ঢকুৱাখনা আউট-নাৰায়ণপুৰ ইন : চৰকাৰৰ প্ৰতি ৰাইজৰ আক্ষেপ প্ৰকাশ

ঢকুৱাখনা আউট-নাৰায়ণপুৰ ইন : চৰকাৰৰ প্ৰতি ৰাইজৰ আক্ষেপ প্ৰকাশ

ডিজিটেল সংবাদ, ঢকুৱাখনা : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অৱশেষত ৰামঠগন দিলে ঢকুৱাখনাবাসীক। এই অভিযোগ ঢকুৱাখনাবাসীৰ।

বিগত এটা দশক ধৰি ঢকুৱাখনা মহকুমাবাসীক চৰকাৰখনে দেখুৱাই অহা এটা স্বপ্নত চেঁচাপানী পেলাই চূড়ান্তভাৱে প্ৰতাৰণা প্ৰবঞ্চনা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। আচলতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহকুমাবাসীক দেখুৱাইছিল এটা স্বপ্ন ।

তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নব দলেক সাক্ষী কৰি হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ পৰা ঢকুৱাখনা চিকিৎসালয়ত উপস্থিত হৈ পঁয়ালগা অৱস্থা প্ৰত্যক্ষ কৰি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিছিল- লখিমপুৰ জিলাত স্থাপন হব এখন চিকিৎসা মহাবিদ্যালয় । জিলা সদৰত অৱস্থিত জিলা অসামৰিক চিকিৎসালয়খন স্থানান্তৰিত কৰা হ'ব ঢকুৱাখনা সদৰলৈ ।

জিলা সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰৰ মহকুমা সদৰৰ ৰাইজে মন্ত্ৰীগৰাকীৰ এই ৰাজহুৱা ঘোষণাত পতিয়ন গৈছিল । আশা কৰিছিল কথা আৰু কামৰ সামঞ্জস্য ৰখা মন্ত্ৰী ডঃ শৰ্মাৰ কথা মতেই কাম হ'ব।  পিছে মাত্ৰ ৬টা বছৰৰ পাছতে ডঃ শৰ্মাৰ প্ৰতি ঢকুৱাখনাবাসীৰ থকা বৰ্ধমুল ধাৰণাৰ শ্মশান যাত্ৰা ঘটিল।

ঢকুৱাখনাবাসীক ৰামঠগন দি বিগত ৬টা বছৰে ব্ৰহ্ম টুপী পিন্ধাই অহা ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'লে ঢকুৱাখনাত কোনো পধ্যেই স্থাপন হ'বলৈ নিদিয়ে ১০০খন বিচনাযুক্ত জিলা অসামৰিক চিকিৎসালয় । অৰ্থাৎ এইখন গুৰুত্বপূৰ্ণ চিকিৎসালয়ৰ দৌৰৰ পৰা ঢকুৱাখনা 'আউট' । বিপৰীতে এইখন গুৰুত্বপূৰ্ণ চিকিৎসালয় স্থানান্তৰিত কৰিব নাৰায়ণপুৰলৈ । অৰ্থাৎ নাৰায়ণপুৰ 'ইন' ।

ৰাজ্য চৰকাৰৰ অসম স্বাস্থ্য আন্তঃগাঁঠনি উন্নয়ন আৰু পৰিচালনা সমিতিয়ে লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সঞ্চালকলৈ প্ৰেৰণ কৰা ডি চি এম/০৪/২০২২ (পাৰ্ট ফাইল -১) ৪৭/৫৩ নং এক গুৰুত্বপূৰ্ণ পত্ৰ যোগে এই সিদ্ধান্তৰ কথা পোহৰলৈ আহিছে ।  মহকুমাটোৰ ৰোগাক্ৰান্ত ৰাইজৰ স্বাস্থ্য সম্পদৰ সুৰক্ষাৰ বাবে আশা পালি থকা এই জিলা অসামৰিক  চৰকাৰী চিকিৎসালয়খন ঢকুৱাখনাত স্থাপন নোহোৱাটো স্পষ্ট হৈ পৰাত আশাহত হৈ পৰিছে নাগৰিক সমাজ ।

প্রধানকৈ ঢকুৱাখনাত উপযুক্ত আৰু পৰ্য্যাপ্ত বিশেষজ্ঞ চিকিৎসকৰ অভাৱত বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি অহা স্বাস্থ্য বিভাগৰ তিনিখন গুৰুত্বপূৰ্ণ চিকিৎসা গোট একত্ৰিত কৰি চলি আছিল মহকুমা অসামৰিক চিকিৎসালয়খন। গুৰুত্বপূৰ্ণ বিবেচিত চিকিৎসালয়খনৰ এই লাওলোৱা অৱস্থা জিলাখনৰ প্ৰধান অসামৰিক চিকিৎসালয়খন স্থানান্তৰিত হ'লে উত্তৰণ ঘটিব বুলি ভাবি থকা মহকুমাবাসীক অৱশেষত চৰকাৰখনে ৰাম টুপী পিন্ধালে বুলি আক্ষেপ প্ৰকাশ কৰে।

