/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/11958038-8280-455c-9e7a-6215cd1e8d19/7.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এখন স্বাধীনোত্তৰ কালৰ চৰকাৰী বিদ্যালয়। বৃটিছৰ আমোলতে ঢকুৱাখনা সদৰত প্ৰাণ প্ৰতিষ্ঠা হোৱা এইখন চৰকাৰী বিদ্যালয়ৰ গৰিমামণ্ডিত ঐতিহ্যত এক নব্য সংযোজন ঘটিল। ১৮৭২ চনতে আত্মপ্ৰকাশ কৰা এইখন মজলীয়া বিদ্যালয়ক উচ্চ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ এক ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ডেৰশ বছৰীয়া জয়ন্তীত উপস্থিত হৈ শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে বিদ্যালয়খনক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/13122966-19c9-4425-828a-f054e7a73ded/8baa0b86_b11b_4284_ae16_5c24a38e2573.jpg)
শিক্ষামন্ত্ৰীয়ে ঢকুৱাখনাবাসীক দিয়া উক্ত ৰাজহুৱা প্ৰতিশ্ৰুতি অৱশেষত বাস্তবায়িত হ'ল। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ই-৪৪৫৮২৪/৭ নং নিৰ্দেশনাযোগে এইখন মজলীয়া বিদ্যালয়ক উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰে।
এই সন্দৰ্ভত বিশিষ্ট জ্যেষ্ঠ নাগৰিক ভোলা নাথ গগৈৰ সভাপতিত্বত বিদ্যালয় কাৰ্য্যালয়ত অনুষ্ঠিত এখন ৰাজহুৱা সভাত বিদ্যালয় প্ৰধান পদ্মাৱতী কোচে এই শুভ সংবাদ সদৰী কৰি চৰকাৰী নিৰ্দেশনা প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3792afa2-0b55-49ce-8945-adb4baca5fb5/9c4925dc_474c_48a5_ac4c_bfe1edc87bad.jpg)
সভাত প্ৰবীণ শিক্ষাসদী নাগৰিক পূৰ্ণানন্দ গগৈ , চেনিৰাম বৰুৱা, হেম বৰুৱা, হৰি নাৰায়ণ গগৈ, সেৱক চুতীয়া, ৰুণু বৰা, পদ্মা বৰা, ডিম্বেশ্বৰ গগৈ, পূৰ্ণ লাহন, গন্ধেশ্বৰ গগৈ ,ৰাজু চুতীয়াৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক কৰ্মচাৰী উপস্থিত থাকি এই শুভ বাৰ্তাৰ বাবে ৰাজ্য চৰকাৰৰ শলাগ লয়। সভাতে পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ উত্তৰণ আৰু শৈক্ষিক বিকাশৰ লগত কিদৰে ৰাইজক সংপৃক্ত কৰিব পৰা যায় আৰু নতুন শ্ৰেণীত শিক্ষাৰ্থীৰ নামভৰ্তি কৰিব পৰা যায় তাৰ ওপৰত বিস্তৃত আলোচনাত মিলিত হয়।
চলিত শিক্ষাবর্ষৰ পৰাই নতুন শ্ৰেণীত নামভৰ্তি কৰাৰ বাবে কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভতো বিদ্যালয়ৰ শিক্ষক সমাজে অৱলোকন কৰে। সভাত চলিত বৰ্ষত অষ্টম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যোৱা শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ সৈতে শিক্ষাসদী ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষৰ এখন যৌথ সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত বিদ্যালয় প্ৰধানক দায়িত্ব অৰ্পণ কৰা হয়।
Also Read: ৪মাহে নিৰুদ্দেশ হৈ আছে জলপাইগুৰিৰ এটি ১২বছৰীয়া শিশু...