ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। ১৯৯৮ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে শৈক্ষিক কক্ষপথত গৌৰৱপূৰ্ণ ২৫ টা বছৰত পদাৰ্পন কৰিছে । এই সোণসেৰীয়া স্মৃতি ৰোমন্থনৰ লক্ষ্যৰে যোৱা ৬ অক্টোবৰৰ পৰা চলিছে ৰূপালী জয়ন্তী উৎসৱ। দেওবাৰে এই উৎসৱৰ অন্তিম দিনৰ অন্তিম কাৰ্যসূচী মুকলি সভা অনুষ্ঠিত হয় প্ৰশিক্ষাৰ্থীসকলৰ এটা শ্ৰুতিমধুৰ বৃন্দগানেৰে । ইয়াৰ পাছতে মুকলি সভা উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাই।

Advertisment

উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডঃ ৰুক্ম গোঁহাই বৰুৱা, মুখ্য অতিথি অতিথি হিচাবে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ ৰূপম শইকীয়া, ঘিলামৰা নৰ্থ বেঙ্ক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়া, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক যুক্তি ৰত্ন শইকীয়া, বিশিষ্ট অতিথি হিচাবে সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলে আদিয়ে।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাৰ অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে । ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ বৰা আৰু শিক্ষাসদীৰ উপস্থিতিত বাহিৰ হোৱা মহাবিদ্যালয় পৰিয়ালৰ অংশগ্ৰহণেৰে বাহিৰ হোৱা বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰাই দৰ্শক ৰাইজক সন্মোহিত কৰে।

Also Read: বিজয় ধ্বজা উৰুৱাই দেশলৈ উভতিব খেলুৱৈ

dhakuakhana