ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত আতংকিত নৈপৰীয়া

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত আতংকিত নৈপৰীয়া

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ভয়ংকৰ গৰা খহনীয়াৰ কৰাল গ্ৰাসত নিমৰ্জিত হৈছে ঢকুৱাখনা-মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰী। বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰা খহনীয়াই মথাউৰীটোৰ মাতমৰা, মিচিং বালি, জাঁজী গাঁও অংশত শিহৰণকাৰী খহনীয়াৰ ত্ৰাস চলাই নদীপৰীয়াৰ জনজীৱন বিপর্যময় কৰি তুলিছে। ঢকুৱাখনা জলসম্পদ বিভাগে অহৰ্নিশে খহনীয়া ৰোধৰ চেষ্টা চলাই যোৱাৰ পাছতো ব্ৰহ্মপুত্ৰৰ আগ্ৰাসনক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।

ইতিমধ্যে বিস্তৰ এলেকা ব্ৰহ্মপুত্ৰৰ গৰ্ভত বিলীন হোৱা বুলি ভুক্তভোগী নদীপৰীয়া ৰাইজে অভিযোগ উত্থাপন কৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ সময়ত এই খহনীয়াৰ তীব্রতা বৃদ্ধি পোৱা বুলি নদীপৰিয়াই জানিবলৈ দি এনে ভয়ংকৰ আগ্ৰাসন ৰোধ নকৰিলে অচিৰেই মহাসংকট নামি আহিব বুলি ৰাইজে আশংকা ব্যক্ত কৰে। ৰাইজে ঢকুৱাখনা জলসম্পদ বিভাগক অধিক সক্ৰিয় হৈ খহনীয়া প্ৰতিৰোধ অভিযান চলাই নগ'লে অনাগত সময়ত মাতমৰা, মিচিং বালি আৰু জাঁজী গাঁও অংশৰ ভৌগলিক অস্তিত্ব বিপন্ন হ'ব বুলি মত ব্যক্ত কৰে।

সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাৰ বাবে খহনীয়া তীব্ৰতা সামান্য স্তব্ধ হোৱা দেখা গ'ল যদিও জলসম্পদ বিভাগৰ সূক্ষ্ম পৰ্যবেক্ষণত থকা এই ভয়াৱহ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা বৰ্তমানতকৈ অধিক তৰান্বিত কৰাৰ প্ৰয়োজনীয়তাই দেখা দিছে। অন্যথা অত্যাধুনিক মাতমৰা মথাউৰী আৰু লোকনিৰ্মান পথলৈ চূড়ান্ত ভাবুকি নামি অহাটো খাটাং।

ইপিনে শুকুৰবাৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাই ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ বিষয়াৰ সহযোগত খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে গ্ৰহণ কৰা আঁচনি আৰু মজুত ৰখা খহনীয়া প্ৰতিৰোধক সামগ্ৰীৰ পৰিদৰ্শন কৰি যিকোনো প্ৰকাৰে এই স্পৰ্শকাতৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ বিভাগক নিৰ্দেশ দিয়ে ।

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত আতংকিত নৈপৰীয়া
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ গোর্খালি বান্ধ সুৰক্ষাত নামিল জলসম্পদ বিভাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in