/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fa5c10c9-0846-49a0-8f21-5012b621d01d/AP_FOR_WEB_ntemple.jpg)
ডিজিটেল ডেস্কঃ মন্দিৰ হৈছে সৃষ্টিকৰ্তাজনৰ উপাসনাস্থলী। তেওঁক উপাসনা কৰিবলৈ নিৰ্দিষ্ট স্থানৰ প্ৰয়োজন নাই যদিও মানৱ জাতিয়ে এক উচ্চ স্থানত ৰাখিবৰ বাবে ধৰ্ম অনুযায়ী কিছুমান উপযুক্ত স্থান গঢ়ি তুলিছে। বিশ্বৰ সকলো ঠাইতে সকলো ধৰ্মৰে বহুতো মঠ-মন্দিৰ আছে। তাৰে কেইটামান অস্বাভাৱিক মন্দিৰৰ বিষয়ে জানো আহক–
পাঞ্জাৱৰ সুপ্ৰাচীন নগৰ অমৃতসৰত আছে শিখসকলৰ মুখ্য গুৰুদ্বাৰ আৰু তীৰ্থ স্বৰ্ণ মন্দিৰ। স্বৰ্ণ মন্দিৰ হৈছে ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ। স্বৰ্ণ মন্দিৰ এনে এটা মন্দিৰ য'ত সকলো জাতি সম্প্ৰদায়ৰ বাবে গঢ়ি তোলা হৈছে। স্বৰ্ণ মন্দিৰতে আছে শিখ ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থ হাতে লিখা গ্ৰন্থ চাহিব। মোগল সম্ৰাট আকবৰে ৰাম দাসক এটা পুখুৰীসমূহৰ এডোখৰ মাটি দান কৰিছিল। ৰাম দাসে এই পুখুৰীকে অমৃতসৰ নাম দি তাক এটা বৃহৎ সৰোবৰৰ ৰূপান্তৰিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5a47ba98-541c-4f4f-9dd9-a579f971f4bc/61820954.webp)
এই সৰোবৰৰ মাজতে ৰাম দাসৰ পুত্ৰ পঞ্চম শিখ গুৰু অৰ্জুনে অৰ্জুনদেৱে ১৬০১ চনত হিন্দু আৰু মুছলমান স্থাপত্যৰ সমন্বয়ৰ এটা মন্দিৰ নিৰ্মাণ কৰে। যাৰ নাম হৰিমন্দিৰ। ক্ৰমান্বয়ে অমৃতসৰ আৰু হৰিমন্দিৰ শিখসকলৰ পবিত্ৰ তীৰ্থভূমি গঢ়ি উঠে। ১৭৬১ চনত আফগানৰ আক্ৰমণত এই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয়। ১৭৬৪ চনত মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ লগতে ইয়াৰ তামৰ গম্বুজ আৰু চালখন ৪০০ কিলোগ্ৰাম সোণৰ পাটেৰে মেৰিয়াই দিয়ে। তেতিয়াৰ পৰাই মন্দিৰটো স্বৰ্ণমন্দিৰ হিচাপে জনাজাত হয়।
আৰুলমিগু শ্ৰী ৰাজাকলিয়াম্মান কাঁচ মন্দিৰ মালয়েছিয়াৰ জোহৰ বাহৰুৰ এটা হিন্দু মন্দিৰ। ই ৰাজ্যখনৰ অন্যতম পৰ্যটনস্থলী হিচাপেও খ্যাত। ২০১০চনৰ ১২মে'ত এই মন্দিৰটোক মালয়েছিয়ান বুক অৱ ৰেকৰ্ডছত দেশৰ প্ৰথম আৰু একমাত্ৰ মন্দিৰ হিচাপে তালিকাভুক্ত কৰা হয়। লগতে ই বিশ্বৰো প্ৰথম কাঁচৰ মন্দিৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0dc66e83-dbfd-472a-8385-bf87b68d774e/Em1PQu2XUAEMsRw.jpg)
ৰঙীন দাপোনৰ কলাত্মক ধাৰণাৰ ওপৰত ভিত্তি কৰি এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৯২২ চনত প্ৰতিষ্ঠা হোৱা এই মন্দিৰৰ ঐতিহাসিক মূল্য অতি উচ্চ আৰু অনন্য । মন্দিৰ ভাগৰ এটা অন্যতম বৈশিষ্ট্য হল ইয়াৰ ৯৫% দেৱাল, চিলিং আৰু খুটাবোৰ থাইলেণ্ড জাপান আৰু বেলজিয়ামৰ পৰা আমদানি কৰা ষ্টেইনড গ্লাছ আইনাৰে আবৃত।
