/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ff2bf68d-92ef-4f07-b508-878a1a8ee643/dhokuakhana_19.jpg)
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি...
ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ মাজ মজিয়াত ব্ৰিটিছৰ শাসন কালতে ১৮৭২ চনতে প্ৰতিস্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী উৎসৱৰ বৃহস্পতিবাৰে সামৰণি পৰে । বিগত এটা বছৰ ধৰি শৈক্ষিক প্ৰতিষ্ঠানখনৰ এই ডেৰশ বছৰীয়া জয়ন্তীৰ ধাৰাবাহিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ বৃহস্পতিবাৰে বৰ্ণিল পৰিসমাপ্তি ঘটে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1b7145cb-6cad-4cc9-b2eb-e3fdba61c86d/576c49e0_1d7f_4eaa_bad3_6a4bc33e220c.jpg)
তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত এই সামৰণি উৎসৱৰ বৃহস্পতিবাৰে বিদ্যালয় প্ৰাঙ্গনৰ পৰা বাহিৰ হোৱা এক দৃষ্টিনন্দন সাংস্কৃতিক শুভাযাত্ৰাৰে এই অনুষ্ঠানৰ মূল কাৰ্যসূচীৰ সামৰণি পৰে। বিদ্যালয়খনৰ প্ৰাক্তন বিদ্যাৰ্থী, শিক্ষক কৰ্মচাৰী, বিদ্যালয় পৰিয়াল , শিক্ষাৰ্থী ,অভিভাৱক আৰু শুভাকাংক্ষী শিক্ষাসদীৰ লগতে গায়ন বায়ন, বিহু,আয়তীৰ কলহ লৈ যাত্ৰা,জনগোষ্ঠীয় বিহুকে প্ৰমুখ্য কৰি বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা এই বিশাল শোভাযাত্ৰাৰ উদ্বোধন কৰে মিষ্টাৰ ৱৰ্ল্ড ,মিষ্টাৰ ইউনিভাৰ্চ ২০১৮ গোলাপ ৰাভাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1401f087-d4d3-4653-a8ad-da73042e7985/9d5c67e4_aff0_44d7_8c05_becc2bf86922.jpg)
ঢকুৱাখনাৰ আকাশ বতাহ মুখৰিত কৰি বাহিৰ হোৱা এই দৃষ্টিনন্দন শুভাযাত্ৰাই ঢকুৱাখনা নগৰ চাৰিআলি হৈ নগৰাঞ্চল পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয় প্ৰাঙ্গনত প্ৰৱেশ কৰি এই কাৰ্যসূচীৰ সামৰণি মাৰে। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী বিদ্যাৰ্থীসকলৰ বিচিত্ৰানুষ্ঠানেৰে আৰম্ভ হয়।
ইয়াৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। উদযাপন সমিতিৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাবে বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড০ জয়ন্তী চুতীয়া, মিষ্টাৰ ৱৰ্ল্ড ,মিষ্টাৰ ইউনিভাৰ্চ ২০১৮ গোলাপ ৰাভা,নিৰ্দিষ্ট বক্তা হিচাবে অৱসৰপ্ৰাপ্ত বন সংৰক্ষক দিগন্ত গগৈ ভূপেন্দ্ৰ দেৱ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/4621ea8a-bf8e-45ee-8627-963c1051200d/e48164b8_195e_432b_9039_d0b35666f681.jpg)
মুকলি সভাত বক্তব্য ৰাখি শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে মজলীয়া বিদ্যালয়ৰ স্তৰৰ পৰাই হাতৰ বিদ্যা অৰ্থাৎ "ভকেচনেল এডুকেচন"ৰ প্ৰায়োগিক দিশৰ প্ৰতি ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি কৈ এনে শিক্ষা ব্যৱস্থা প্ৰবৰ্তনৰ বাবে ইতিমধ্যে প্ৰায় ১৮শ কোটি টকাৰ এক চুক্তি স্বাক্ষৰিত কৰাৰ কথা ব্যক্ত কৰে। সভাত ডাঃ পেগুৱে টাটা টেকন'লজীৰ সৈতে এই চুক্তি স্বাক্ষৰিত কৰি প্ৰতিখন আই আই টি ,প্ৰতিখন পলিটেকনিক কলেজত এই পুঁজি ব্যয় কৰি এনে শিক্ষাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণ কৰিব আৰু পৰৱৰ্তী সময়ত বিদ্যালয় স্তৰত এই শিক্ষা ব্যৱস্থা প্ৰবৰ্তনৰ চিন্তা চৰ্চা কৰা বুলি কৈ যুৱ প্ৰজন্মক ভকেচনেল শিক্ষাৰে শিক্ষিত কৰি তুলিব বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/dce980f2-fc20-41de-a482-d3306e7c74f7/5cccb7bf_e827_414e_b097_e1ae9889bf38.jpg)
সন্ধিয়ালৈ বিদ্যালয় প্ৰাঙ্গনত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছতেই জয়ন্তী আৰু বিদ্যালয়ৰ উত্তোলিত পতাকা অৱনমন কৰি তিনি দিনীয়া বৰ্ণিল পৰিক্ৰমাৰ যবণিকা মৰা হয় ।
Also Read: ৰাইজে ধৰি চোৰ গতালে আৰক্ষীক