কাণসাৰ নিদিয়ে বিধায়ক-পঞ্চায়ত প্ৰতিনিধিয়ে: ঢকুৱাখনাত ৰাইজে নিৰ্মাণ কৰিলে পথ-দলং...

কাণসাৰ নিদিয়ে বিধায়ক-পঞ্চায়ত প্ৰতিনিধিয়ে: ঢকুৱাখনাত ৰাইজে নিৰ্মাণ কৰিলে পথ-দলং...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : কিমান দায়িত্বহীন আৰু অবিবেচক হ'লে প্ৰায় ৫খনৰ গাঁৱৰ সহস্ৰাধিক গঞা ৰাইজৰ উমৈহতীয়া মেৰুদণ্ড স্বৰূপ এটা পথ আৰু এখন দলং নিৰ্মাণৰ নামত যুগ যুগ ধৰি বঞ্চনা প্ৰতাৰণা কৰি আহিব পাৰে জনপ্ৰতিনিধিয়ে। সততে গ্ৰামাঞ্চলীয় নাগৰিকৰ উন্নয়ন বিকাশ কৰা বুলি ফটা ঢোল বজাই অহা ঢকুৱাখনা সমষ্টিৰ গেৰুৱা বিধায়ক নব দলে কিমান বেপৰোৱা হ'লে এখন বাঁহৰ দলং আৰু এটা পথ নিৰ্মানৰ বাবে চৰকাৰী আঁচনি গ্ৰহণ নকৰি জীয়া যন্ত্ৰণা ভোগাই আহিব পাৰে কৃষিজীৱী ৰাইজক? এই প্ৰশ্ন আমাৰ নহয়, এয়া এটা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ প্ৰশ্ন।

মৰনৈ পঞ্চায়তৰ কানিটেমা ঘাট আৰু এই ঘাট সংযোগী পথৰ বিপদ সংকুল অৱস্থাই ৰাইজে চৰকাৰক এই প্ৰশ্ন কৰাত বাধ্য কৰিছে। সমষ্টিটোৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ মৰনৈ গা‍ঁও, মৰনৈ চাপৰি, মাজ পাতৃচুক আৰু নামনি পাতৃচুক, নাগপুৰ, হাতীগড় আদি গাঁৱৰ ৰাইজৰ বৰ্হিজগতৰে সংযুক্ত একমাত্ৰ চমু গ্ৰাম্য পথ নাগপুৰ গাঁও, নলতলী চাকুলি আদি গাঁও সংযোগী পথ। অঞ্চলটোৰ চাকৰিজীৱী আৰু কৃষিজীৱী নাগৰিকৰ লগতে শিক্ষাৰ্থীসকলৰো দৈনিক যাতায়ত আৰু কৃষি কৰ্মথলীলৈ যাতায়তৰ অন্যতম ব্যস্ত পথটোৰ চামপৰা নদীৰ সুঁতিৰ এই কানি টেমা ঘাটৰ ওপৰত এখন স্থায়ী বা অস্থায়ী  দলং নিৰ্মাণৰ বাবে বৃহত্তৰ অঞ্চলবাসী ভুক্তভোগী ৰাইজে বাৰম্বাৰ পঞ্চায়ত সভাপতি অমিয়া চুতীয়া, আঞ্চলিক সদস্য হেমন্ত দাস, খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্ৰী ডেকা আৰু বিধায়ক নৱ দলেক অনুনয়-বিনয় কৰি আহিছিল।

মৰনৈ চাপৰি আৰু নাগপুৰ গাঁওবাসীৰ প্ৰতি অভিশাপ স্বৰূপ হৈ থিয় দিয়া এনেবোৰ ভণ্ড জনপ্ৰতিনিধিৰ বিষয়াৰ দায়িত্বহীনতা আৰু গুৰুত্বহীনতাৰে বাবে সীমাহীন যন্ত্ৰণা আৰু দুৰ্বিসহ কষ্ট স্বীকাৰ কৰি হাহাকাৰ কৰা ৰাইজে অৱশেষত এনেবোৰ স্বাৰ্থপৰ বিধায়ক, গ্ৰামোন্নয়ন বিষয়া, পঞ্চায়ত প্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাজহুৱা শ্ৰম দানেৰে এখন শক্তিশালী দলং নিৰ্মাণ কৰাৰ লগতে পথৰ বৃহৎ অংশ নিৰ্মান কৰাত মনোনিৱেশ কৰে। সমাগত বান বাৰিষা কালত এই পথেৰে যাতায়ত কৰাত ৰাইজৰ দুখ দুৰ্ভোগৰ সীমা অতিক্ৰম কৰাৰ পৰম্পৰা দূৰ কৰাৰ লক্ষ্যৰে মৰনৈ চাপৰি আৰু নাগপুৰ গাঁওবাসীয়ে ৰাজহুৱা শ্ৰম দান কৰি নিজৰ নিজৰ বনজ সম্পদ আগবঢ়াই আৰু গাঁঠিৰ সঞ্চিত পুঁজি প্ৰয়োগ কৰি অৱশেষত নিৰ্মাণ কৰি উলিয়ালে বাঁহৰ দলং।

