ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত চুৰি কাণ্ড...

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত চুৰি কাণ্ড...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ত চুৰি কাণ্ড...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসৰ সমুজ্জল প্ৰতীক ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়। ১৮৭২ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এইখন শিক্ষানুষ্ঠান ঢকুৱাখনীয়াৰ স্বাভিমানৰ এক বৰ্ণিল স্বাক্ষৰ ।

Advertisment

ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ নিচেই সমীপতে অৱস্থিত এইখন শিক্ষানুষ্ঠান একাদিক্ৰমে লক্ষ্য হৈ আহিছে এটা দুষ্ট চক্ৰৰ। এবাৰ দুবাৰ নহয় একাদিক্ৰমে ৬ বাৰকৈ এইখন শিক্ষানুষ্ঠানত চোৰৰ চাফাই অভিযান চলি আহিছে।

বিগত প্ৰায় ৩টা বছৰত কাৰ্য্যালয়ৰ তলা ভাঙি বৈদ্যুতিক ফেন, পানীৰ মটৰ, ছিলিণ্ডাৰ, লোৰ জপনা আদি বিভিন্ন গুৰুত্বপূৰ্ণ সামগ্ৰী চুৰ কৰি নিছিল। শেহতীয়াকৈ শনিবাৰে নিশা পুনৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কাৰ্য্যালয়ৰ ওপৰৰ চিলিং ভাঙি সোমাই চোৰে লুটপাত চলাই। বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে দেওবাৰে পুৱা বিদ্যালয়লৈ আহি কাৰ্য্যালয়ৰ দুৱাৰ খুলি প্ৰত্যক্ষ কৰে চোৰৰ চাফাই অভিযান ।

পৰৱৰ্তী সময়ত বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ্মাৱতী কোঁচক অৱগত কৰাত প্ৰধান শিক্ষকগৰাকী আহি বিদ্যালয়ৰ কিছু গুৰুত্বপূৰ্ণ সম্পত্তি চুৰি কৰাটো নিশ্চিত কৰে প্ৰধান শিক্ষকে জনোৱা মতে এইবাৰ চোৰে লক্ষণীয়ভাৱে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিৰ বাবে ব্যৱহৃত চৰকাৰ প্ৰদত্ত টেবলেট আৰু এখন উপস্থিতি বহী লৈ যায়। ইয়াৰোপৰি অন্য কিছু নথি পত্ৰও লৈ যোৱা বুলি জানিবলৈ দিছে বিদ্যালয় প্ৰধানে ।

শেহতীয়াকৈ বিদ্যালয়ৰ মূল্যৱান সামগ্ৰী চুৰি নকৰি কিয় কেৱল উপস্থিতি তথ্য উপলব্ধ চৰকাৰী পঞ্জীয়ন বহী চুৰি কৰা কথাটোত ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে। এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ঢকুৱাখনা আৰক্ষীক অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ পোৱা নাই।

Also Read: তিনিদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিব আপৰ নেত্ৰী আতিশী

dhakuakhana