স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্ত ল'লে দেৱলীনা সোণোৱালে!

dangor khabar
dangor khabar

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ দাবীকৃত ৫ লাখ টকা আদায় নিদিয়াৰ বাবেই ঢকুৱাখনাৰ এগৰাকী নববিবাহিতা বোৱাৰীক কৌশলেৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি ঢকুৱাখনাত প্ৰবল উত্তেজনাই বিৰাজ কৰিছে।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়নপুৰ চাপৰি গাঁওৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কছাৰী গাঁৱৰ প্ৰদীপ সোনোৱালৰ ১৮বছৰীয়া কন্যা দেৱলীনা সোণোৱাল। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্ৰীগৰাকীক প্ৰেমৰ জালত বন্দী কৰি পৱন বৰুৱাই পলুৱাই প্ৰায় ৩মাহ মানৰ পূৰ্বে বিয়া কৰাইছিল ।

প্ৰায় ১৮ বছৰীয়া কন্যা দেৱলীনাক কৌশলেৰে বিয়া পাতি নিয়াৰ কিছুদিনৰ পাছৰে পৰা কিশোৰী বোৱাৰীগৰাকীৰ ওপৰত অবৰ্ণনীয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা আৰম্ভ কৰে। যি কথা ইতিপূৰ্বে নিৰ্যাতিত কিশোৰী কন্যাই পৰিয়ালক অৱগত কৰিছিল। নগদ ধন, যৌতুক আৰু ঘৰত ব্যৱহার্য সামগ্ৰী বিচাৰি অকথ্য নিৰ্যাতন চলোৱাৰ পৰৱৰ্তী সময়ত পৱন বৰুৱাই পত্নীক মাতৃৰ গৃহলৈ যাবলৈ বাধ্য কৰাইছিল।

এনেদৰে দুৰ্বিসহ জীৱন কটোৱাৰ পাছত মঙলবাৰে বিয়লি সংঘটিত হয় চূড়ান্ত ঘটনা। ঘৰত কোনো নথকা অৱস্থাত দেৱলীনা সোণোৱালৰ মৃতদেহ উদ্ধাৰ হয়। জানিব পৰা মতে বোৱাৰীগৰাকীযে আত্মহনন কৰে স্বামী গৃহত। ঘৰত কোনো নথকা অৱস্থাত বোৱাৰী গৰাকীয়েআত্মহত্যা কৰে বুলি প্ৰত্যক্ষদৰ্শী আত্মীয়ই পিতৃ পৰিয়ালক জানিবলৈ দিয়ে।

কিন্তু ৰহস্যজনকভাৱে বোৱাৰীগৰাকীৰ পিতৃ পৰিয়াল ঘটনা স্থলীত উপস্থিত হোৱাৰ সময়ত দেৱলীনাৰ মৃতদেহ ঘৰৰ মজিয়াত পৰি থকা অৱস্থাততহে দেখা পাই। আৰক্ষীৰ অনুপস্থিতিত বোৱাৰীগৰাকীক চিপ লোৱা অৱস্থাৰ পৰা নমাই দিলে সেয়াও সন্দেহৰ আৱৰ্তত। এই সন্দৰ্ভত পিতৃ পৰিয়ালে ঘটনাস্থলীলৈ যোৱাৰ পাছত এয়া বাস্তৱিকতে এটা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

দেৱলীনা সোণোৱালৰ মূৰৰ পৰা ভৰি পৰ্যন্ত অকথ্য শাৰীৰিক নিৰ্যাতনৰ স্পষ্ট চিন থকাৰ পাছত এই জঘন্য কাণ্ড স্বামী পবন বৰাই সংঘটিত কৰা বুলি দাবী কৰি ঢকুৱাখনা সদৰ থানাত পিতৃ প্ৰদীপ সোনোৱালে এখন এজাহাৰ দাখিল কৰে। পিতৃ সোণোৱালে সংবাদমাধ্যমৰ আগত জনোৱা মতে নৰ হত্যাকাৰী পৱন বৰাই কিছুদিন পূৰ্বে দেৱলীনাৰ মাতৃক ফোন কৰি নগদ ৫ লাখ টকা দাবী কৰিছিল। দাবী কৰা টকা নিদিয়াৰ বাবেই দেৱলীনাৰ মবাইল ভাঙি দিয়াৰ উপৰিও দেৱলীনাক প্ৰচণ্ড মাৰপিত কৰি খজুৱা তিনিআলিত এৰি থৈ গৈছিল বুলিও জানিবলৈ দিয়ে দুৰ্ভগীয়া পিতৃয়ে।

ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদ্বীপ গগৈয়ে এই সন্দৰ্ভত অভিযান চলাই ঘৰৰ সমীপৰ পৰা হত্যাকাৰী স্বামী পৱন বৰুৱাক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি পত্নীহন্তা পৱন বৰুৱা আৰু বোৱাৰীগৰাকীৰ নশ্বৰ দেহ ঢকুৱাখনা আৰক্ষীৰ জিম্মাত আছে।

dangor khabar
বিশ্বৰ কেইটামান অস্বাভাৱিক মন্দিৰৰ বিষয়ে জানো আহক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in