দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত হ'ল বিজেপি নেতা লাচিত গগৈ

দলৰ প্ৰাথমিক সদস্য পদৰ পৰা তাৎক্ষণিকভাবে বহিষ্কৃত হ'ল বিজেপি নেতা লাচিত গগৈ

author-image
Asomiya Pratidin
New Update
দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত হ'ল বিজেপি নেতা লাচিত গগৈ

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা লাচিত গগৈক তাৎক্ষণিকভাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। অসম বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই শনিবাৰে গগৈক তাৎক্ষণিকভাবে বহিষ্কাৰৰ নিৰ্দেশ দিয়ে।

Advertisment

উল্লেখ্য, বিজেপি নেতা লাচিত গগৈক বিগত কিছুদিন পূৰ্বে চৰাইদেউ জিলাৰ পৰা ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (এটিএএছইউ) সভাপতি মিলন বুঢ়াগোহাঁইৰ সৈতে হোৱা এক বিতৰ্কিত টেলিফোনিক কথোপকথনৰ এটা অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছত অ'বিচি মৰ্চাৰ উপ-সভাপতি গগৈক গ্ৰেপ্তাৰ কৰা কৰিছিল আৰক্ষীয়ে।

অডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পিছত কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক (এছপি) সঞ্জীৱ ডেকাই ডিফু আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল। ভাইৰেল অডিঅ' ক্লিপটোত লাচিত গগৈয়ে বুঢ়াগোহাঁইক টকা দিয়াৰ কথা উল্লেখ কৰে, য'ত এছ পি সঞ্জীৱ গোস্বামীক ১২.৫ লাখ টকা আৰু গোলাঘাটৰ এছ পি পুষ্কিন জৈনক ২ লাখ টকা দিয়াৰ কথোপকথনত উল্লেখ কৰিছিল। এই পিছত নিম্ন আদালতে গগৈক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

Also Read: ছাগলী চোৰৰ হাতত প্ৰাণ গ'ল যুৱকৰঃ লখিমপুৰত অনিৰ্দিষ্ট কাললৈ বন্ধ ছাগলী মাংসৰ দোকান

Assam police