বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপঃ নাৱেৰে ভোট ল'বলৈ নিৰ্বাচনী বিষয়া

বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপঃ নাৱেৰে ভোট ল'বলৈ নিৰ্বাচনী বিষয়া

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ স্বাধীনতাৰ অমৃত কালৰ উন্নয়নৰ আচঁনিয়ে স্পৰ্শ কৰিব নোৱাৰা এখন গাঁও। গাঁওখনৰ লোকক স্বাধীন দেশৰ নাগৰিক হিচাপে গণ্য নকৰে সাংসদ- বিধায়কে। অথচ এইখন গাঁৱৰ প্ৰতিগৰাকী নাগৰিকে প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। লখিমপুৰ লোকসভা সমষ্টি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন চেলাজান কছাৰী গাঁও। ঐতিহাসিক গৰখীয়া দলৰ ঐতিহ্যৰে মহিমামণ্ডিত এইখন গাঁও চূড়ান্তভাৱে অৱহেলিত।

শুকুৰবাৰে চেলাজান কছাৰী গাঁৱলৈ ভোট গ্ৰহণৰ বাবে আহে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল। অৱহেলাৰ নমুনাস্বৰূপ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা লঘু বাহন তথা খোজ কাঢ়ি আৰু নৌকাত উঠি ভোট গ্ৰহণৰ বাবে আহে নিৰ্বাচনী বিষয়াৰ দল। গাঁওখনৰ ৭৪ নম্বৰ চেলাজান কছাৰী ভোট কেন্দ্ৰলৈ ভোট গ্ৰহণৰ বাবে আহি এনে অথন্তৰৰ সন্মুখীন হ'ব লগীয়া হয় নিৰ্বাচনী বিষয়াৰ দলটোৰ। মুঠ ৩৭৫ গৰাকী ভোটাৰ থকা বিশিষ্ট কেন্দ্ৰটোলৈ টুলুঙা নাৱেৰে ভোটিং মেচিন, নির্বাচনী সামগ্ৰী জোৰা টাপলি মাৰি কঢ়িয়াবলগীয়া হোৱাত কৰ্মচাৰীসকল জটিল সমস্যাৰ সন্মুখীন হৈছে ।

বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপঃ নাৱেৰে ভোট ল'বলৈ নিৰ্বাচনী বিষয়া
অসমৰ তৰুণ ক্ৰিকেটাৰক কুমাৰ চাংগাকাৰে দিব টিপছঃ ৰাজস্থান ৰয়েলছৰ বিশেষ পদক্ষেপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in