/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f7757355-5280-4032-97b8-996632efdeb6/protest_lakhimpur.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: পথ নহয় যেন শাওনৰ বানৰ পংকময় পথাৰ । কি বাৰিষা কি খৰালি উভয় সময়তে একাঠু পানী আৰু বোকাৰে এক কদৰ্য ৰূপ । ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টি ধেমাজিৰ এটা চৰকাৰী গ্রাম্য পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8d16b632-7b6c-4dd5-afe3-c298d6133a87/04851abc_91db_47d2_8e1f_50454bc23fc3.jpg)
ঢকুৱাখনা মহকুমা আৰু ধেমাজি জিলাৰ সীমান্ত এলেকাত অৱস্থিত বৰদৈ লতাক গাঁও পঞ্চায়তৰ চুতীয়াকাৰী বৰগুৰি এলেকা সুদীর্ঘ দিন ধৰি এই দুৰৱস্থাৰ কৰাল গ্ৰাসত নিমৰ্জিত। লতাক পঞ্চায়তৰ বৰগুৰি তিনি আলিৰ পৰা ভোগেন্দ্ৰ তিনি আলি সংযোগী ১ নং চুতীয়াকাৰী আৰু ২ নং চুতীয়াকাৰী গাঁওৰ এই পথছোৱা কি খৰালি কি বাৰিষা, এজাক বৰষুণ দিলেই পথছোৱাত হয় একাঠু পৰ্যন্ত পানী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e2cad2ba-58c6-4a59-9f33-a531ea17a8c4/82c7113f_0c2d_42fb_b87e_85309426de03.jpg)
ভুক্তভোগী ৰাইজৰ অভিযোগ সম্প্ৰতি অধিক বিপদাপন্ন ৰূপ লোৱা এই গুৰুত্বপূৰ্ণ পথছোৱা নিৰ্মাণৰ বাবে প্ৰায় ১০ লাখ টকা আৱন্তন হৈছিল। কিন্তু লতাক গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য আৰু পঞ্চায়তখনৰ সভাপতি নন্দ পেগুৱে মিলিত হৈ জৰাজীৰ্ণ পথছোৱাত নূন্যতম পৰিমাণৰ মাটি পেলাই কাম সামৰি আৱন্তিত পুঁজি অপচয় কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।
পৰিণতিত সীমাহীন দুৰ্যোগ আৰু সমস্যাৰ মাজেৰে পথচাৰী, শিক্ষক-শিক্ষাৰ্থী, ৰাইজে যাতায়ত অব্যাহত ৰাখিছে দীৰ্ঘ দিন ধৰি । দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্রতিনিধিৰ এনে দুৰ্নীতি পৰায়ন নীতিৰ বাবেই যমৰ যন্ত্ৰণা ভোগী অহা অঞ্চলটোৰ নাগৰিক সকল খৰ্গহস্ত হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/20154014-4b2b-4b7c-a072-dd44f000237a/368f4945_fb2f_43d3_8538_dfd6882f1aa9.jpg)
নাগৰিকৰ প্ৰাপ্য অধিকাৰ লাভত প্ৰতিবন্ধক হৈ অহা এনেবোৰ জন প্ৰতিনিধিৰ দৌৰাত্ম্য দেখিও নীৰৱ বিধায়ক,মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা । কেৱল ভোট ল'বলৈ ৰাইজৰ মাজলৈ অহা শাসক গোষ্ঠীৰ এনে উদাসীনতাত অতিষ্ঠ হৈ দেওবাৰে ৰাজহুৱা প্ৰতিবাদ সাৱ্যস্ত কৰে ভুক্তভোগী ৰাইজে।
অঞ্চলটোৰ শতাধিক ভুক্তভোগী পুৰুষ, মহিলাই একাঠু পৰ্যন্ত পথৰ ওপৰৰ পানীৰ মাজতে সাৱ্যস্ত কৰে এই প্ৰতিবাদ। আমাক ৰাস্তা লাগিবই, দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধি মুর্দাবাদ, বৰগুৰি অঞ্চলৰ ৰাইজক এটা পথ দিয়ক, বিধায়ক মন্ত্ৰী ডাঃ ৰনোজ পেগু হুচিয়াৰ, সাংসদ প্ৰদান বৰুৱা হায় হায়, অসম চৰকাৰ মুর্দাবাদ আদি শ্লোগান দি সাৱ্যস্ত কৰে প্ৰতিবাদ ।
ভুক্তভোগী নাগৰিকৰ অভিযোগ কেৱল ভোট ল'বলৈ আহিলে নহ'ব । প্ৰাপ্য সুবিধা আমাক লাগিব । পথটোৰ এনে বিপদ সংকুল অৱস্থাৰ বাবে গঞাই নিজৰ যান-বাহন ঘৰলৈ নিব নোৱাৰে, জৰুৰী চিকিৎসাৰ বাবে ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহন সোমাব নোৱাৰে, একাঠু পানীত পৰি ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব লাগে।
এই জটিল সমস্যাটো সমাধান কৰাত গুৰুত্ব নিদিয়া শাসক দলৰ সাংসদ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধি সকলৰ এনে উদাসীন নীতিৰ বাবে অনাগত সময়ত ভুক্তভোগী ৰাইজে নিৰ্বাচন বৰ্জন কৰাৰ লগতে শাসক দল বিজেপিৰ বিৰুদ্ধে মুকলি ঐক্যবদ্ধ বিদ্রোহ কৰাৰো সকীয়নী দি ৰাইজৰ সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
ৰাইজৰ দাবী আগত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এই পথটো সবল ভাৱে নিৰ্মাণ কৰক। সভাই সমিতিয়ে গ্ৰাম্য উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰখনৰ শাসন কালতে এটা ৱাৰ্ডৰ নাগৰিকে উন্নয়ন বিচাৰি নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তৰে শাসক দলটোৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ কথাই গেৰুৱা চৰকাৰখনৰ কথা আৰু কামৰ যে সাদৃশ্য নাই সেয়া প্ৰকট কৰিছে ।
সাংসদ বৰুৱা আৰু বিধায়ক তথা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এটা গ্ৰাম্য পথ নিৰ্মাণৰ বেলিকা কৰি অহা চূড়ান্ত বঞ্চনা আৰু গঞাক দি অহা অবৰ্ণনীয় জ্বালা যন্ত্ৰণাৰ সমুচিত শিক্ষা সমাগত লোকসভা নিৰ্বাচনত ল'বলৈ শাসক দল, সাংসদ বৰুৱা আৰু মন্ত্ৰী ডাঃ পেগু সাজু থাকিবলৈ সকীয়াই দিয়া বিষয়টোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে।
Also Read: জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰিলে মনজিৎ মহন্তই...