/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/96550a3c-8691-434e-b7fb-29bae93435f5/ananta_bora.jpg)
ডিজিটেল ডেস্ক : এই কথা সকলোৱে জানে যে পশ্চিম কাৰ্বি আংলঙৰ শৈক্ষিক পৰিগাঠনি অতিকে বেয়া বাবেই এই জিলাখনৰ বিভিন্ন অঞ্চলৰ বহু ল'ৰা-ছোৱালীয়ে এতিয়াও নগাঁও-মৰিগাঁও জিলাৰ বিভিন্ন লোকৰ ঘৰত থাকি পঢ়িব লগীয়াত পৰে । এনে পৰিস্থিতিৰ মাজতে অৱশ্যে ইশ্বৰৰ দূতৰূপে এচাম লোকৰ আবিৰ্ভাৱে অঞ্চলটোক সদায় শৈক্ষিক-সামাজিক দিশত অনুপ্ৰাণিত কৰি আহিছে ।
ইয়াৰ মাজৰে এজন হ'ল অনন্ত বৰা । এসময়ত ডেৰাডুনত আই এ এচ বিষয়াৰ ভাষা বিষয়ক প্ৰশিক্ষকৰূপে নিযুক্তি লাভ কৰিও সেইয়া ত্যাগ কৰি পশ্চিম কাৰ্বি আংলঙত বিদ্যালয় স্থাপনত আত্মনিয়োগ কৰিছিল এই অনন্ত বৰাই । বৰ্তমান তেওঁৰ বয়স ৯৩ বছৰ হ'লেও এই বয়সতো তেওঁৰ আছে অফুৰন্ত কৰ্মোদ্যম । আজি তেওঁ অতিকে আনন্দিত । কিয়নো এসময়ত পশ্চিম কাৰ্বি আংলঙৰ প্ৰথমখন হাইস্কুল স্থাপন কৰা অনন্ত বৰাই কিছুদিন পূৰ্বে বথাতলাংচু প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ প্ৰথমটো বেটচৰ হাইস্কুল শিক্ষান্ত পৰিক্ষৰ্থীয়ে সুন্দৰ ফলাফল দেখুৱাইছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1fc42062-fb65-4fa7-a6f3-2389bc2d3b29/WhatsApp_Image_2023_05_22_at_5_26_10_PM.jpeg)
উল্লেখ কৰাৰ প্ৰয়োজন যে, বিদ্যালয়খন স্থাপন কৰিবলৈ বিভিন্ন জনক উৎসাহিত কৰাই নহয় নিজৰ কেইবা বিঘা মাটিও বিক্ৰী কৰি বিদ্যালয় গৃহ সাজিবলৈ তেওঁ কৰ্তৃপক্ষক গতাই দিছিল । বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নিত্যানন্দ গোস্বামী, সম্পাদক সুসেন নাথ আৰু উপ-সভাপতি প্ৰদীপ নাথ তেওঁৰ পুত্ৰসম ।
তেওঁলোকৰ জৰিয়তেই বিদ্যালয়ৰ কাম-কাজ আগুৱাই নিয়াৰ লগতে উপদেষ্টা হিচাপে পৰিচালনা সমিতিক নেতৃত্ব দিয়া অনন্ত বৰাই সমগ্ৰ পশ্চিম কাৰ্বি আংলঙত দীৰ্ঘকাল ধৰি শিক্ষাৰ পোহৰ বিলোৱা কামত আত্মনিয়োগ কৰাৰ সমান্তৰালভাৱে ইয়াৰ বাবে প্ৰয়োজনীয় পূঁজি উলিয়াবলৈ নিজৰ মাটিত বিভিন্ন ধৰণৰ খেতিও কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a67f9414-fcfc-4ace-af10-9e286cf6c38a/WhatsApp_Image_2023_05_22_at_3_17_33_PM.jpeg)
আজিৰ ফলাফলত বথাতলাংচু জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষা দিয়া পৰীক্ষাৰ্তীসকলৰ ভিতৰৰে বিদিশা লস্কৰে ৮৮.৩৩ শতাংশ নম্বৰ লাভ কৰি ডিষ্টিংচন আৰু অ'থ চেত্ৰীয়ে ৭৫.৩৩ শতাংশ নম্বৰেৰে ষ্টাৰ মাৰ্ক লাভ কৰে । সেইদৰে চাবিনা তিচপিয়ে ৭৯ শতাংশ, দিশ্বান ভাৰতীয়ে ৭৫.৫০ আৰু চিম্পল নাথে ৭৫.৬৭ শতাংশ নম্বৰেৰে ষ্টাৰ মাৰ্ক লাভ কৰে । তদুপৰি কুঞ্জল মণ্ডলে প্ৰথম বিভাগ আৰু বিকি দাস, নীপন ৰাজবংশীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । এই ফলাফলে অনন্ত বৰাৰ লগতে সমগ্ৰ অঞ্চলবাসীক আনন্দিত কৰিছে ।