ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ অষ্টম ত্রিবাৰ্ষিক অধিবেশন সম্পন্ন

ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ অষ্টম ত্রিবাৰ্ষিক অধিবেশন সম্পন্ন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ অষ্টম ত্রিবাৰ্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ 'ৰাজ্য চৰকাৰ প্ৰৱৰ্তিত "মিছন ভূমিপুত্ৰ" প্রকৃততে খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচীত জাতিক নিঃশেষ কৰাৰ বাবে গ্ৰহণ কৰা এই জাতিদ্রোহী আঁচনি। এই বিধ্বংসী আঁচনিৰ বাস্তৱিকতে ভূমিপুত্ৰ অনুসূচীত জাতিতোক সমাজ সভ্যতাৰ পৰা নিশ্চিহ্ন কৰাৰ বাবে গ্ৰহণ কৰা এক সৰ্বগ্ৰাসী আৰু মাৰাত্মক আঁচনি। অনুসূচীত জাতিৰ ৰাইজ ঐক্যবদ্ধ হৈ স্বাধীকাৰ খৰ্বকাৰী এই আঁচনিৰ বিৰুদ্ধে থিয় দিয়াৰ সময় সমাগত।'-এই মন্তব্য সদৌ অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ডাঃ হৰিকান্ত দাসৰ।

Advertisment

অসম অনুসূচীত জাতি পৰিষদৰ স্বীকৃতি প্ৰাপ্ত শাখা সংগঠন ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ অষ্টম ত্রিবাৰ্ষিক অধিবেশনখন উদ্বোধন কৰি শনিবাৰে এই মন্তব্য কৰে প্ৰাক্তন ছাত্ৰ নেতা ডাঃ দাসে। অধিবেশনৰ মুকলি সভা উদ্বোধন কৰি ডাঃ দাসে কয় "মিছন ভূমিপুত্ৰ"ৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বেলিকা এক পৰিকল্পিত চক্ৰান্ত কৰা হৈছে। অতি ক্ৰুটিপূৰ্ণ আৰু বিসংগতিমূলক পদ্ধতিৰে প্ৰশাসনিক বিষয়াৰ জৰিয়তে যাৱতীয় নথি পত্ৰৰ সুক্ষ্ম পৰ্যবেক্ষণ নকৰাকৈ নিৰ্ধাৰিত সময়ত প্ৰদান কৰা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ অনিয়ম হোৱাৰ আশংকা প্ৰকাশ কৰি এই ক্ৰুটিপূৰ্ণ ব্যৱস্থাৰ বিৰোধিতা কৰে।

পূৰ্বৰ অনুসূচীত জাতি পৰিষদৰ জৰিয়তে চিনাক্তকৰণ কৰাৰ পৰিশুদ্ধ ব্যৱস্থাৰ অৱসান ঘটাই প্ৰৱৰ্তিত এই ব্যৱস্থা জাতিটোৰ বাবে ক্ষতিকাৰক বুলি কয়। শনিবাৰে ঢকুৱাখনা নগৰ সমিতিৰ উদ্যোগত এদিনীয়াকৈ অনুষ্ঠিত অধিবেশনত ডাঃ দাসে এক চৰকাৰী পৰিসংখ্যা দাঙি ধৰি কয়- পূৰ্বৰ কালচোৱাত প্ৰতি বছৰে প্ৰায় ৩০ হাজাৰ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ নথিপত্ৰৰ তন্ন তন্ন পৰীক্ষাৰ পিছত বিতৰণ হয় । কিন্তু এই ভূমিপুত্ৰ আঁচনিৰ জৰিয়তে মাত্ৰ প্ৰায় ৬ মাহত আবেদনকাৰীৰ সংখ্যা হ'ল প্ৰায় ৫ লাখ ৬৯হাজাৰ ৯৭১ গৰাকী । ইয়াৰে প্ৰায় ২লাখ ৮৪ হাজাৰ ৯৫২ গৰাকীক প্ৰমাণপত্ৰ ইতিমধ্যে দিয়া হৈছে।

