কাজলগাঁৱত ইউপিপিএলৰ ২২ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা

কাজলগাঁৱত ইউপিপিএলৰ ২২ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা

ডিজিটেল সংবাদ, চিৰাংঃ সমাগত লোকসভা নিৰ্বাচনক লক্ষ্য কৰি চিৰাং জিলা সদৰ কাজলগাঁওস্থিত কাজলগাঁও পৌৰ সভাৰ কাৰ্য্যালয়ত দেওবাৰে বিয়লি ভাগত বিটিআৰৰ শাসকীয় ইউপিপিএল দলৰ ২২ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।দলৰ মুৰব্বী প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত বিশেষকৈ সমাগত লোকসভা নিৰ্বাচনক লৈয়ে দলটোৰ মজিয়াত আলোচনা কৰা হয় বুলি জনায় দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুবাৰকৈ প্ৰধানমন্ত্ৰী হৈ দেশক বিশ্বগুৰু কৰাৰ বাবে দিনে নিশাই কৰা কাম আৰু উত্তৰ পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদানেৰে আগুৱাই নিয়া আৰু বিটিআৰত শান্তি স্থাপনত গুৰুত্ব আৰোপ কৰাত ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে। বিটিআৰত শান্তি স্থাপনেৰে দ্ৰুত উন্নয়ণৰ কাম কৰাত বিটিআৰ চৰকাৰ ও প্ৰমোদ বড়োক ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ।ইউপিপিএল দলে আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰতিদ্বন্দী দেখা নাই আৰু সেই হিচাপে আমাৰ দলৰ জয় নিশ্চিত সেয়ে চিন্তা কৰিবলগীয়া একো নাই। চন্দন ব্ৰহ্ম ইউপিপিএলত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ পৰাই দলে অৱগত হৈছিল বুলি কোৱাৰ লগতে কয় যে দলীয়ভাৱে চন্দন ব্ৰহ্মৰ সৈতে কোনো যোগাযোগ হোৱা নাই। গণতান্ত্ৰিক দেশ আৰু সকলোৰে বাবে পথ মুকলি থকা দল ইউপিপিএল গতিকে ইয়াত দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যিকোনো লোকে যোগদান কৰিব পাৰে তাত দলৰ ক'বলগীয়া নাই তাত চন্দন ব্ৰহ্ম বা আন কোনো হ'ব পাৰে বুলি স্পষ্ট কৰি দি মন্তব্য কৰে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইউপিপিএল দলৰ ১১ জন নেতাক ষ্টাৰ কেম্পেইনাৰ হিচাবে নিযুক্তি প্ৰদান কৰে আজিৰ কাৰ্য্যনিৰ্বাহক সভাই। ৭ জনীয়া দলৰ কোৰ কমিটীক লোক সভা নিৰ্ব্বাচনৰ যাৱতীয় সিদ্ধান্ত গ্ৰহণৰ ৱাবে দায়িত্ব অৰ্পন কৰা হয় বুলি জনায় দলৰ সাধাৰণ সম্পাদকজনে। এনডিএ মিত্ৰজোঁটৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰিব কোৰ কমিটিয়ে। বুথ কমিটি গঠন ও সক্ৰিয়কৰণৰ দায়িত্বও কোৰ কমিটিক কৰ্তৃত্ব প্ৰদান কৰা হৈছে বুলি জনায় সম্পাদকজনে। তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনত সমগ্ৰ অসমতে আমাৰ ইউপিপিএল দলৰ সমৰ্থকসকলে বিজেপি-অগপ দলৰ প্ৰাৰ্থীক সমৰ্থন জনাব। ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীক সোধা প্ৰশ্নৰ উত্তৰত কয় যে নিৰ্বাচন আয়োগে দিন ঘোষণাৰ পিচতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলৰ কোৰ কমিটিয়ে।

কাজলগাঁৱত ইউপিপিএলৰ ২২ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা
ধেমাজিত বৈদিক সনাতন সমাজৰ অধিৱেশনৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in