ঢকুৱাখনাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ঢকুৱাখনাত চাৰিকঢ়িয়া নদীৰ পানী যুঁৱলীত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত চাৰিকঢ়িয়া নদীৰ পানী যুঁৱলীত শনিবাৰে এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়। প্ৰত্যক্ষদৰ্শী ৰাইজে শনিবাৰে পুৱা মৃতদেহতো প্ৰত্যক্ষ কৰি ঢকুৱাখনা সদৰ থানাত অৱগত কৰে।

Advertisment

ঢকুৱাখনা আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ  উপস্থিতিত চুৰতশাল প্ৰস্তুত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে  লখিমপুৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আৰক্ষীয়ে মৃতদেহটো কৈলাশ নাথ বুলি চিনাক্ত কৰিছে।

জানিব পৰা মতে, যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বালি গাঁওস্থিত নিজা বাসগৃহৰ পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন। কিছু দিন ধৰি প্ৰবল মানসিক অৱসাদত ভুগি ব্যক্তিজনে অত্যাধিক সুৰাপান কৰি উক্ত দিনা ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ।

আৰক্ষী আৰু পৰিয়ালৰ অশেষ সন্ধানৰ অন্তত বিগত ৪ টা দিনৰ পাছত নদীৰ পানী যুঁৱলীৰ পৰা অৰ্ধগলিত অৱস্থাত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেহত কোনো আঘাতৰ চিহ্ন প্ৰত্যক্ষ নকৰা আৰু ডিঙিত এখন গামোচাৰ গাঁঠি প্ৰত্যক্ষ কৰি এয়া এক আত্মহত্যাৰ ঘটনা বুলি আশংকা কৰা হৈছে । ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।

Also Read: ৰাইডঙীয়াৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী মিত্ৰদেৱ মহন্তৰ দেহাৱসান

dhakuakhana