ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ মহানুভৱতা...

ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম নামজ্বলা শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত দুটা দশকৰো অধিক কাল ধৰি প্ৰকাশিত হৈ আহিছে বিদ্যালয়খনৰ মুখপত্ৰ "বিকাশ"
মুখপত্ৰ "বিকাশ"  উন্মোচন
মুখপত্ৰ "বিকাশ" উন্মোচন

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম নামজ্বলা শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত দুটা দশকৰো অধিক কাল  ধৰি প্ৰকাশিত হৈ আহিছে বিদ্যালয়খনৰ মুখপত্ৰ "বিকাশ" । ১৯৫৮-১৯৫৯ চনত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিশিষ্ট নাট্যকাৰ, শিক্ষাবিদ প্ৰয়াত ডঃ চন্দ্ৰধৰ চমুৱাৰ সম্পাদনাত হাতে লিখা আকাৰত প্ৰস্তাৱনা সংখ্যা আৰু ১৯৬০ চনত  যগ্যোৰাম চেতিয়াৰ সম্পাদনাত  হাতে লিখা আকাৰত দ্বিতীয় সংখ্যা প্ৰকাশ কৰি উলিওৱা এই "বিকাশ" পৰৱৰ্তী সময়ত ১৯৬১ চনৰ পৰা ছপা আকাৰেৰে প্ৰকাশ হৈছিল বিদ্যালয় পৰিয়ালৰ উদ্যোগত। 

উন্মোচনী সভা
উন্মোচনী সভা

বিদ্যালয়খনৰ ঐতিহ্য বিজড়িত এই মুখপত্ৰখনৰ ২৮ সংখ্যক প্ৰকাশ শনিবাৰে শুভ উন্মোচন কৰা হয় । ১৯৭৩ বর্ষৰ বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত বর্ষৰ শিক্ষাৰ্থী সকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু নিজস্ব উদ্যোগত বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ কলা শাখাৰ ছাত্ৰী জুৰিমনি দাসৰ সম্পাদনাত প্ৰকাশ কৰা ১২৬ পৃষ্ঠাৰ তত্বগধূৰ লেখনি সমৃদ্ধ ২৮ সংখ্যক মুখপত্ৰখন শনিবাৰে এক মননশীল পৰিবেশত শুভ উন্মোচন কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লিখন চন্দ্ৰ বুঢ়াগোহাঁইয়ে ।

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈৰ সভাপতিত্বত এই সন্দৰ্ভত আয়োজিত  উন্মোচনী সভা শুভাৰম্ভ কৰা হয় বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেনিৰাম বৰুৱাৰ বন্তি প্ৰজ্বলনেৰে । বিদ্যালয়খনৰ  ছাত্ৰী সকলৰ এটি শ্ৰুতিমধুৰ সমবেত সংগীতেৰে শুভ উদ্ধোধন কৰা সভাখনত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰেম গগৈ, পদ্মা বৰা, অৱসৰপ্ৰাপ্ত  উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈ, অৱসৰপ্ৰাপ্ত অসম অসামৰিক সেৱাৰ বিষয়া যোগেশ বৰুৱা, অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক মহেন্দ্ৰ গগৈ, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী পুষ্পা গগৈ, কুসুম বৰুৱা আদি ।

সভা
সভা

ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক শিক্ষানুৰাগী ৰাইজ, বিশিষ্ট ব্যক্তি আৰু  বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষাৰ্থী উপস্থিত থকা অনুষ্ঠানত বিদ্যালয় পৰিয়াল আৰু প্ৰাক্তন শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত হয় এক সৌহাদ্যমূলক আলাপ অনুষ্ঠান । উল্লেখ্য যে উক্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে শনি আৰু দেওবাৰে দুদিনীয়াকৈ বিদ্যালয় প্ৰাংগণত সোণালী জয়ন্তী সতীৰ্থ সন্মিলনখন অনুষ্ঠিত কৰিছে ।

শনিবাৰে এই মুখপত্ৰ উন্মোচন কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত দেওবাৰে অৱসৰী প্ৰশাসনিক বিষয়া যোগেশ বৰুৱাৰ সঞ্চালনাত "অন্তৰংগ আলাপ" অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে তেতিয়াৰ শিক্ষাগুৰু সকলক শ্ৰদ্ধাশীল সম্বৰ্ধনা জনাই দুদিনীয়া কাৰ্যসূচীৰ সফল সামৰণি পৰিব । স্মৰ্তব্য যে সভাতেই ১৯৬৭-১৯৬৮ বর্ষৰ শিক্ষাৰ্থী সকলে বিদ্যালয় পুথিভঁৰাললৈ অৰ্ধ লক্ষ (৫০ হাজাৰ)টকা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

মুখপত্ৰ "বিকাশ"  উন্মোচন
মাকুমত কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহ কাৰ্যসূচী, 'হাথ সে হাথ জোড়ো অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in