দেৱলীনাৰ হত্যাকাণ্ডৰ ঘাটক স্বামীক দোষমুক্ত কৰাৰ চক্ৰান্তঃ ক্ষুব্ধ মহিলা সমিতি

দেৱলীনাৰ হত্যাকাণ্ডৰ ঘাটক স্বামীক দোষমুক্ত কৰাৰ চক্ৰান্তঃ ক্ষুব্ধ মহিলা সমিতি

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম কপোৱা ঢকুৱাখনাৰ দেৱলীনা সোণোৱালৰ নিৰ্মম হত্যাকাণ্ডৰ তদন্তৰ নিৰপেক্ষতাকলৈ শংকিত ন্যায়কামী । নাবালিকা বোৱাৰী গৰাকীক যৌতুক বিচাৰি অকথ্য নিৰ্মম শাৰীৰিক নিৰ্যাতন চলাই ঘাটক স্বামী পৱন বৰুৱাই হত্যা কৰা ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ তদন্তকাৰী আৰক্ষী আৰু এটা অশুভ চক্ৰই চলাইছে গোপন চক্ৰান্ত।

মৃতকৰ পৰিয়াল আৰু ঢকুৱাখনা মহকুমা মহিলা সমিতি, সোনাৰী চাপৰি, কেঁকুৰী কছাৰী গাঁও মহিলা সমাজে এই সম্ভেদ লাভ কৰি এনে নিকৃষ্ট ফন্দিক গৰিহণা দি পুনৰ সোচ্চাৰ হৈ উঠিছে। দেৱলীনাৰ হত্যাই অন্তিম হত্যা হোৱাৰ দাবীত পত্নীহন্তা স্বামী পৱন বৰুৱাক কঠোৰতম আইনগত শাস্তি বিহাৰ দাবীত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ন্যায়কামী মহিলা সমাজে। এনে অমানৱীয় চক্ৰান্তৰ বিৰুদ্ধে সোমবাৰে ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে।

ঢকুৱাখনা মহকুমা মহিলা সমিতি আৰু সোনাৰী চাপৰি ,কেঁকুৰী কছাৰী মহিলা সমিতিৰ ডেৰকুৰি মহিলা সোমবাৰে দুপৰীয়া থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে উক্ত দাবী পত্ৰ প্ৰেৰণ কৰে। বয়স্ক মহিলা নেত্ৰী মঞ্জু গগৈ , সোনাৰী চাপৰিৰ মহিলা নেত্ৰী অনু দিহিঙীয়া , নলিনী বুঢ়াগোহাঁই, ইৰাণী দত্ত, ইলি বৰুৱা ,ইনামণি বৰুৱা ,পল্লৱী দাস আদিৰ নেতৃত্বত অহা আৰক্ষীৰ তদন্তৰ নিৰপেক্ষতাকলৈ ক্ষুণ্ণ ন্যায়কামী মহিলাসকলে এই গোচৰৰ তদন্ত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক নটৰাজনৰ তত্বাৱধানত হোৱাৰ দাবী জনায়।

ইয়াৰোপৰি অহা ৩০মে'ত দেৱলীনা সোনোৱালৰ পুন্যাত্মাৰ সদগতি কামনাৰে আদ্যশ্ৰাদ্ধ ভাগি ৰাজহুৱাভাৱে দিন জোৰাকৈ সোনাৰী চাপৰি চাৰিআলিত  অনুষ্ঠিত কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মহিলাসকলে । সোনাৰী চাপৰি আঞ্চলিক কৃষ্টি ভৱন প্ৰাঙ্গনত মাংগলিক কৰ্মেৰে দিনজোৰা কাৰ্যসূচীৰে  শ্ৰাদ্ধ ভাগ অনুষ্ঠিত কৰাৰ পৰৱৰ্তী সময়ত পুনৰ এক ব্যাপক  গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মহিলা সকলে জানিবলৈ দিয়ে।

দেৱলীনাৰ হত্যাকাণ্ডৰ ঘাটক স্বামীক দোষমুক্ত কৰাৰ চক্ৰান্তঃ ক্ষুব্ধ মহিলা সমিতি
নিৰ্বাচনৰ পিছত EDৰ প্ৰশ্নত মোডীৰ কি হ'ব উত্তৰ? ক'লে ৰাহুল গান্ধীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in