বিদ্যালয়ত নাই প্ৰধান শিক্ষক, চৰকাৰে দিয়া টেবলেট ঘূৰাই দিলে শ শ শিক্ষক-শিক্ষয়িত্ৰীয়ে...

যি চৰকাৰে প্রধান শিক্ষক নিযুক্তি দিব নোৱাৰে তেনে চৰকাৰে "শিক্ষা হেতু" আঁচনি ৰূপায়ণৰ বাবে যোগান ধৰা "টেবলেট" আমাক নালাগে

author-image
Asomiya Pratidin
New Update
বিদ্যালয়ত নাই প্ৰধান শিক্ষক, চৰকাৰে দিয়া টেবলেট ঘূৰাই দিলে শ শ শিক্ষক-শিক্ষয়িত্ৰীয়ে...

ডিজিটেল সংবাদ, ঢকুৱাখনা : "যি চৰকাৰে, যি শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ত প্রধান শিক্ষক নিযুক্তি দিব নোৱাৰে তেনে চৰকাৰ আৰু বিভাগে "শিক্ষা হেতু" আঁচনি ৰূপায়ণৰ বাবে যোগান ধৰা "টেবলেট" আমাক নালাগে। সহকাৰী শিক্ষকে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিব নে শিক্ষাৰ্থীক শিক্ষাদানত আত্মনিয়োগ কৰিব ? যদি শিক্ষা বিভাগৰ প্ৰৱর্তিত "শিক্ষা হেতু" আঁচনিখনৰ সফল ৰূপায়ন বিচাৰে তেন্তে প্ৰথমে প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সেই পদত প্ৰধান শিক্ষক নিযুক্তি দিয়ক। অন্যথা সহকাৰী শিক্ষকৰ মূৰত অতিৰিক্ত কামৰ বোজা জাপি দি শিক্ষাৰ্থী সকলৰ অমূল্য শৈক্ষিক সময় অপচয় কৰা কাৰ্য প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কোনো কাৰণতে মানি নলয়।"

Advertisment

এই মন্তব্য ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰৰ। সোমবাৰে বিয়লি ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত শিক্ষা বিভাগৰ জৰিয়তে প্ৰতিখন প্ৰাথমিক বিদ্যালয়লৈ প্ৰেৰণ কৰা "টেবলেট" উভতাই দিবলৈ সমবেত হয় ঢকুৱাখনাৰ শিক্ষক-শিক্ষয়িত্ৰী। কাৰ্যসূচীত জিলা সন্মিলনীৰ সভাপতি গৰাকীয়ে কয় যে, ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছিল চলিত মে' মাহত ৰাজ্যখনৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি ইয়াৰ বিপৰীতে প্ৰধান শিক্ষক নিযুক্তি দিব। কিন্তু বাস্তৱত সেয়া নহ'ল। টেবলেট চলাবলৈ প্ৰধান শিক্ষক নিযুক্তি নিদি দিলে টেবলেটহে।

গতিকে যেতিয়ালৈকে বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি নিদিব তেতিয়ালৈকে "টেবলেট" গ্ৰহণ নকৰে আৰু "শিক্ষাহেতু" মূলক কোনো কাৰ্যসূচীত সহযোগিতা নকৰে ঢকুৱাখনা আৰু ঘিলামৰাৰ প্ৰাথমিক শিক্ষকসকলে । সেয়ে ঢকুৱাখনা শিক্ষা খণ্ডৰ মুঠ ৪৪৭ গৰাকী শিক্ষক আৰু ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ ২৭৩ গৰাকী  শিক্ষকে চৰকাৰ প্ৰদত্ত টেবলেট সমূহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উভতাই দিয়ে ।

প্ৰাথমিক বিদ্যালয় সুস্থ পৰিচালনাৰ বাবে প্ৰধান শিক্ষক নিযুক্তি, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি অতি জৰুৰী বুলি কৈ এই তিনি মুখ্য চালিকা শক্তি নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰ আৰু শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাত মুকলি ক্ষোভ প্ৰকাশ কৰে জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। প্ৰধান শিক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত কোনো সহকাৰী শিক্ষকে এই অতিৰিক্ত কামৰ বোজা গ্ৰহণ নকৰে বুলি সকীয়াই দি সমূহ শিক্ষকে নিজ নিজ বিদ্যালয়ৰ বিপৰীতে আবন্তিত টেবলেট শিক্ষা বিভাগক উভতাই দিয়ে ।

Also Read: বথাতলাংচু জাতীয় বিদ্যালয়ৰ সফলতা, উল্লাসিত অনন্ত বৰা

education department of assam