/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/96f3c817-7bdd-4b72-a9e6-e0b518bc2323/Jamugurihaat.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : পহিলা ব'হাগত অসমবাসীয়ে পালন কৰে মানুহ বিহু। সমগ্ৰ ৰাজ্যৰ লগতে জামুগুৰিহাটৰ বালিজুৰীতো ৰাজহুৱা ভাৱে অনুষ্ঠিত কৰা দেখা গ'ল মানুহ বিহু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2f33bd33-92eb-4cf4-be4e-d010b6cdda21/Screenshot__270_.png)
জামুগুৰিহাটৰ বালিজুৰী খেল পথাৰত বালিজুৰী কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহৰ এই বেলি সোণালী জয়ন্তী বৰ্ষ উপলক্ষে কালি গৰু বিহুৰ দিনাই মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে বালিজুৰী কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/70b726b5-a34b-4f7e-84f3-ed588c5b22a1/Screenshot__272_.png)
পুৱাই বালিজুৰী অঞ্চলৰ অসমীয়া, গোৰ্খা সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈ বিহুৰ মজিয়াত এক সম্বনয়ৰ বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷বালিজুৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰে বিহু কমিটিৰ সভাপতি তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই । সোনাপুৰ নামঘৰত বয়োজ্যেষ্ঠ সকলক বিহুৱানেৰে সন্মান জনাই আশিৰ্ব্বাদ গ্ৰহন কৰে৷ ইয়াৰ পিছতে সকলোৱে খেলপথাৰত এপাক বিহু মাৰি আনন্দ উল্লাহত মতলিয়া হৈ পৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/8802b951-0e55-4bd2-ba5a-1dcae42bc3dc/Screenshot__271_.png)
Also Read: অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...