গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০তম বৈঠক

গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০তম বৈঠক

ডিজিটেল সংবাদ,গুৱাহাটীঃ দেওবাৰে গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০তম বৈঠকখন অনুষ্ঠিত হয়। অসমৰ প্ৰাক্তন অতিৰিক্ত শিক্ষা সঞ্চালক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব ড. অসমী গগৈৰ স্বামী প্ৰয়াত খগেন গগৈৰ স্মৃতিত তেখেতৰ আমন্ত্ৰণ মৰ্মে তেখেতৰ বিৰুবাৰীস্থিত বাসভৱনত সু-সাহিত্যিক আৰু গুৱাহাটী আলোচনা চক্ৰৰ সভাপতি শ্ৰীকনক চন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয়।

শ্ৰীদুৰ্গামণি বৰগোহাঁইৰ মঙ্গলা চৰণনেৰে আৰম্ভ হোৱা সভাত বিগত বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰে সম্পাদক শ্ৰীদিলীপ বৰুৱায়। সভাত কবিতা পাঠ কৰে শ্ৰী ভৱেশ চন্দ্ৰ দত্ত, শ্ৰীমদন চন্দ্ৰ মেধি, শ্ৰীনিৰ্মল ৰাজবংশী, শ্ৰীইলা গোস্বামী ৰাজবংশী, শ্ৰীবিজয়া দেৱ দাস, শ্ৰী অঞ্জলিকা গোস্বামী চৌধুৰী, ডঃবৈজয়ন্তী গোস্বামী, শ্ৰীদিলীপ বৰুৱা, ডাঃঅপূৰ্ব ভট্টাচাৰ্য, ডঃ অসমী গগৈ, শ্ৰীৰমিছা বেগম, শ্ৰীৰেণু দত্ত ফুকন, শ্ৰীদুৰ্গামণি বৰগোহাঁই আৰু শ্ৰীসৌৰভ কুমাৰ বৰকাকতিয়ে।

অসমীয়া বানানৰ শুদ্ধতাৰ ওপৰত প্ৰৱন্ধ পাঠ কৰে শ্ৰীপ্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যই আৰু এটি বাক্যত লিখা গল্প পাঠ কৰে শ্ৰীসুৰেণ গোস্বামীয়ে। সভাপতি শ্ৰীকনক চন্দ্ৰ শৰ্মাই 'অসমীয়া কবিতাত বসন্ত' শীৰ্ষক প্ৰৱন্ধ পাঠ কৰে আৰু অৱসৰী আয়ুক্ত-সচিব শ্ৰীঅঞ্জন শৰ্মাই ডঃ অৱনী কুমাৰ ভাগৱতী ৰচিত 'ঘৰখন সৰু হ'ল' কবিতাটি আবৃত্তি কৰে।গীত পৰিবেশন কৰি সকলোকে মনোৰঞ্জন দিয়ে শ্ৰীপূৰৱী তালুকদাৰ, শ্ৰীৰেণু দত্ত ফুকন আৰু শ্ৰীদুৰ্গামণি বৰগোহাঁইয়ে ।

বিশিষ্ট অতিথিৰ ভাষণ দিয়ে অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ সভানেত্ৰী শ্ৰীমৃণালিনী দেৱী, অসম লেখিকা সংস্থাৰ সভানেত্ৰী শ্ৰীমৃদুলা শৰ্মা আৰু বিশিষ্ট গ্ৰন্থকাৰ শ্ৰীচফিউৰ ৰহমান শইকীয়াই।

গুৱাহাটী আলোচনা চক্ৰৰ ৮৩০তম বৈঠক
নুনমাটিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in