/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/39c27c95-6e12-4590-a6a6-3caf97f893b4/Dhakuakhana_hs.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী অধ্যাপিকাৰ বিশেষ পদক্ষেপ। উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকাই ন-ৰূপ দিলে ভগ্নপ্ৰায় এটি প্ৰেক্ষাগৃহৰ। মহাবিদ্যালয়খনৰ অৱসৰী অধ্যাপিকা ড০ তিলোত্তমা ভৰালীয়ে নিজৰ কষ্টোপাৰ্জিত ধনেৰে পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভগ্নপ্ৰায় এটা প্ৰেক্ষাগৃহ ন-ৰূপ দি ছাত্ৰ-ছাত্ৰী লৈ উপহাৰ দিয়ে।
বিগত ২৮ এপ্ৰিল ২০২৩ তাৰিখে প্ৰেক্ষাগৃহতিৰ শুভ উদ্বোধন কৰি বিদ্যালয় কৰ্তৃপক্ষলৈ আগবঢ়ায় অৱসৰী অধ্যাপিকা গৰাকীয়ে। যাৰ বাবে এতিয়া সকলোৰে শলাগৰ পাত্ৰ হৈ পৰিছে তেওঁ। উক্ত দিনটো ঢকুৱাখনাবাসীৰ বাবে বুৰঞ্জীৰ পাতত সোণলী আখৰেৰে লিখি ৰ'ব বুলি সচেতন মহলে মত ব্যক্ত কৰে।
উল্লেখ্য যে, উদ্বোধনী দিনা মুকলি সভাৰ সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত বিষয় শিক্ষক ভৰত চন্দ্ৰ দত্তই। আনহাতে প্ৰেক্ষাগৃহৰ উদ্বোধন কৰে ঢকুৱাখনা শিক্ষক-প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ্য ড০ প্ৰদীপ চন্দ্ৰ বৰাই। আনহাতে উক্ত সভাত উপস্থিত থাকি বক্তব্য থাকি বক্তব্য আগবঢ়ায় বিশিষ্ট সাহিত্যিক মনালিচা শইকীয়াই।
Also Read: এইবাৰ ডিভৰ্চৰ ফটোশ্বুট: পিছে প্ৰকৃততে কি ইয়াৰ আঁৰৰ কাহিনী...