ভাৰতীয় বন সেৱাৰ ৬৮ নম্বৰ স্থানত উজ্বলিল অসমৰ যুৱক...

ভাৰতীয় বন সেৱাত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ যুৱকে।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় বন সেৱাৰ ৬৮ নম্বৰ স্থানত উজ্বলিল অসমৰ যুৱক...

ডিজিটেল সংবাদ, নগাঁও : ভাৰতীয় বন সেৱাত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নগাঁৱৰ যুৱকে। যুৱকজনৰ নাম ভাস্বত শইকীয়াই। আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই দেশৰ ভিতৰতে ভাৰতীয় বন সেৱা(IFS)ৰ পৰীক্ষাত ৬৮সংখ্যক স্থানৰে উজ্বলিল নগাঁৱৰ ভাস্বত।

Advertisment

নগাঁও চহৰৰ ডিফলুৰ বীৰেণ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়াৰ সাফল্যত এতিয়া নগাঁৱত আনন্দৰ জোৱাৰ উঠিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো দশম স্থান লাভ কৰিছিল ভাস্বতে। অসমতে বন বিভাগত সেৱা আগবঢ়াব বিচাৰাৰ মত প্ৰকাশে ভাস্বত শইকীয়াই।

Also Read: ধেমাজিৰ দুই যুৱক-যুৱতীলৈ CCRTৰ জলপানি...

Govt of India