ঢকুৱাখনাত চুতীয়া জাতি সন্মিলন আৰু বীৰাংগনা সতী সাধনী দিৱস...

ৰাজ্যখনৰ চুতীয়া জাতিৰ অভিভাৱক সংগঠন হ'ল সদৌ অসম চুতীয়া জাতি সন্মিলন।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চুতীয়া জাতি সন্মিলন আৰু বীৰাংগনা সতী সাধনী দিৱস...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ চুতীয়া জাতিৰ অভিভাৱক সংগঠন হ'ল সদৌ অসম চুতীয়া জাতি সন্মিলন। এই সন্মিলনৰ অন্তৰ্গত ঢকুৱাখনা জিলা সমিতিৰ ২১ সংখ্যক ত্রিবাৰ্ষিক অধিৱেশন আৰু ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়।  দুদিনীয়া কাৰ্যসূচীৰে সোনাৰী চাপৰি আঞ্চলিক কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত এই অধিৱেশন আৰু সাধনী দিৱসৰ শুকুৰবাৰে দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন কৰে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি গংগেশ্বৰ বৰুৱাই ।

Advertisment

ইয়াৰ পাছতে অধিৱেশনথলীত অনুষ্ঠিত হয় দেও কুৱেৰ পূজা । জ্যেষ্ঠ পুৰোহিত ডিম্বেশ্বৰ বৰাৰ দ্বাৰা সম্পন্ন হোৱা এই পূজাৰ পাছত বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তিত পুষ্প মাল্যাৰ্পণ কৰে সন্মিলনৰ  কেন্দ্ৰীয় সমিতিৰ সদস্য টুনিৰাম শইকীয়াই । বৃহত্তৰ অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক জ্ঞাতিবৰ্গ উপস্থিত থকা সভাত "বীৰাংগনা সতী সাধনীৰ আদৰ্শ আৰু সাম্প্ৰতিক চুতীয়া মহিলাৰ চিন্তন" শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ অনুষ্ঠিত হয়। শিক্ষাবিদ ৰীনামাই চুতীয়াই উদ্বোধন কৰা আলোচনাচক্ৰৰ সঞ্চালনা কৰে কেন্দ্ৰীয় সমিতিৰ নেত্ৰী কল্পনা সেনাপতি বৰুৱাই আৰু আলোচক হিচাবে উপস্থিত থাকি বক্তব্য আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপিকা কৰবী শইকীয়া আৰু ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী জাহ্নৱী শইকীয়াই ।

বিয়লি ঢকুৱাখনা জিলা সন্মিলনৰ সভাপতি গংগেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । শিক্ষাবিদ দুলু শইকীয়াই উদ্বোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি বক্তব্য ৰাখে সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ সভাপতি তুলসী প্ৰসাদ শইকীয়াই । চুতীয়া জাতি উন্নয়ন পৰিদৰ  সদস্য চিত্ৰৰঞ্জন দাসে প্ৰয়াত ৰাজ্যিক সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক হৰেন চুতীয়া আৰু আজীৱন সদস্য কুল নাথ ভৰালীৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি পুণ্যত্মাৰ চিৰশান্তি কামনা কৰে ।

চুতীয়া জাতি উন্নয়ন পৰিষদৰ সদস্য ৰূপাঞ্জলী চুতীয়া, বিশিষ্ট নাগৰিক হেম বৰুৱা, চিকিৎসক ৰুমী বৰুৱা আদি গৰিষ্ঠ সংখ্যক জ্ঞাতি উপস্থিত থকা ৫০০ সংখ্যক সতী সাধনী দিৱস আৰু জিলা অধিৱেশনৰ অন্তিম দিনৰ সন্ধিয়ালৈ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তুলন চুতীয়াৰ উদ্বোধনেৰে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি দুদিনীয়া কাৰ্যসূচীৰ সফল সামৰণি পৰে। ইপিনে অধিৱেশন উপলক্ষে জিলা সমিতিৰ ১২ খন আঞ্চলিক সমিতিৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় সমিতিৰ পৰ্যৱেশক দেৱজিৎ শইকীয়া আৰু নোমল চুতীয়াৰ  উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাত অনাগত কাৰ্যকালৰ বাবে দিব্য খনিকৰক সভাপতি, গৌৰৱ বৰুৱাক সাধাৰণ সম্পাদক হিচাবে লৈ এখন ৩১জনীয়া জিলা সমিতি গঠন কৰা হয় ।

Also Read: সম্প্ৰীতিৰ অনুষ্ঠান: একলগ হ'ল বিশ্বনাথ আৰু ইটানগৰৰ সাংবাদিক...

dhakuakhana