ৰাইজে ধৰি চোৰ গতালে আৰক্ষীক

ৰাইজে ধৰি চোৰ গতালে আৰক্ষীক

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতালে এজন চোৰ৷ দিন দুপৰতে গৃহস্থ নথকাৰ সুবিধা লৈ আলমিৰা ভাঙি থাকোতে ৰাইজে চোৰৰ উমান লাভ কৰি অভিযান চলাই৷

ৰাইজৰ উপস্থিতি গম পায় চোৰটোৱে ঘৰৰ কোঠাৰ পৰা পলাই গৈ কলঙত জাপ দিয়ে ৷ কলঙত সাঁতুৰিব নোৱাৰি বশ্যতা স্বীকাৰ কৰি ৰাইজৰ ওচৰত আত্মসমৰ্পন কৰে চোৰে ৷ অৱশেষত ৰাইজে কলঙ লদীৰ পৰা কৰায়ত্ত কৰে চোৰটোক।

চোৰটোক উত্তম মাধ্যম প্ৰদান দি পাছত ইটাচালী টাউন আৰক্ষী চকীত গতাই দিয়ে উপস্থিত ৰাইজে৷ ৰাইজে কৰায়ত্ব কৰা চোৰটোৰ নাম আশ্বাদুল হক বুলি জানিব পৰা গৈছে ৷ নগাঁৱৰ চকিটূপৰ বিষ্ণু মন্দিৰৰ ওচৰত আশ্বাদুল হকৰ ঘৰ৷ নগাঁও চহৰৰ ৰত্নপুৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰে দিবাকৰ বৰাৰ ঘৰত চুৰি কৰিছিল আশ্বাদুল হকে ৷ উল্লেখ্য যে, চোৰ আশ্বাদুল হক ড্ৰাগছ আসক্ত ৷

ৰাইজে ধৰি চোৰ গতালে আৰক্ষীক
অন্য় এক অভিলেখৰ দিশে ৰোহিত শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in