/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a297cbd4-fa98-49c6-a146-d1c42df7e2a4/Muga.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : থলুৱা ৰেচম পালক আৰু ৰেচম শিপিনীসকলৰ উৎপাদিত গুণগত ৰেচম বয়ন সামগ্ৰীৰ এখন সহজলভ্য বজাৰ সৃষ্টি কৰাৰ মানসেৰে শনিবাৰে ঢকুৱাখনাত মুকলি কৰা হয় এখন "ৰেচম হাট"। বিশ্ব বেংকৰ 'এপাৰ্ট প্ৰকল্প'ৰ অধীনত ৰেচম প্ৰাচুৰ্য ক্ষেত্ৰ ঢকুৱাখনাৰ সোণাৰী চাপৰিত শনিবাৰে নিৰ্মিত এই "ৰেচম হাট"ৰ শুভ উদ্বোধন কৰে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত জানোমা সোণোৱালে ।
লখিমপুৰ জিলা ৰেচম বিভাগৰ উদ্যোগত এই সন্দৰ্ভত ঢকুৱাখনা মহকুমাৰ সোণাৰী চাপৰি বজাৰ প্রাংগনত আয়োজন কৰা হয় এখন উদ্ধোধনী সভা। ৰেচম বিষয়া অশ্বিনী কলিতাই আঁত ধৰা উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে ৰেচম বিষয়া কিশোৰ শৰ্মা বৰদলৈয়ে। মহকুমাটোৰ গৰিষ্ঠ সংখ্যক ৰেচম পালক, সচেতন ব্যক্তি আৰু বয়ন শিল্পীয়ে অংশগ্ৰহণ কৰা উদ্বোধনী সভাত সভাপতিত্ব কৰে বিশিষ্ট নাগৰিক হৰি নাৰায়ণ গগৈয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7024a881-4c72-4b1b-b84f-bafd13e07a70/7dddb31f_fcee_45bc_86cb_9c1e8d6415be.jpg)
ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ উপ-সঞ্চালক বিদ্যাসাগৰ কুটুম মুখ্য অতিথি হিচাবে উপস্থিত থকা উদ্বোধনী সভাত নৱনির্মিত ৰেচম হাটৰ মুখ্যদ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে সহকাৰী আয়ুক্ত জানোমা সোণোৱালে। ৰেচম বিভাগৰ সহকাৰী সঞ্চালক কিশোৰ শৰ্মা বৰদলৈয়ে উদ্বোধন কৰা সভাত সমল ব্যক্তি হিচাবে "ডেন মাল্টিপাৰপাজ ফাৰ্মাৰ প্রদিউচাৰ কোম্পানী"ৰ সঞ্চালক মণ্ডলীৰ শৈলেন কুমাৰ দত্ত আৰু অৰূপ ৰঞ্জন দত্ত উপস্থিত থাকি ৰেচম পালক আৰু ৰেচম শিপিনী সকলৰ সহায়ক হোৱাকৈ স্থাপন কৰা এই "ৰেচম হাট"ৰ জৰিয়তে শিপিনী সকলৰ লগতে ৰেচম ক্রেতা সকল উপকৃত হ'ব বুলি বক্তব্যত উল্লেখ কৰে।
তাৰোপৰি গুণগত আৰু অধিক সূতা উৎপাদনক্ষম মুগা উৎপাদনৰ বাবে ৰেচম পালক সকলক উন্নত জাতৰ মুগা সঁচ উৎপাদনত মনোনিবেশ কৰাৰ আহ্বান জনোৱাৰ লগতে বিভাগীয় ভাবে উন্নত মানৰ মুগা সঁচ ৰেচম পালক সকলক যোগান ধৰাতো যথোচিত গুৰুত্ব প্ৰদানৰ আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/7b824f13-b9b8-47fc-839e-fe83ccd78e9a/cbd5efb2_0302_45b9_97f6_6029c5f916d2.jpg)
ঢকুৱাখনা ৰেচম বিভাগৰ অধীক্ষক অশ্বিনী কলিতা , ৰেচম প্ৰকল্প বিষয়া প্ৰদীপ কুমাৰ মিশ্র ,মুগা সম্প্ৰসাৰন বিষয়া প্ৰবীন শৰ্মা আৰু অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থকা উদ্বোধনী সভাত সোনাৰী চাপৰিৰ সাপ্তাহিক বজাৰ প্ৰাংগণত এই বজাৰৰ সতে সংগতি ৰাখি নিৰ্মিত "ৰেচম হাট" গৃহটো উদ্বোধন কৰাৰ পৰৱৰ্তী সময়ত প্ৰতি সপ্তাহৰ দুটা দিন ক্ৰমে শনিবাৰে আৰু বুধবাৰে এই হাট খোলা ৰাখি নিভাঁজ আৰু বিশুদ্ধ মুগা উৎপাদিত বস্ত্ৰ সামগ্ৰী ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি ৰেচম বিভাগে সভাত জানিবলৈ দিয়ে ।
Also Read: ভাৰতীয় বন সেৱাৰ ৬৮ নম্বৰ স্থানত উজ্বলিল অসমৰ যুৱক...