চহা কবি জীৱন দলেৰ "সোণালী চুলিৰ ছাঁ" উন্মোচন

মিচিং জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ সতে আত্মোৎসর্গা কৰা কবিৰ কাব্যগ্ৰন্থ

author-image
Asomiya Pratidin
New Update
চহা কবি জীৱন দলেৰ "সোণালী চুলিৰ ছাঁ" উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এগৰাকী চহা কাব্য স্ৰষ্টা । মিচিং জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ সতে আজীৱন আত্মোৎসর্গা কৰা এইগৰাকী বৰ্ষীয়ান কবিৰ কাব্যগ্ৰন্থ "সোণালী চুলিৰ ছাঁ" সোমবাৰে উন্মোচন কৰা হয়। কাব্যগ্ৰন্থখন উন্মোচন কৰা হয় ঢকুৱাখনা মাতমৰা একৰিয়া গাঁৱৰ লক্ষ্য নাথ দলে মেমৰীয়েল বিদ্যালয়ৰ প্ৰাঙ্গনত।

Advertisment

এই উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাব্য গ্ৰন্থখন উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। প্ৰবীণ শিক্ষাব্ৰতী বিশ্ব নাথ পেগুৰ সঞ্চালনাত অনুষ্ঠিত উন্মোচনী সভাত মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাঙৰ সহকাৰী সাধাৰণ সম্পাদক যতীন পেগু, সমাজকৰ্মী ৰাজু খনিকৰ, গমধৰ চুতীয়া, প্ৰবীণ শিক্ষাবিদ হৰেন দলে, উলেন পেগু, সুভাষ দলে, বীৰেন সিং পেগু, কৃষ্ট নাথ পেগু, দিলীপ কুটুম, নৱ কুমাৰ দলে, টি এম পি কেৰ কেন্দ্ৰীয় সদস্য ভূপেন দলে ব্ৰিগেন দলে, দিপাঞ্জল দলে, জিলা নেতৃত্ব সঞ্জীৱ দলে, মোহন পেগু, অমৰজিত দলে, অমৃত দলে আদি গৰিষ্ঠ সংখ্যক কাব্যপ্ৰেমী উপস্থিত থাকে।

মাতমৰা একৰিয়া গাঁৱৰ প্ৰচাৰ বিমুখ কবি জীৱন দলেৰ পত্নী কাঁচি লতা দলেৰ লগতে আত্মীয় জোনাকী দলে, ডিম্বেশ্বৰ দলে আদি উপস্থিত থকা উন্মোচনী সভাত প্ৰবীণ কবি জীৱন দলেৰ উপৰিও অতিথি যতীন পেগু, ৰাজু খনিকৰ, বৃগেন দলে আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখি কবিগৰাকীৰ সৃষ্টিশীলতাৰ শলাগ লয়। মিচিং আৰু অসমীয়া দ্বৈত ভাষাত লিখা মুঠ ৭০টা কবিতাৰে সমৃদ্ধ কাব্যগ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে উন্মোচক সুনীল কুমাৰ পেগুৱে ।

Also Read: নাজিৰাত গা-ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ...

poet poem