ঢকুৱাখনাত অবৈধ ঋণদাতা কাবুলীৰ বিৰুদ্ধে অভিযানত আটক ১

ঢকুৱাখনাত অবৈধ ঋণদাতা কাবুলীৰ বিৰুদ্ধে অভিযানত আটক ১

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অবৈধ ঋণদাতা কাবুলীৰ বিৰুদ্ধে অভিযানত আটক ১

ডিজিটেল সংবাদ, ঢকুৱাখনা: অবৈধ ঋণদাতা তথা স্বয়ম্ভূ কাবুলীৱালাৰ বিৰুদ্ধে দেওবাৰে মাজনিশা তৎপৰ হ'ল লখিমপুৰ জিলা আৰক্ষী। সমগ্ৰ জিলাখনৰ আৰক্ষী থানা সমূহৰ এলেকাত মাজনিশা একেলগে আৰম্ভ হয় সুদখোৰৰ বিৰুদ্ধে তীব্রতৰ অভিযান।

Advertisment

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মুনিন্দ্ৰ দেউৰীৰ তদাৰকীত চলোৱা হয় জিলা জুৰি এই অভিযান। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈৰ নেতৃত্বত দেওবাৰে নিশা ১১বজাত আৰম্ভ হয় এই অভিযান ।

ঢকুৱাখনা থানাৰ আৰক্ষীৰ দলটোৱে প্ৰথমে ঢকুৱাখনা নগৰৰ সেউজ নগৰৰ বাসিন্দা ঋণদাতা ভবেন দুৱৰীৰ ঘৰত অভিযান চলায়। সশস্ত্ৰ আৰক্ষীৰ দল আৰু মহিলা আৰক্ষীৰ সহযোগত চলোৱা অভিযান কালত বহু সংখ্যক এই অবৈধ বেহাৰ সৈতে সম্পৃক্ত একাউণ্ট, এ টি এম কাৰ্ড আদি জব্ধ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতেই দলটোৱে অভিযান আৰম্ভ কৰে গোৱিন্দপূৰ গাঁওৰ অবৈধ ঋণদাতা ৰাজীৱ কোচৰ ব্যৱসায়িক সহায়ক টিলেশ্বৰ দত্ত ওৰফে ৰামজীৰ ঘৰত ।

মাজনিশা দত্তক ঘৰৰ পৰা বহু নথিপত্ৰসহ আটক কৰি আনি ঢকুৱাখনা সদৰৰ পি এন বি কমপ্লেক্সত অৱস্থিত কাৰ্যালয়ত তালাচী চলায় ।তালাচী কালত শ শ এ টি এম কাৰ্ড ,গ্ৰাহকৰ পৰা কুক্ষীগত কৰি ৰখা পাছবুক , চেকপাত ,উকা কাগজত স্বাক্ষৰ যুক্ত পত্ৰ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এটা দলে পুৱতি নিশা লৈকে চলোৱা অভিযানৰ সমান্তৰাল ভাৱে একেটা কমপ্লেক্সত থকা অবৈধ ঋণদাতা ৰামু জৈনৰ বাসগৃহত তালাচী চলায়। লগতে সুদখোৰ জৈনৰ কাৰ্যালয়ৰ চাবি জব্দ কৰি কৰি পুৱতি নিশা অভিযানৰ সামৰণি মাৰে। অভিযান কালত দুই সুদখোৰ ক্ৰমে ভবেন দুৱৰী আৰু ৰামু জৈন ঘৰত উপস্থিত নথকাত আৰক্ষীৰ জালৰ পৰা সৌভাগ্য ক্ৰমে ৰক্ষা পৰে। কিন্তু অচিৰেই থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আৰক্ষী বিষয়াই ।

ইপিনে দেওবাৰৰ ওৰে নিশা আৰক্ষীযে চলোৱা সুদখোৰ বিৰোধী অভিযানকলৈ শংকিত মহকুমাটোৰ কুৰিৰো অধিক এনে ব্যৱসায়ী। বহুতে নিৰাপদ স্থানত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে । অৰ্ধ শতাধিক এনে অবৈধ ঋণদাতাৰ নাম তালিকা প্ৰস্তুত কৰি আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলোৱাৰ পৰিকল্পনা কৰি থকা বুলি জনা গৈছে।

ইপিনে জিলাখনৰ এনে অবৈধ  ঋণদাতাৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে লখিমপুৰ জিলা আৰক্ষীক শীঘ্ৰে অৱগত কৰাৰ আহ্বান জনাইছে জিলা আৰক্ষীয়ে । জিলা আৰক্ষীৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষ: ৬০২৬-৯০০৮৬১ , ৯৪৩৫৭ ৬০৮৯৯ (ৱাটছএপ) যোগে অৱগত কৰাৰ আহ্বান জনায় । অভিযোগকাৰীৰ পৰিচয় গোপনে ৰখা হ'ব বুলি নিশ্চয়তা প্ৰদান কৰিছে ।

Also Read: কাৰ গাফিলতি? মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ সলনি ওলাল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত

Assam police