ঢকুৱাখনাত কাৰ কৃপাত ৰিজেক্ট পাৰকুপাইন হ'ল পাৰফেক্ট !

একালৰ বৰ্জিত পাৰকুপাইনক উৎকৃষ্টতাৰ স্বীকৃতি দি দায়িত্বহীনভাৱে স্পৰ্শকাতৰ খহনীয়াগ্ৰস্ত অংশত ব্যৱহাৰ...
ঢকুৱাখনাত কাৰ কৃপাত ৰিজেক্ট পাৰকুপাইন হ'ল পাৰফেক্ট !

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ চৰকাৰী আঁচনি মাত্ৰেই খীৰতী গাই গণ্য কৰি অহা এক ভয়ানক প্ৰৱণতা ঢকুৱাখনাত চলি আহিছে। এইবাৰ ঢকুৱাখনা জলসম্পদ বিভাগত জন স্বাৰ্থৰ দিশটো নিলগাই কেৱল লুটি পুতি খোৱা দুৰ্নীতিগ্ৰস্ত মানসিকতা প্ৰকট হৈছে। যি সময়ত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াই ঢকুৱাখনা আৰু মাজুলীবাসীৰ ভৌগোলিক অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে সেই সময়তে এই বিভাগটোৰ পৃষ্ঠপোষকতাত ভয়ানক অনিয়ম দুৰ্নীতি সংঘটিত হৈছে।

ব্ৰহ্মপুত্ৰ নদীখনে বিগত এটা মাহ ধৰি অব্যাহত ৰখা শিহৰণকাৰী গৰা খহনীয়াত টুৰিবাৰীৰ পৰা বান্দেনা পৰ্যন্ত বিস্তৰ ভূখণ্ড নদীৰ গৰ্ভত জাহ গৈছে। জলসম্পদ বিভাগৰ অদূৰদৰ্শিতা আৰু বিধায়ক নৱ দলেৰ মৌন ভূমিকাৰ বাবে শেহতীয়াভাৱে ৬নং বান্দেনা স্পাৰৰ বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়।তাৰোপৰি স্পাৰটোৰ উজনি অংশত গ্ৰহণ কৰা প্ৰায় ১০কোটিৰ ১৫খন পাৰকুপাই স্ক্ৰীন আঁচনিও উচন যায়।সম্প্রতি সমগ্ৰ স্পাৰটোলৈ বিপদ নমাই অনা এই খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগে ভয়াবহ লুণ্ঠনৰ ফন্দি আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সংগৃহীত তথ্য মতে পূৰ্বে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় ঠিকাদাৰ অশোক কুমাৰ আগৰৱালাই যোগান ধৰা বৃহৎ সংখ্যক ক্ৰুটিপূৰ্ণ,নিম্ন মানৰ,ভগা চিগা উৱঁলি যোৱা পাৰকুপাইন ব্যৱহাৰ কৰি খহনীয়া প্ৰতিৰোধত নামিছে জলসম্পদ বিভাগ। ৬নং বান্দেনা স্পাৰৰ দাঁতিত ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ ইতিপূৰ্বে বৰ্জিত প্ৰত্যাখিত এনেবোৰ বৃহৎ পৰিমাণৰ পাৰকুপাইন মজুত কৰি ৰখা হৈছিল।পৰৱৰ্তী সময়ত এইবোৰ একালত বৰ্জিত পাৰকুপাইনকে উৎকৃষ্টতাৰ স্বীকৃতি দি দায়িত্বহীনভাৱে স্পৰ্শকাতৰ খহনীয়াগ্ৰস্ত অংশত ব্যৱহাৰ কৰি আছে।

ঢকুৱাখনা জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ এই ভয়াৱহ সমস্যাটো লৈ এনেদৰে হেতালি খেলাই নহয় লুণ্ঠনৰো নির্লজ ফন্দি পতাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। খৰালি নাকত তেল দি শুই বাৰিষাহে নিদ্ৰা ভগা বিভাগীয় অকমন্য এছ ডি অ লক্ষী নাথ ফুকন আৰু শাখা বিষয়াৰ নেতৃত্বত এই স্পাৰটোত সংঘটিত এনে নির্লজ তৎপৰতা দেখি স্তম্ভিত মিচিং জাতীয় সংগঠনৰ লগতে নদীপৰিয়া। খহনীয়া ৰোধক গৌণ কৰি লুণ্ঠনকহে মুখ্য উদ্দেশ্য কৰি তৎপৰতা প্ৰদৰ্শন কৰা ঢকুৱাখনা জলসম্পদ বিভাগৰ এনে দৃষ্টিকটু স্বাৰ্থপৰ তৎপৰতা দেখি জানি শুনিও ৰহস্যজনক ভাৱে মুকবধিৰৰ ভূমিকা পালিছে বিধায়ক নৱ দলেয়ে।

অতি পালমৰা নীতি আৰু দায়িত্বহীন ভাবে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে নিম্নমানৰ, ব্যৱহাৰ অযোগ্য পাৰকুপাইন ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিক্ষেপ কৰি আৰম্ভ কৰা এই দুষ্কাৰ্যৰ চকু দিবলৈ খহনীয়া গ্ৰস্ত এলেকাত উপস্থিত নহয় কোনো শীর্ষ বিষয়া।ফলত এনেদৰে ফটা,ভগা,নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে অচিৰেই স্পাৰটোৰ সন্মুখ ভাগ উচন যোৱাৰ লগতে বিস্তৰ এলেকা নদীৰ বুকুত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই নিজে আহি খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰাৰ পাছতো কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধ নোহোৱা এই জটিল সমস্যাকলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদেও উদাসীন স্থিতি গ্ৰহণ কৰিছে। এই স্পৰ্শকাতৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে পৰমানন্দ চায়েঙিয়া নেতৃত্বাধীন পৰিষদখনে উপযুক্ত সময়ত পুঁজি আবন্টন নিদি গ্ৰহণ কৰা অবিবেচকী নীতিৰ বাবে খহনীয়াই এতিয়া ভয়াৱহ সমস্যা ৰূপে আত্মপ্ৰকাশ কৰিছে।

এহাতে বিধায়কৰ অকমন্য স্থিতি আৰু অন্যহাতে বিভাগৰ পৃষ্ঠপোষকতাত বৰ্জিত প্ৰতিৰোধ সামগ্ৰী ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত উৎকৃষ্টতাৰ প্ৰমাণ দি লুণ্ঠনৰ জাল পতা জনস্বাৰ্থ পৰিপন্থী পদক্ষেপত অতিষ্ঠ নদীপৰিয়া।ৰাইজ আৰু মিচিং জাতীয় সংগঠন সমূহৰ দাবী সময় থাকোতেই ৰাজ্য চৰকাৰ আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদে খহনীয়া ৰোধৰ ক্ষীপ্ৰ কার্যব্যৱস্থা গ্ৰহণ কৰক। জটিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰিষদ আৰু জলসম্পদ বিভাগে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰক। অন্যথা এক জটিল আৰু অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰো আশংকা নুই কৰিব নোৱাৰি।

ঢকুৱাখনাত কাৰ কৃপাত ৰিজেক্ট পাৰকুপাইন হ'ল পাৰফেক্ট !
গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০তম বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in