কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মেৰাপানীত মহিলাৰ প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মেৰাপানীত মহিলাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,মেৰাপানী : মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মেৰাপানীত মহিলাৰ তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে কয় যে, ২০২১ চনত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশলেৰে ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল যদিও কিছুসংখ্যক লোকৰহে ঋণ ৰেহাইৰ ব্যৱস্থা কৰিছিল।

তাৰ পৰিবৰ্তে হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনি বেংকত ঋণৰ কিস্তি ঘুৰাই নিদিয়াত সেই ঋণৰ পৰিমাণ চক্ৰবৃদ্ধিৰ হাৰত বৃদ্ধি পোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁৱৰ মহিলা সকলৰ। প্ৰতিশ্ৰুতি অনুসৰি হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই সেই ঋণ মাফ নকৰিলে ৰাজপথত নামি দিছপুৰ হিলাবলৈ সাজু হোৱা বুলি প্ৰতিবাদী মহিলা সকলে জানিবলৈ দিয়ে।

মঙ্গলবাৰে চাউদাংপথাৰ ৰূপকলীয়াচুক ৰাজহুৱা মঞ্চত অনুষ্ঠিত এক প্ৰতিবাদী সভাত কেইবা শতাধিক মহিলাই ঋণ ৰেহাই সন্দৰ্ভত বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ভুৱা প্ৰতিশ্ৰুতিৰে গাঁৱৰ সহজ সৰল মহিলা সকলক শ'লঠেকত পেলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অহা ২০২৪ চনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে।

প্ৰতিবাদী সভাত কৃষক মুক্তিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মৰাণ আৰু নাৰী মুক্তি বাহিনীৰ কেন্দ্ৰীয় সভানেত্ৰী বিমলা গগৈ উপস্থিত থাকে। লগতে নাৰী মুক্তি সংগ্ৰামৰ জিলা সমিতিৰ বিনীতা মৰাণ, সংগীতা ঠেঙ্গাল আৰু পুৰবী ঠেঙ্গাল উপস্থিত থাকে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মেৰাপানীত মহিলাৰ প্ৰতিবাদ
বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক নীলু আচাৰ্যলৈ "অইল-ডিপিচি মিডিয়া বঁটা ২০২৩"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in