চৰকাৰৰ এই প্ৰমাণপত্ৰ প্ৰদান কৰা পদ্ধতি ক্ৰুটিপূৰ্ণ বুলি অভিহিত কৰি এই প্ৰমাণপত্ৰসমূহ পুনৰীক্ষণ কৰাৰ দাবী জনাই ডাঃ দাসে। ঢকুৱাখনা নগৰৰ আম্বেদকাৰ ভৱন প্ৰাংগণত অনুষ্ঠিত অধিবেশনৰ মুকলি সভাৰ সভাপতিত্ব কৰে ঢকুৱাখনা জিলা অনুসূচীত জাতি পৰিষদৰ সভাপতি ললিত কুমাৰ দাসে। জনাকীৰ্ণ মুকলি সভাত মুখ্য অতিথি হিচাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক জ্যোতিষ্মান দাস উপস্থিত থাকি স্বজাতিৰ উত্তৰণ আৰু সৰ্বাঙ্গীন বিকাশৰ বাবে স্বগোষ্ঠীয় সংগঠন অনুসূচীত জাতি পৰিষদৰ কৰণীয়তা সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়ায়।

সভাত নিৰ্দিষ্ট বক্তা হিচাবে অসম অনুসূচীত জাতি পৰিষদৰ সম্পাদক দীপাংকৰ হাজৰিকা, বিশিষ্ট অতিথি হিচাবে লখিমপুৰ জিলা অনুসূচীত জাতি পৰিষদৰ সভাপতি লাল মোহন মণ্ডল আদিয়ে অংশগ্ৰহণ কৰে। সভাত বিভিন্ন বক্তাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে খিলঞ্জীয়া অনুসূচীত জাতিৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা বুলি মন্তব্য কৰে। এই বিতৰ্কিত খচৰাৰ জৰিয়তে হিন্দু বঙালীৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হ'ব আৰু ভূমিপুত্ৰ অনুসূচীত জাতিৰ ৰাজনৈতিক অধিকাৰ বিপন্ন হ'ব বুলি সভাত মত ব্যক্ত কৰি এই আসনৰ সংখ্যা ৭খনৰ পৰা ৯খনলৈ বৃদ্ধি কৰাৰ সপক্ষে মত পোষণ কৰে।

সভাত স্বাধীনতাৰ ৭৬ বছৰৰ পাছত অনুসূচীত জাতিৰ সৰ্বাঙ্গীন উত্তৰণ হোৱা বুলি দাবী কৰি অহা ৰাজ্য চৰকাৰে অনুসূচীত জাতিৰ নাগৰিকসকলক কৌটি কলীয়া পদ্ধতিৰে সূতা, কম্বল, চিলাই মেচিন, নাও, জাল আদি দিয়াতে আবদ্ধ কৰি ৰখা কাৰ্যই বাস্তৱিকতে জাতিটোৰ পশ্চাদমুখী কৰি ৰখা বুলি কৈ এই অশুভ পৰম্পৰাৰ অৱসান ঘটোৱাৰ দাবী জনায়। পুৱা জিলা অনুসূচীত জাতি পৰিষদৰ সভাপতি ললিত কুমাৰ দাসৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অধিবেশনৰ পৰৱৰ্তী সময়ত ডঃ বি আৰ আম্বেদকাৰ প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ কৰা হয় । মুকলি সভাতেই স্বজাতিৰ শিক্ষাব্ৰতী তথা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাবে নিযুক্ত ডঃ জ্যোতি হাজৰিকা, কাব্যশ্রী হাজৰিকা, গীতাৰ্থী হাজৰিকা, লুলুমনি দাসৰ উপৰিও শিক্ষক লীলা দাস, অনন্ত হাজৰিকা, অনন্ত দাস, দীপালি হাজৰিকাক উষ্ণ সম্বৰ্ধনা জনোৱা হয়।

ইপিনে দুপৰীয়া অনুষ্ঠিত প্ৰতিনিধি সভাত পৰ্য্যবেশক হিচাবে উপস্থিত থাকে ৰাজ্যিক সহকাৰী সম্পাদক নিঝই দাস আৰু লখিমপুৰ জিলা সমিতিৰ সভাপতি লাল মোহন মণ্ডল। জিলা সমিতিৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক শাখা সমিতিৰ বিষয়ববিয়া উপস্থিত থকা প্ৰতিনিধি সভাত ললিত কুমাৰ দাসক সভাপতি, জীতেন দাসক সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া পূৰ্ণাংগ জিলা সমিতি সৰ্বসন্মত ভাবে গঠন কৰা হয়।

Also Read: দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত হ'ল বিজেপি নেতা লাচিত গগৈ

dhakuakhana