৰুদ্দেশ এজন যুৱক...

author-image
Asomiya Pratidin
New Update
পহিলা ব'হাগৰ দিনাই সোনাৰী চাপৰিত অঘটন...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ব'হাগ বিহুৰ উৎসৱমুখীতা ম্লান কৰি শনিবাৰে ঢকুৱাখনাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাটি কেঁকুৰী অঞ্চলৰ  চেলাজান নদীত এগৰাকী ব্যক্তিৰ সন্ধানহীন হয়।

Advertisment

শনিবাৰে আবেলি নদীৰে এখন নাওত নিজৰ বাইক পাৰ হবলৈ দি নিজে চেলাজান নদী পাৰ সাঁতুৰী পাৰ হৈ ঘৰলৈ যাওঁতেই নিখোজ হয় ত্ৰৈলোক্য সোণোৱাল (২৪) নামৰ ব্যক্তিজন। চেলাজান কছাৰী গাঁৱৰ সন্ধানহীন ব্যক্তিজনৰ সন্ধান উলিয়াবলৈ নদীত সমীপৱৰ্তী গাঁওৰ ৰাইজে নিজাববীয়া প্ৰয়াস চলাই যদিও এতিয়াও সন্ধান পোৱা নাই ব্যক্তিজনৰ।

ঘটনাৰ সন্দৰ্ভত সোনাৰী চাপৰি আৰক্ষী চকীত খবৰ দিয়ে যদিও ভাৰপ্ৰাপ্ত বিষয়াজন ঘটনাস্থলীলৈ উপস্থিত নহৈ দুজন আৰক্ষী ঘটনাস্থলীলৈ প্ৰেৰণ কৰে চূড়ান্ত দায়িত্বহীনতা প্রদর্শন কৰে । উল্লেখ্য যে, ঘটনাৰ সন্দৰভত ঢকুৱাখনা এছ ডি আৰ এফ বাহিনীক অৱগত কৰাত বাহিনীগৈ তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত সন্ধান অভিযান আৰম্ভ কৰিছে । পিছে অদ্যপি সন্ধানহীন ব্যক্তিজনৰ কোনো উৱাদিহ উলিয়াব পৰা নাই ।

Also Read: জ্যেষ্ঠজনৰ আৰ্শীষ লৈ জামুগুৰিহাটতো ৰঙালী বিহু উদযাপন...

Assam police dhakuakhana