ঢকুৱাখনা দৈনিক বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ; কাণসাৰ নাই পৌৰসভাৰ...

ঢকুৱাখনা দৈনিক বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ; কাণসাৰ নাই পৌৰসভাৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা দৈনিক বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ; কাণসাৰ নাই পৌৰসভাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ স্বচ্ছ, স্বাস্থ্যকৰ আৰু পৰিচ্ছন্ন নগৰ হিচাবে ঢকুৱাখনাক গঢ়ি তোলাৰ এক সাৰ্বজনীন প্ৰক্ৰিয়াই যেন মুখ থেকেছা খাইছে। ঢকুৱাখনা পৌৰ সভাৰ কষ্ট সহিষ্ণু চাফাই কৰ্মীসকলৰ দৈনিক আৰু নিৰন্তৰ প্ৰয়াসৰ স্বত্তেও এখন সুপৰিকল্পিত আৰু পৰিচ্ছন্ন পৰিৱেশৰ নগৰ গঢ়াত মনোনিবেশ নকৰা ৰাজীৱ দাস নেতৃত্বাধীন পৌৰ সভাখনৰ অদূৰদৰ্শী আৰু অকমন্য চিন্তা চৰ্চাৰ বাবে এনেদৰে উজুটি খাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

Advertisment

প্ৰধানতঃ নগৰখনৰ বৃহত্তৰ দৈনিক বজাৰ অঞ্চল অস্বাস্থ্যকৰ, দুৰ্গন্ধযুক্ত আৰু কদৰ্য পৰিৱেশৰ সৃষ্টি হৈ অহাত পৌৰসভাখনৰ লগতে এনেবোৰ বেপৰোৱা নেতৃত্বৰ অদক্ষতা নগ্ন ৰূপত উন্মোচিত কৰিছে। দৈনিক বজাৰ, মাছ আৰু মাংসৰ বজাৰ এলেকাৰ আশে-পাশে অতি দৃষ্টিকটু আৰু বেপৰোৱা ভাবে দুৰ্গন্ধময় অস্বাস্থ্যকৰ পৰিৱেশযুক্ত অৱস্থাত মুকলি ভাবে মাংস বিক্ৰীৰ যি ব্যৱস্থা পৌৰসভাই কৰিছে তাক লৈ জনস্বাস্থ্যজনিত বহু প্ৰশ্নৰ উত্থাপন হৈছে। গেলা পঁচা উচিষ্টৰে পৰিপূৰ্ণ নৰ্দমাৰ উৎকট দুৰ্গন্ধৰ মাজত মহ-মাখিৰে পৰিপূৰ্ণ উন্মুক্ত নৰ্দমাৰ ওপৰত দৈনিক গাহৰি, ব্ৰইলাৰ, কুকুৰা আদি মাংস মুকলি কৈ কাটি বিক্ৰী কৰাৰ লগতে মাছ, শাক-পাচলি বিক্ৰী কৰা এই প্ৰদূষিত পৰিৱেশৰ বজাৰক লৈ উদাসীন পৌৰ সভা।

ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক দৈনিক কৰ কাতলৰ কেঁকুৰা চেপা দিবলৈ নাপাহৰা পৌৰ সভাই বিক্রেতাসকলক এক স্বাস্থ্যসন্মত ব্যৱসায়িক পৰিৱেশ দিবলৈ গুৰুত্ব নিদিয়াৰ বাবে স্বাস্থ্য হানিকৰ পৰিৱেশৰ বিভিন্ন ৰোগ-ব্যাধিৰ বীজাণুযুক্ত খাদ্য ক্ৰয় কৰি ভক্ষণ কৰি আহিছে নাগৰিকে। কোনো ধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা বিশিষ্ট বজাৰৰ জ্ঞান নথকা পৌৰসভাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে তথা খাদ্য সুৰক্ষা বিভাগৰ অবিবেচকী ভূমিকাৰ বাবে খাদ্যৰ নামত ভয়াৱহ ৰোগৰ বীজাণু ক্ৰয় বিক্ৰয়ৰ মাৰাত্মক প্ৰক্ৰিয়া এটা দীৰ্ঘ দিন ধৰি চলি আহিছে দৈনিক বজাৰখনত। জনস্বাস্থ্যৰ সুৰক্ষাগত দিশটো আওকাণ কৰি পৌৰসভাৰ লগতে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়েও মুকলিভাবে মাছ-মাংস কাটি বিক্ৰী কৰা ভয়ংকৰ দিশটো পৰিদর্শন আৰু নিয়ন্ত্ৰণৰ বাবে অলপো সময় নাই লখিমপুৰ জিলা খাদ্য সুৰক্ষা বিভাগৰ অকৰ্মণ্য বেতন ভোগী বিষয়াৰ।

ঢকুৱাখনাবাসী গ্ৰাহক ৰাইজৰ জীৱনকলৈ নিৰ্লজ হেতালি খেলি অহা পৌৰসভাৰ এনে চূড়ান্ত বেপৰোৱা কার্যৰ স্বচক্ষে পৰিদর্শনৰো আহৰি নাই ঢকুৱাখনা মহকুমা প্ৰশাসনৰ । উন্মুক্ত অৱস্থাত বীজাণুযুক্ত মাছ-মাংসৰ বিক্রেতা সকলৰ সামগ্ৰী স্বাস্থ্যসন্মত ভাবে সংৰক্ষণ কৰি স্বাস্থ্যকৰ পৰিৱেশত বিক্ৰী কৰাৰ চৰকাৰী সুব্যৱস্থা ও নীতি নিৰ্দেশনা দিযাৰ ক্ষেত্ৰত মহকুমা প্ৰশাসন কঠোৰ নোহোৱাত গ্ৰাহকৰহে বিলৈ বিপত্তি দুগুণ বৃদ্ধি পাইছে।

পৌৰসভাই কেৱল ৰাজপথত স্বচ্ছ ভাৰত অভিযান চলাই অহাৰ বিপৰীতে দৈনিক বজাৰ এলেকাত এক প্ৰদূষিত পৰিৱেশ সৃষ্টিৰে জনজীৱনলৈ ভয়ংকৰ বিপদ নমাই অনা বিষয়টোকলৈ নীৰৱ তথাকথিত নাগৰিক, সামাজিক সংস্থা, সংগঠন । দৈনিক ব্যাপক সংখ্যক গ্ৰাহকৰ প্ৰয়োভৰ ঘটা দৈনিক বজাৰৰ বিপদজনকভাবে পৰি ৰোৱা উন্মুক্ত পুতিগন্ধময় নলা-নৰ্দমাসমূহ ঢাকি, পাচলি, মাছ-মাংসৰ বিক্রেতাসকলৰ লগতে অন্য ব্যৱসায়িক অঞ্চলৰ বিক্রেতাসকলক স্বাস্থ্যকৰ পৰিৱেশত সংৰক্ষণ কৰি বিক্ৰীৰ সুব্যৱস্থা কৰাত সোপাধিলা পৌৰসভাখনে তাৎক্ষণিক ভাৱে গুৰুত্ব দিয়াটো অতি প্ৰয়োজন হৈছে।

Also Read: ই-অফিচ কাৰ্যকৰী হ'লে ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হ'ব ৰাজ্যত

dhakuakhana