বিধায়ক নৱ দলেৰ "আধুনিক ঢকুৱাখনা" নিৰ্মাণৰ নমুনা

বিধায়ক নৱ দলেৰ "আধুনিক ঢকুৱাখনা নিৰ্মাণ"য়ে ঢুকি নাপাই গ্ৰামাঞ্চলকঃ এবুকু পানীত দলং নিৰ্মাণ স্থনীয়ৰ

author-image
Asomiya Pratidin
New Update
বিধায়ক নৱ দলেৰ "আধুনিক ঢকুৱাখনা" নিৰ্মাণৰ নমুনা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ মূল ৰাজপথ সমূহৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈছে ঠিকেই। পিছে গ্ৰাম্যাঞ্চলৰ পথৰ ক্ষেত্ৰত দেখা যায় সম্পূৰ্ণ এক বিপৰীত ছবি। বৰ্তমানেও ঢকুৱাখনা বিধানসভা সমষ্টিৰ বহু গ্ৰামাঞ্চলীয় পথ-দলঙৰ শোচনীয় অৱস্থাই বিধায়ক নৱ দলেৰ তথাকথিত উন্নয়ন বিকাশৰ উলংগ স্বৰূপ উন্মোচিত কৰি আহিছে। বিধায়ক দলেৰ "আধুনিক ঢকুৱাখনা নিৰ্মাণ"ৰ শ্লোগানে যে সমষ্টিটোৰ গ্ৰামাঞ্চলক তিলমানো স্পৰ্শ কৰিব পৰা নাই সেয়া ধ্ৰুৱ সত্য।

Advertisment

এনে এক ব্যস্ততাপূৰ্ণ গ্ৰাম্য পথ হ'ল ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ভলুকাজানৰ পৰা ইন্দুৰ গাঁও সংযোগী পথ। পূৱ ঢকুৱাখনা পঞ্চায়তৰ ভলুকাজান, যোগিসুঁতি, খজুৱা নেপালী, মাজ ইন্দুৰ, ভিতৰ যোগিসুঁতি আদি গাঁওবাসীৰ বৰ্হিঃ অঞ্চলেৰে সংযুক্ত একমাত্ৰ এই গ্ৰাম্য পথটোৰ নিৰ্মাণ আৰু ভলুকাজান অংশত এখন পকী দলং নিৰ্মাণৰ হেতু বহুবাৰ গঞাই বিধায়ক দলেক আবেদন জনাই আহিছিল। প্ৰধানকৈ ভলুকাজানৰ ওপৰত এখন দলং নোহোৱাৰ বাবে গঞা, ব্যৱসায়ী, শিক্ষক, শিক্ষাৰ্থীৰ লগতে ৰোগাক্ৰান্তৰ সুচল যাতায়তত প্ৰভূত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈ আহিছিল বহু বছৰ ধৰি। এই জটিল সমস্যাৰ সন্দৰ্ভত ভুক্তভোগী ৰাইজে বিধায়ক দলেক গাঁঠিৰ ধন ভাঙি অৱগত কৰিও বিমুখ হৈছিল।

লগতে দৃষ্টিগোচৰ কৰিছিল ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাঙ্গ দত্তক। কিন্তু ৰাইজৰ কৌটি কলীয়া এনে দুখ দুর্দশালৈ পিঠি দি অহা বিধায়ক আৰু খণ্ড উন্নয়ন বিষয়াজনৰ বেপৰোৱা ভূমিকাত অতিষ্ঠ হৈ দেওবাৰে এই কাম কৰিবলৈ ওলাই আহিল মিচিং জাতিয় সংগঠন । দেওবাৰে পুৱাই হাতে হাতে দা, কুঠাৰ, বাঁহ, ৰচীলৈ ভলুকাজান অংশত উপস্থিত হয় জাতিয় সংগঠন টাকাম মিচিং পৰিন কৌবাং আৰু মিচিং মিমাগ কৌবাংৰ পূব ঢকুৱাখনা আঞ্চলিক সমিতি।

জাতিয় সংগঠনৰ এম এম কেৰ প্ৰাক্তন সম্পাদক মোহন পেগু, ঢকুৱাখনা জিলা সমিতিৰ যুটীয়া সম্পাদক অমৃত দলে, টি এম পি কেৰ ঢকুৱাখনা জিলা সমিতিৰ যুটীয়া সম্পাদক মুকুল লাগাচু, চিত্ৰজিত দলে, দিম্পল দলে, আঞ্চলিক সমিতিৰ নেতা পদ্মেশ্বৰ পেগু, দামোদৰ মিচং, যতীন দলে, অমিয় পেগুৰ লগতে গৰিষ্ঠ সংখ্যক কৰ্মী আৰু ৰাইজৰ শ্ৰমদানেৰে এই ভলুকাজানৰ ওপৰত নিৰ্মাণ কৰি উলিয়ায় এখন অস্থায়ী বাঁহৰ দলং।

ভলুকাজানৰ এবুকু পানীত পৰি বাঁহৰ খুঁটা পুতি উৰে দিন শ্ৰম দান কৰি সংগঠনৰ কৰ্মী সকলৰ প্ৰচেষ্টাত যাতায়ত কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিয়াই বাঁহৰ দলংখন। সামাজিক দায়বদ্ধতাৰে এখন প্ৰগতিশীল সমাজ নিৰ্মাণৰ লক্ষ্যৰে মিচিং জাতিয় সংগঠনৰ উদ্যোগত আগবঢ়োৱা এনে শ্ৰমদানৰ আৰু অস্থায়ী দলং নিৰ্মাণ কাৰ্যৰ একেমুখে শলাগ লৈছে ভুক্তভোগী ৰাইজে।

Also Read: দেশত বৃদ্ধি পাইছে শিশু শ্ৰমিকঃ শিশু সৰবৰাহত প্ৰথম স্থানত উত্তৰ প্ৰদেশ

dhakuakhana naba doley