পূৰ্বৰ আশ্বাস প্ৰতিশ্ৰুতি সকলো দলিয়াই  ঢকুৱাখনাবাসীক এলাগী কৰি নাৰায়ণপুৰলৈ নিয়াৰ পৰিকল্পনা বাস্তৱায়িত কৰাত ইতিমধ্যে নামি পৰিলে ৰাজ্য চৰকাৰ। পৰিণতিত অনাগত যুগ যুগান্তৰলৈ মহকুমাবাসী এগৰাকী দক্ষ বিশেষজ্ঞ চৰকাৰী চিকিৎসকৰ চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ থকাৰ পথ প্রশস্ত হৈ পৰিল।

সুবিধাবাদী ৰাজনীতিকৰ বেপৰোৱা প্ৰতিশ্ৰুতিৰ বাবেই নে ৰাজনৈতিক শক্তিহীন সোৰোপা জনপ্ৰতিনিধি নৱ দলেৰ এলেহুৱা মনোভাৱ আৰু ৰাজনৈতিক শক্তিহীনতাৰ  বাবে এখন গুৰুত্বপূৰ্ণ চৰকাৰী চিকিৎসালয় লাভৰ পৰা ঢকুৱাখনাবাসী বঞ্চিত হ'বলগীয়া হ'ল সেয়া ধূসৰ । মহকুমাবাসী ৰোগাক্ৰান্ত ৰাইজৰ জীৱনক লৈ অতদিনে হেতালি খেলি চৰকাৰী চিকিৎসাৰ নামত ৰোগীক কেৱল "ৰেফাৰ" কৰিবলৈ খাপ পিটি থকা ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ কৰাল গ্ৰাসতে আজীৱন জীয়া যন্ত্ৰণা ভুগি মহকুমাবাসীযে কটাব লগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে।

ইয়াৰ পাছতো মৰটোপনি ভগা নাই ঢকুৱাখনাৰ একাংশ তথাকথিত  সংগঠনৰ । এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ শীৰ্ষ মহলৰে যোগাযোগ কৰাত কণা হাঁহক পতান দিয়া নীতিৰে ঢকুৱাখনাত জিলা চিভিল হাস্পটালৰ পৰিৱৰ্তে সমপর্যায়ৰ এখন চিকিৎসালয় স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে।

মহকুমা সদৰত জিলাখনৰ একমাত্ৰ "ফাৰ্ষ্ট ৰেফাৰেল ইউনিট" চিকিৎসা গোটটো বিগত দশক ধৰি তলা ওলমি থকা , ঢকুৱাখনা সামূহিক চিকিৎসালয়খন পৰ্যাপ্ত চিকিৎসকৰ অভাৱত আজীৱন ভুগি অহা , ৩০ খন বিচনা যুক্ত চিকিৎসালয়খন নিজে বিশেষজ্ঞ চিকিৎসক  চিকিৎসা বিষয়া আৰু চিকিৎসা কৰ্মীৰ অভাৱত পক্ষাঘাট ৰোগত আক্ৰান্ত হৈ অহাৰ দিশটো উনুকীয়াই দিয়া হয়।

ঢকুৱাখনাবাসী ৰোগাক্ৰান্তৰ জীৱনৰ মূল্য দিব নিবিচৰা চৰকাৰখনৰ ইচ্ছাকৃত বৈৰীতাৰ বাবেই প্ৰতিক্ষণে সাংবিধানিক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা বুলি স্পষ্ট কৰি দিয়াত এই সকলো অভাৱ সমস্যা জিলা পৰ্য্যায়ৰ চিকিৎসালয়খন স্থাপনৰ পাছত সমাধান হ'ব বুলি ব্যক্ত কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ সূত্ৰই। খোদ প্ৰভাৱশালী ডঃ শৰ্মাই ৰাজহুৱা প্ৰতিশ্ৰুতি দি যোৱাৰ পাছতো জিলা চিভিল হাস্পতালৰ পৰা বঞ্চিত হোৱাৰ পাছত এনেবোৰ বিভাগীয় আমোলাৰ কথা কিমান পতিয়ন যোগ্য সেয়া অভিজ্ঞতালব্ধ ৰাইজে বুজিছে।

বিগত প্ৰায় ৬টা বছৰে চিভিল হাস্পতালৰ "ললিপপ" খুৱাই অভিষ্ট সিদ্ধি কৰি অহা চৰকাৰৰ প্ৰতাৰণাৰ দিশটো উন্মোচিত কৰি দিয়াৰ পাছতো মুকবধিৰৰ ভূমিকা পালি যাব নেকি ঢকুৱাখনাৰ তথাকথিত অভিভাৱক সংগঠনে বুলি প্ৰশ্ন উত্থাপন কৰে। যুগ যুগ ধৰি উন্নত চিকিৎসা ব্যৱস্থাৰ পৰা বঞ্চিত হৈ লখিমপুৰ,ধেমাজি ,ডিব্ৰুগড়লৈ ঢাপলি মেলিব লগা হৈ অহা ঢকুৱাখনাবাসীৰ এনে স্পৰ্শকাতৰ বিষয়ত এনেবোৰ তথাকথিত সংগঠনে ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ মাত মাতিবনে বুলি এক প্ৰশ্ন হিচাবে সাধাৰণ ৰাইজৰ মাজত ধৰা দিছে ।

ঢকুৱাখনা আউট-নাৰায়ণপুৰ ইন : চৰকাৰৰ প্ৰতি ৰাইজৰ আক্ষেপ প্ৰকাশ
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মেৰাপানীত মহিলাৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in