ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ ফাটবিহু আদৰণি তোৰণ ভাঙিলে দুৰ্বৃত্তই...

ঢকুৱাখনা সদৰ আৰক্ষীৰ সোপাধিলা নীতিৰ সুবৰ্ণ সুযোগ লৈ এচাম উদণ্ড আৰু উন্নাসিক যুৱকৰ দৌৰাত্ম্য চলিছে নগৰৰ হাটে বাটে

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ ফাটবিহু আদৰণি তোৰণ ভাঙিলে দুৰ্বৃত্তই...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ আৰক্ষীৰ সোপাধিলা নীতিৰ সুবৰ্ণ সুযোগ লৈ এচাম উদণ্ড আৰু উন্নাসিক যুৱকৰ দৌৰাত্ম্য চলিছে নগৰৰ হাটে বাটে । দিনে নিশাই তীব্ৰবেগত পঞ্জীয়ন বিহীন যান বাহন চলাই জনজীৱন ভীতিগ্ৰস্ত কৰি তোলা এনেবোৰ যুৱকক নিয়ন্ত্ৰণ কৰাত তিলমানো গুৰুত্ব নিদিয়ে ঢকুৱাখনাৰ আৰক্ষী প্ৰশাসনে ।

Advertisment

এনে প্ৰেক্ষাপটত সৰ্বসাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিছে । গুৰু গোঁসাই নমনা এনেচাম উদণ্ড যুৱকৰ অভদ্ৰামী চলি থকাৰ মাজতে শুকুৰবাৰে মাজ নিশাৰ পৰা পুৱতি নিশা পৰ্যন্ত ফাটবিহ উপভোগ কৰা দৰ্শকৰ ওপৰত চলে অভদ্ৰামী আচৰণ । অন্যহাতে ফাটবিহুৰ এখন আদৰণি তোৰণ ভাঙি লণ্ডভণ্ড কৰে এক অশুভ চক্ৰই।

ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থা, মিচিং সংগ্ৰাম সমিতি আৰু মিচিং মহিলা সমিতিৰ উদ্যোগত ফাটবিহুৰ দৰ্শক আৰু অন্তিম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিব লগীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাই ৰাজপথৰ ওপৰত স্থাপন কৰা এখন আদৰণি তোৰণ যোৱা নিশা কোনো এক অশুভ চক্ৰই ভাঙি-ফালি বিস্তৰ ক্ষতি সাধন কৰে ।

শনিবাৰে পুৱা এই সন্দৰ্ভত মিচিং জাতীয় সংগঠন জ্ঞাত হোৱাত ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰিছে । জিলা মিচিং ছাত্ৰ সন্থাৰ সভাপতি অমৰজিত দলেয়ে এনে অবিবেচকী কাৰ্যক ধিক্কাৰ দি এনে নিকৃষ্ট দুষ্কাৰ্য নকৰিবলৈ সকলো পক্ষক সকীয়াই দি এয়া এক পৰিকল্পিত চক্ৰান্ত বুলি জানিবলৈ দিছে ।

Also Read: কৰ্ণাটক বিধানসভা নিৰ্বাচন: ক্ষমতা দখলৰ দিশে অগ্ৰসৰ কংগ্ৰেছ...

dhakuakhana