বৰোবদোৰ হৈছে ইণ্ডোনেছিয়াৰ মধ্য জাভাত মাগেলাং চহৰ আৰু মুন্টিলান চহৰৰ পৰা অলপ দূৰৈত থকা নৱম শতিকাৰ মহায়ানা বুদ্ধ মন্দিৰ। ই বিশ্বৰ আটাইতকৈ ডাঙৰ মন্দিৰ লগতে দক্ষিণ পূব এছিয়াৰ অন্যতম মহান প্ৰত্নতাত্ত্বিক স্থান হিচাপে স্বীকৃত লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d5567ace-3003-4485-9cac-c66275534ec1/8c6557cc-ac55-4a06-8881-acda539f8fec_994b7d46.webp)
ইয়াক তিনিটা স্তৰত নিৰ্মাণ কৰা হৈছিল-পাঁচটা সমকেন্দিক বৰ্গক্ষেত্ৰৰ টেৰেচ থকা পিৰামিডৰ দৰে, তিনিটা বৃত্তাকাৰ মঞ্চ থকা শঙ্কুৰ আৰু ওপৰত এটা কীৰ্তিস্তম্ভ স্তপ। দেৱাল আৰু বেলুস্টেডবোৰ মিহি নিম্ন বিলিফেৰে সজাই তোলা হৈছে যাৰ মূল পৃষ্ঠভাগ ২৫০০ মিটাৰ বৰ্গফুট। বৃত্তাকাৰ মঞ্চসমূহৰ চাৰিওফালে ৭২টা মুকলি স্তপ আছে। প্ৰতিটোতে বুদ্ধৰ মূৰ্তি আছে। ১৯৭০ চনত ইউনেস্কোৰ সহায়ত এই মূৰ্তিকেইটা পুনৰ নিৰ্মাণ কৰা হৈছিল।
প্ৰকৃতিৰ নিয়মক অৱজ্ঞা কৰি মানুহে কি কৰিব পাৰে, তাৰে এটা নিদৰ্শন হৈছে চীনৰ ছানচি প্ৰদেশৰ ডাটং চহৰৰ হুন্যুয়ান কাউন্টিৰ মাউন্ট হেঙত থকা হেংছান হেং গিং মন্দিৰ। এটা শিল কাটি কাটি এই মন্দিৰ নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/11248b6b-5214-4496-b00c-f03ee6f73dee/f17ae6996c661fa22a4ec18e632f19e6.avif)
উল্লেখযোগ্য যে ১৫০০ বছৰতকৈও অধিক পূৰ্বে নিৰ্মিত এই মন্দিৰ তিনিটা ধৰ্ম অৰ্থাৎ বৌদ্ধ ধৰ্ম, তাও ধৰ্ম আৰু কনুফুচিয়াছবাদসকলৰ সমন্বয় ক্ষেত্ৰ। লিয়াও ৰাণ নামৰ এজন ব্যক্তিয়ে মন্দিৰৰ সমগ্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এই মন্দিৰ ভাগ কেৱল ধৰ্মৰ প্ৰতীক নহয়, ই চীনৰ সামন্তবাদী সমাজৰ সংস্কৃতিকো প্ৰতিনিধিত্ব কৰে।
বিশ্বৰ আন এটা ঐশ্বৰ্যকৰ মন্দিৰ হৈছে স্তম্ভেশ্বৰ মহাদেৱ মন্দিৰ। এই মন্দিৰটো হৈছে ১৫০বছৰ পুৰণি শিৱৰ উপাসনাস্থলী। এই মন্দিৰটো গুজৰাটত অৱস্থিত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/86f3b8ae-b890-4763-8bef-422cf1d3f490/Stambheshwar Mahadev Temple.jpg)
এই মন্দিৰটোৰ এক বিশেষত্ব আছে। মন্দিৰটো সমুদ্ৰপৃষ্ঠৰ উচ্চ জোৱাৰৰ ফলত পানীত ডুব যায় আৰু ঢৌ কমি গ'লে ই পুনৰ আৰ্বিভাৱ হয়। দিনটোত দুবাৰকৈ এই মন্দিৰভাগ অদৃশ্য হৈ পৰে। ১৮ টা হিন্দু পুৰাণৰ ভিতৰত অন্যতম স্কন্ধ পুৰাণত এই মন্দিৰৰ বিষয়ে উল্লেখ আছে।
Also Read: বিশ্বৰ কেইখনমান ৰহস্যময়ী ঠাই...