দুচকীয়া আৰু লঘু যান বাহনৰ লগতে জৰুৰীকালীন ১০৮ সেৱা যাব পৰাকৈ নিৰ্মাণ কৰা এই প্ৰায় ১৫০ গজৰো অধিক দৈৰ্ঘৰ বাঁহৰ দলংখন নিৰ্মাণত গাঁৱখনৰ অৱসৰপ্ৰাপ্ত সেনা হেমচন্দ্ৰ ভৰালী আৰু দিগন্ত ভৰালীয়ে বিশেষ ভাবে নেতৃত্ব গ্ৰহণ কৰাৰ লগতে আৰ্থিক ভাবেও সহযোগিতা আগবঢ়াই ৰাইজৰ সহযোগিতাত দলংখন নিৰ্মাণ কৰি উলিয়াই ।ভুক্তভোগী ৰাইজে জনোৱা মতে খৰালি তৰাং বুকুৰে যাতায়ত সম্ভৱ যদিও বাৰিষা ভৰুণ বুকুৰে মৰণত শৰণ দি ৰাইজ, শিক্ষাৰ্থীসকল পাৰাপাৰ হ'ব লাগে ।

অতি বিপদ সংকুল এই যাত্ৰা সন্দৰ্ভত পঞ্চায়ত সভাপতি অমিয়া চুতীয়া, আঞ্চলিক সদস্য হেমন্ত দাস সকলোৰে জ্ঞাত যদিও এই দীৰ্ঘদিনীয়া জটিল সমস্যাৰ স্থায়ী কিম্বা অস্থায়ী সমাধানৰ প্ৰতি গুৰুত্ব নিদিলে জনপ্ৰতিনিধি সকলে। ৰাইজৰ দুখ দুৰ্গতি দেখিও ধৃতৰাষ্ট্ৰৰ ভূমিকা পালি যোৱা এনেবোৰ ভণ্ড নিষ্কর্মা জনপ্ৰতিনিধিলৈ বাট নাচায় ৰাইজে উৎকট গৰমকো নেওচি বিগত কেইবা দিন ধৰি হাতে কামে লাগি বৃহস্পতিবাৰে দলংখনৰ লগতে পথ অংশ সম্পূৰ্ণ ভাবে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয়।

মৰনৈ চাপৰি গাঁওবাসীৰ এই জলন্ত সমস্যাৰ সন্দৰ্ভত বিধায়ক নৱ দলেৰো জ্ঞাত হোৱাৰ পাছতো গ্ৰামোন্নয়ন অথবা অন্য চৰকাৰী আচঁনিৰে পথ আৰু দলংখন নিৰ্মাণত তিলমানো গুৰুত্ব নিদিয়াত ৰাইজৰ প্ৰচণ্ড ক্ষোভ। কেৱল ভোট বিচাৰি আহি ৰাইজৰ অভাৱ সমস্যাৰ প্ৰতি গদ গদ হোৱা এনেবোৰ ভণ্ড ৰাজনীতিকৰ দীৰ্ঘদিনীয়া বঞ্চনা প্ৰতাৰণাত অতিষ্ঠ কৃষিজীৱী গঞাই টঙালি বান্ধিছে উপযুক্ত সময়ত এসেকা দিয়াৰ ।

কাণসাৰ নিদিয়ে বিধায়ক-পঞ্চায়ত প্ৰতিনিধিয়ে: ঢকুৱাখনাত ৰাইজে নিৰ্মাণ কৰিলে পথ-দলং...
নগাঁৱত কম্বাইন হাৰ্ভেষ্টাৰৰ জড়িয়তে বৰো ধানৰ শস্য চপোৱা অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in