কাৰ গাফিলতি? মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ সলনি ওলাল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত

কাৰ গাফিলতি? মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ সলনি ওলাল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত

ডিজিটেল সংবাদ, কোকৰাঝাৰ :কোকৰাঝাৰত মেট্ৰিক পৰীক্ষাত অঘটন। কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা হাইস্কুলত খেলিমেলিৰ ঘটনা সংঘটিত হৈছে।

সোমবাৰে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু সেইমতে পৰীক্ষাৰ্থীসকলে নিজ নিজ আসনত বহি পৰীক্ষা দিয়াৰ বাবে সাজু হৈ আছিল। পৰীক্ষাৰ দায়িত্বত থকা শিক্ষকসকলে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা খোলাত দেখা পায় যে ভিতৰৰ টোপোলাত সাধাৰণ বিজ্ঞানৰ হে প্ৰশ্নকাকত আছিল ।

লগে লগে বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰায় আৰু ততাতোয়াকৈ উক্ত প্ৰশ্নকাকতৰ টোপোলাটো থানাত জমা দি নতুন প্ৰশ্নকাকতৰ টোপোলা আনি পৰীক্ষা পাতে। সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ কমেও ১০ -১৫ মিনিট সময় গুচি যায় যাৰ পৰিণতিতত পৰীক্ষা আৰম্ভ কৰাত কিছু পলম হয় ।

আনহাতে বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্তাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত লেবেল তথা পেকেটিংৰ ভুলৰ বাবেহে এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰিছে ।

পেকেটৰ ওপৰত সমাজ বিজ্ঞান বুলিয়েই লিখা আছিল যদিও পেকেটৰ ভিতৰত আকৌ সাধাৰণ বিজ্ঞানৰহে লেবেল আছিল বুলি মন্তব্য কৰিছে । উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত প্ৰশ্নকাকতৰ টোপোলাসমূহ কোকৰাঝাৰ সদৰ থানাত জমা দিয়া হয় আৰু প্ৰশ্নকাকতৰ নতুন টোপোলা আনি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

৫ মিনিটমান সময় পলম হ'ল আৰু সেয়া বঢ়াই দিব পৰা যাব বুলি মন্তব্য কৰি ভাল পেকেটিংৰ বাবে অনাকাংক্ষিত ঘটনা নহল বুলি মন্তব্য কৰিছে বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্তাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই ।

কাৰ গাফিলতি? মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ সলনি ওলাল সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত
২১ ফেব্ৰুৱাৰীৰ পৰা মঙলদৈত বর্ষীয় বৰসভা, মুখ্যমন্ত্রীয়ে কৰিব পূর্ণাহুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in