৪মাহে নিৰুদ্দেশ হৈ আছে জলপাইগুৰিৰ এটি ১২বছৰীয়া শিশু...

৪মাহে নিৰুদ্দেশ হৈ আছে জলপাইগুৰিৰ এটি ১২বছৰীয়া শিশু...

ডিজিটেল ডেস্কঃ জলপাইগুৰিত নিৰুদ্দেশ হৈছে এটি ১২বছৰীয়া শিশু। ২৭জানুৱাৰীৰ দিনৰ ১১.৩০ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে আদিত্য চৰকাৰ নামৰ শিশুটো। ৩১ নং ৱাৰ্ডৰ সীতালা পাৰাত থকা মামকৰ ঘৰলৈ যোৱাৰ পথৰ পৰা নিৰুদ্দেশ হয়। চিচিটিভি ফুটেজ আৰু ট্ৰেফিক গাৰ্ডৰ অনুসৰি পিতৃ অভিক চৰকাৰ আৰু মাতৃ মমতা চৰকাৰ সৈতে আদিত্যক শেষবাৰৰ পৰা জলপাইগুৰি জংচনত দেখা গৈছিল।

উল্লেখযোগ্য যে ২৮জানুৱাৰীত নিশা ৯:০০ বজাত নক্সালবাৰীৰ পৰা ৰাধিকাপুৰ এক্সপ্ৰেছৰে যোৱা এগৰাকী ব্যক্তিয়ে শিশুটিক ২৭তাৰিখে নিশা প্ৰায় ৭বজাত ৰাধিকাপুৰ এক্সপ্ৰেছত গৈ থকা অৱস্থাত দেখা পোৱা বুলি জনায় যদিও শিশুটিৰ কোনো সম্ভেদ পোৱা নগ'ল। শিশুটিক নিউ কোচ বিহাৰৰ চিচিটিভি ফুটেজত শিশুটি শৰাইঘাট এক্সপ্ৰেছত উঠা দেখা গৈছিল। ইয়াৰ পিছত শিশুটিৰ গতিবিধিৰ কোনো তথ্য পোৱা নগ’ল।

আৰক্ষীয়ে তদন্ত চনলাই আছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ পোৱাৈ নাই শিশুটিৰ।শিশুটিৰ পিন্ধনত আছিল এটা চুৱেটাৰ, এটা কলা ৰঙৰ ট্ৰেকপেন্ট আৰু জোতা। ল'ৰাটোৰ উচ্চতা ৪.৬ ইঞ্চ। ল'ৰাটোৰ কোনো সম্ভেদ পালে অভিভাৱক পিতৃ অভিক চৰকাৰ আৰু মাতৃ মমতা চৰকাৰে ৯০৮৩০৮৬১৫৫/৮৬৫৩৯৬১৪৮৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

৪মাহে নিৰুদ্দেশ হৈ আছে জলপাইগুৰিৰ এটি ১২বছৰীয়া শিশু...
হাগ্ৰামাৰ শাসনত বিটিচিত ক'লা ধোঁৱা উৰিছিল, মুছলমানে প্ৰাণ হেৰুৱাইছিলঃ নেমছু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in